স্পৰ্টছ ডেস্ক, 6 জুনঃ ভাৰতীয় টেনিছ জগতৰ এগৰাকী খ্যাতি সম্পন্ন খেলুৱৈ হৈছে লিয়েণ্ডাৰ পেজ । লিয়েণ্ডাৰ পেজে নিজৰ টেনিছ কেৰিয়াৰত বৰ্তমানলৈকে অংশগ্ৰহণ কৰিছে 97 খন গ্ৰেণ্ডশ্লাম প্ৰতিযোগিতাত । এতিয়া শতক অৰ্জন কৰিবলৈ কেৱল তিনিখন গ্ৰেণ্ডশ্লাম প্ৰতিযোগিতাত অংশগ্ৰহণ কৰাৰ প্ৰয়োজন খেলুৱৈগৰাকীৰ । কিন্তু কৰ'ণা ভাইৰাছৰ মহামাৰীয়ে খেলুৱৈগৰাকীৰ এই অভিলেখৰ সন্মুখত এতিয়া হেঙাৰ ৰূপে থিয় দিয়া পৰিলক্ষিত হৈছে ।
অৱশ্যে শেহতীয়াকৈ নিজৰ কেৰিয়াৰৰ সন্ন্যাসক লৈ এগৰাকী অনুৰাগীয়ে কৰা প্ৰশ্নৰ উত্তৰত খেলুৱৈগৰাকীয়ে এই উপলব্ধি লাভ কৰাৰ ইচ্ছা প্ৰকাশ কৰিছে । খেলুৱৈগৰাকীয়ে বৰ্তমানলৈকে নিজৰ টেনিছ কেৰিয়াৰত 18 খন কৈ গ্ৰেণ্ডশ্লাম খিতাপ জয় কৰিবলৈ সক্ষম হৈছে । এতিয়া টকিঅ' অলিম্পিকত অংশ লৈ নতুন অভিলেখ গঢ়াৰ ইচ্ছা প্ৰকাশ কৰিছে খেলুৱৈগৰাকীয়ে ।
খেলুৱৈগৰাকীয়ে ইয়াৰ পূৰ্বে 2020 বৰ্ষ তেওঁৰ কেৰিয়াৰ অন্তিম বৰ্ষ হোৱাৰ লগতে 8 বাৰৰ বাবে অলিম্পিকত অংশ গ্ৰহণ কৰি সন্ন্যাস ঘোষণা কৰাৰ কথা উল্লেখ কৰিছিল ।
খেলুৱৈগৰাকীয়ে টেবুল টেনিছ খেলুৱৈ মুদিত দানীৰ সৈতে হোৱা বাৰ্তালাপত অলিম্পিকলৈ বহু সময় আছে বুলি উল্লেখ কৰি জুলাই আগষ্ট লৈ টেনিছ টুৰ্ণামেণ্ট আৰম্ভ হোৱাৰ সম্ভাৱনা নাই বুলি প্ৰকাশ কৰাৰ লগতে অক্টোবৰ-নৱেম্বৰত পুনৰ অনুষ্ঠিত হোৱাৰ আশা প্ৰকাশ কৰিছে । ইপিনে লক্ ডাউন খোলাৰ পাচতেই 2021ত খেলা-নেখেলাৰ ওপৰত মূল্যাংকণ কৰিব বুলি কয় খেলুৱৈগৰাকীয়ে ।
তেওঁ লগতে কয়,মই 97 খন গ্ৰেণ্ডশ্লাম প্ৰতিযোগিতাত অংশ লৈছো। যদি আৰু তিনিখন প্ৰতিযোগিতাত অৱতীৰ্ণ হ'বলৈ সক্ষম হওঁ তেন্তে 100 খন সম্পূৰ্ণ কৰিব পাৰিম । এই কথা চিন্তা কৰি উৎসাহিত হৈ পৰো । আনহাতে 8 বাৰৰ বাবে অলিম্পিকত অংশগ্ৰহণ কৰিবলৈ ইচ্ছা আছে কাৰণ আটাইতকৈ বেছি অলিম্পিকত পদাৰ্পণ কৰাৰ শীৰ্ষত উপনীত থাকিব এজন ভাৰতীয় ।
উল্লেখ্য় যে, অহা 17 জুনত 47 বছৰ বয়সত ভৰি দিব খেলুৱৈগৰাকীয়ে ।