স্পৰ্টছ ডেস্ক, 21 ছেপ্তেম্বৰ : ৰাফেল নাডালৰ অনুৰাগীৰ বাবে দুঃখবৰ ৷ দেওবাৰে ইটালিয়ান অ’পেনৰ কোৱাৰ্টাৰ ফাইনেলৰ পৰা বাহিৰ হ’ল ৰাফেল নাডাল ৷
![ন’ভাক জ’ক’ভিজ](https://etvbharatimages.akamaized.net/etvbharat/prod-images/8883431_fff.jpg)
ডিয়াগ’শোৱাৰ্জমেনৰ হাতত পৰাস্ত হৈ প্ৰতিযোগিতাৰ পৰা বাহিৰ হ’বলগীয়া হয় খেলুৱৈগৰাকী ৷ মেচখনত 6-2 আৰু 7-5 ছেটত পৰাস্ত হয় বিশ্বৰ প্ৰাক্তন এক নম্বৰ খেলুৱৈগৰাকী ৷
এই প্ৰতিযোগিতাতেই 11 বাৰৰ বাবে ছেমি ফাইনেলত স্থান লাভ কৰিবলৈ সক্ষম হৈছে ন’ভাক জ’ক’ভিজে ৷ বিশ্বৰ 1 নম্বৰ খেলুৱৈগৰাকীয়ে কোৱাৰ্টাৰফাইনেলত ড’মিনিক ক’পফৰক 6-3, 4-6, 6-3 ব্যৱধানত পৰাস্ত কৰে ৷
![মেচ বিৱৰণ](https://etvbharatimages.akamaized.net/etvbharat/prod-images/8868698_another-year-same-story-.jpg)
লগতে চাওক-আইপিএল-13 : আশ্বিনৰ আঘাতকলৈ মন্তব্য অধিনায়ক শ্ৰেয়াছ আয়াৰৰ