ETV Bharat / sports

ভাৰতৰ টেনিছ জগতৰ পঞ্চতাৰকাৰ কিছু কথা..

ভাৰতৰ পাঁচগৰাকী টেনিছ তাৰকাৰ বিষয়ে জানো আহক আমাৰ এই বিশেষ প্ৰতিবেদনত । য'ত অন্তৰ্ভুক্ত আছে ৰামানাথন কৃষ্ণা,ছানিয়া মিৰ্জা,বিজয় অমৃতৰাজ,মহেশ ভুপতি,লিয়েণ্ডাৰ পেজৰ নাম ।

author img

By

Published : Apr 19, 2020, 12:28 PM IST

Updated : Apr 19, 2020, 1:04 PM IST

ভাৰতৰ টেনিছ জগতৰ পঞ্চতাৰকাৰ কিছু কথা..
ভাৰতৰ টেনিছ জগতৰ পঞ্চতাৰকাৰ কিছু কথা..

নিউজ ডেস্ক, ১৯ এপ্ৰিলঃ টেনিছ হৈছে এটা আন্তঃৰাষ্ট্ৰীয় প্ৰসিদ্ধ খেল । এক কথাত ক'ব গলে এইটো হৈছে এটা উচ্চ শ্ৰেণীৰ খেল । অৱশ্যে ভাৰতত এতিয়াও এই খেলৰ প্ৰতি ইমান এটা জনপ্ৰিয়তা দেখিবলৈ পোৱা নায়ায । কিন্তু ভাৰতৰ পৰাও আন্তঃৰাষ্ট্ৰীয় স্তৰত সুনাম লাভ কৰা বহু টেনিছ খেলুৱৈ আছে । এনে পাঁচগৰাকী টেনিছ খেলুৱৈৰ বিষয়ে জানো আহক-

ৰামানাথন কৃষ্ণাঃ টেনিছ জগতত সুনাম কঢ়িওৱা ভাৰতৰ পুৰুষ খেলুৱৈৰ ভিতৰত এক অন্যতম নাম হৈছে ৰামানাথন কৃষ্ণা । গ্ৰেণ্ডশ্লাম প্ৰতিযোগিতাৰ ছিংগলছৰ পুৰুষ শাখাৰ ছেমিফাইনেলত স্থান লাভ কৰা একমাত্ৰ ভাৰতীয় খেলুৱৈ হৈছে ৰামানাথন । আনহাতে দুবাৰকৈ উইম্বলডনৰ ছেমিফাইনেল (১৯৬০ আৰু ১৯৬১) খেলাৰো সৌভাগ্য লাভ কৰিবলৈ সক্ষম হৈছিল খেলুৱৈগৰাকী । ১৯৬২ চনত ফ্ৰেন্স অ'পেনৰ কোৱাৰ্টাৰফাইনেলৈ উত্তীৰ্ণ হৈছিল ৰামানাথন । ডেভিছ কাপতো ভাৰতৰ হৈ সফলতা অৰ্জন কৰিবলৈ সক্ষম হৈছে খেলুৱৈগৰাকী । ১৯৬৬ চনত ডেভিছ কাপৰ চেলেঞ্জ ৰাউণ্ডলৈ উত্তীৰ্ণ হোৱা দল গুৰুত্বপূৰ্ণ সদস্য আছিল ৰামানাথন । ১৯৫৬, ১৯৫৯, ১৯৬২, ১৯৬৩ আৰু ১৯৬৮ত পাঁচবাৰৰ বাবে ইণ্টাৰ-জ'নেল ফাইনেলত প্ৰৱেশ কৰিছিল দলটোৱে । ৰামানাথন একমাত্ৰ ভাৰতীয় খেলুৱৈ যি বিশ্ব ৰেংকিঙৰ ছিংগলছৰ শীৰ্ষ দশম স্থানলৈ অৱতীৰ্ণ হ'বলৈ সক্ষম হৈছে । ৰামানাথনক ১৯৬১ চনত অৰ্জুন পুৰস্কাৰ,১৬৬২ চনত পদ্মশ্ৰী আৰু ১৯৬৭ চনত পদ্মভূষণ দিয়া হৈছিল ।

