ETV Bharat / sports

লক্ ডাউনৰ সময়ত নতুন কথা শিকাৰ পৰামৰ্শ লিয়েণ্ডাৰ পেজৰ - লিয়েণ্ডাৰ পেজৰ গুৰুত্বপূৰ্ণ পৰামৰ্শ

লক্ ডাউনৰ মাজতেই ভাৰতীয় টেনিছ তাৰকা লিয়েণ্ডাৰ পেজৰ গুৰুত্বপূৰ্ণ পৰামৰ্শ । লক্ ডাউনৰ সময়ক লৈ এক পৰামৰ্শ আগবঢ়াইছে খেলুৱৈগৰাকীয়ে ।

leander paes stresses on learning something new during lock down
leander paes stresses on learning something new during lock downleander paes stresses on learning something new during lock down
author img

By

Published : May 5, 2020, 12:22 PM IST

স্পৰ্টছ ডেস্ক, ৫ মে': ভাৰতীয় টেনিছ তাৰকা লিয়েণ্ডাৰ পেজৰ এক গুৰুত্বপূৰ্ণ পৰামৰ্শ । শেহতীয়াকৈ প্ৰশিক্ষকৰ বাবে অখিল ভাৰতীয় টেনিছ সংস্থা আৰু ভাৰতীয় ক্ৰীড়া প্ৰাধিকৰণৰ দ্বাৰা যুটীয়া ভাৱে আয়োজিত এক ৱেবিনাৰ কৰ্মশালাত লক্ ডাউনৰ সময়খিনিৰ মাজত নতুন কথা শিকাৰ ওপৰত মনোযোগ দিয়াৰ পৰামৰ্শ প্ৰদান কৰে খেলুৱৈগৰাকীয়ে ।

উল্লেখ্য যে, প্ৰায় এমাহতকৈ বেছি সময় অতিক্ৰম কৰিছে লক্ ডাউনে । এই সন্দৰ্ভতে এআইটিএৰ আনুষ্ঠানিক ৱেবচাইটত পেজক উদ্ধৃত কৰি উল্লেখ কৰা হৈছে যে, লক্ ডাউনৰ সময়ত আপুনি নতুন কিবা এটা শিকাটো অৱশ্যক । টেনিছৰ পৰা আঁতৰি থাকি সময়ৰ কেনেকৈ ব্যৱহাৰ কৰিছে তাৰ প্ৰশ্নৰ উত্তৰত পেজে এই কথা উল্লেখ কৰে ।

১৮ বাৰৰ গ্ৰেণ্ডশ্লাম বিজয়ী খেলুৱৈগৰাকীক ৪৬ বছৰ বয়সতো খেলিবৰ বাবে কিহে প্ৰেৰণা দিয়ে বুলিও প্ৰশ্ন কৰা হৈছিল । এই সন্দৰ্ভত পেজে কয়, মই টেনিছৰ সৈতে জড়িত আৰু সেই সম্বন্ধে মই তাৰ আনন্দ উপভোগ কৰি আছো । বহু দশক ধৰি যি সম্পৰ্ক চলি আহিছে সেইটো মোৰ বাবে বিশেষ ।

পেজে আৰ.কে খান্না আৰু অনিল খান্নাৰ বিষয়েও মন্তব্য় কৰে । তেওঁ কয়, যেতিয়া তেওঁ টেনিছ খেলা আৰম্ভ কৰিছিল, আৰ.কে.খান্না এআইটিএৰ অধ্য়ক্ষ আছিল । তেওঁৰ অবিহনে আজি য'ত আছো, সেইয়া সম্ভৱ নহ'ল হেতেন । ১৪-১৫ বছৰ বয়সত যেতিয়া জুনিয়ৰ্ছত আছিলো যথেষ্ট সহায় কৰিছিল আৰ.কে খান্নাই । আইটিএফত আহাৰ বাবেও তেওঁ মোক সহায়ক কৰিছিল । সেই সময়ত মোৰ পৰিয়ালে আন্তঃৰাষ্ট্ৰীয় টেনিছৰ সেই খৰচ বহন কৰিব পৰা নাছিল । তাৰ পাচত অনিল খান্নাই মোৰ দায়িত্ব গ্ৰহণ কৰিছিল বুলি উল্লেখ কৰে খেলুৱৈগৰাকীয়ে ।

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.