ৰামানাথন কৃষ্ণাৰ কেৰিয়াৰ
ৰামানাথন কৃষ্ণাৰ কেৰিয়াৰ

ছানিয়া মিৰ্জাঃ ভাৰতীয় টেনিছ জগতৰ আন এগৰাকী তাৰকা হৈছে ছানিয়া মিৰ্জা । ছানিয়া মিৰ্জাই প্ৰথম অৱস্থাত নিজৰ কেৰিয়াৰ এগৰাকী ছিংগলছ খেলুৱৈ হিচাপে আৰম্ভ কৰিছিল যদিও ২০১৩ চনত ডাব্লছ খেলুৱৈলৈ ৰূপান্তৰ কৰে। এই সিদ্ধান্তই তেওঁক যথেষ্ট সফলতা দিবলৈ সক্ষম হয় । ছানিয়া বিশ্বৰ প্ৰাক্তন ১ নম্বৰ ডাবলছ খেলুৱৈৰ লগতে ৬ বাৰৰ গ্ৰেণ্ডশ্লাম বিজয়ী । ১৩ এপ্ৰিল ২০১৫ চনত বিশ্ব টেনিছৰ ১ নম্বৰ ডাবলছ খেলুৱৈৰ কৃতিত্ব লাভ কৰিবলৈ সক্ষম হৈছিল ছানিয়াই । ২০০৩ ৰ পৰা ২০১৩ ৰ মাজলৈ ছিংগলছ আৰু ডাবলছৰ ভাৰতৰ মহিলা ১ নম্বৰ টেনিছ খেলুৱৈ আছিল ছানিয়া । আন্তঃৰাষ্ট্ৰীয় স্তৰত ছিংগলছৰ সৰ্বত্তম ৰেংকিঙ হৈছে ২৭ । হায়দৰাবাদত জন্মগ্ৰহণ কৰা খেলুৱৈগৰাকীয়ে পাকিস্তানৰ ক্ৰিকেটাৰৰ সৈতে বিবাহ পাশত আবদ্ধ হোৱাৰ পাচতো ভাৰতৰ হৈ খেলা অব্যাহত ৰাখিছে ।

ছানিয়া মিৰ্জাৰ টেনিছ কেৰিয়াৰ
ছানিয়া মিৰ্জাৰ টেনিছ কেৰিয়াৰ

বিজয় অমৃতৰাজঃ ভাৰতৰ টেনিছ জগতৰ আন এজন সফল খেলুৱৈ হৈছে বিজয় অমৃতৰাজ । গ্ৰেণ্ডশ্লাম খিতাপ জয় কৰিবলৈ সক্ষম নহ'লেও বিশ্ব ৰেংকিঙত ১৬তম স্থানলৈ উত্তীৰ্ণ হ'বলৈ সক্ষম হৈছিল অমৃতৰাজে । ১৪ সংখ্য়ক এটিপি টৌৰ খিতাপ দখলৰ পাচতেই এই ৰেংকিঙ লাভ কৰিছিল খেলুৱৈগৰাকীয়ে । ইয়াৰ লগতে খেলুৱৈগৰাকীৰ নামত আছে ১৪ টা এটিপি টৌৰ ডাবলছৰো খিতাপ । ১৯৭৯ ত উইম্বলডনৰ পুৰুষৰ ডাবলছ শাখাৰ ছেমিফাইনেলত অৱতীৰ্ণ হৈছিল অমৃতৰাজ । ১৯৮৩ চনত পদ্মশ্ৰী সন্মানেৰে সন্মানিত কৰা হৈছিল খেলুৱৈগৰাকীক ।

বিজয় অমৃতৰাজৰ কেৰিয়াৰ
বিজয় অমৃতৰাজৰ কেৰিয়াৰ

মহেশ ভুপতিঃ ভাৰতীয় টেনিছ জগতৰ আন এটা প্ৰখ্যাত নাম হৈছে মহেশ ভূপতি । যেতিয়াই লিয়েণ্ডাৰ পেজৰ সফলতাৰ কথা কোৱা হয় তেতিয়া তেওঁৰ লগত নাম সন্নিৱিষ্ট হৈ থাকে মহেশ ভূপতিৰ । ভাৰতৰ আটাইতকৈ সফলতা অৰ্জন কৰা অন্যতম ডাবলছ খেলুৱৈৰ ভিতৰত আন এজন হৈছে মহেশ ভূপতি । ডাবলছত ভূপতিৰ নামত আছে ১২ টা গ্ৰেণ্ডশ্লাম খিতাপ । প্ৰথমখন ডাবলছৰ গ্ৰেণ্ডশ্লাম খিতাপ লাভ কৰিবলৈ সক্ষম হৈছিল ১৯৭৭ চনত অষ্ট্ৰেলিয়ান অ'পেনত । আনহাতে ১৯৯৯ চনৰ ২৬ এপ্ৰিলত বিশ্ব টেনিছৰ পুৰুষৰ ডাবলছৰ ১ নম্বৰ ৰেংকিঙত উপনীত হৈছিল মহেশ ভূপতি ।

মহেশ ভুপতিৰ টেনিছ কেৰিয়াৰ
মহেশ ভুপতিৰ টেনিছ কেৰিয়াৰ

লিয়েণ্ডাৰ পেজঃ ভাৰতৰ টেনিছ জগতৰ আন এজন প্ৰসিদ্ধ টেনিছ খেলুৱৈ হৈছে লিয়েণ্ডাৰ পেজ । ১৭ বছৰ বয়সত ডেভিছ কাপত অভিষেক ঘটিছিল খেলুৱৈগৰাকীৰ। পেজে নিজৰ টেনিছ কেৰিয়াৰত ১৮ টা ডাবলছৰ গ্ৰেণ্ডশ্লাম খিতাপ লাভ কৰাৰ লগতে অভিলেখ সংখ্য়ক ডেভিছ কাপৰ খিতাপ জয়ৰ কৃতিত্ব লাভ কৰিবলৈ সক্ষম হৈছে । আনহাতে ভাৰতক সাতবাৰৰ বাবে অলিম্পিকত প্ৰতিনিধিত্ব কৰিবলৈ সৌভাগ্য লাভ কৰিছিল পেজে । অলিম্পিকত পদক লাভ কৰা একমাত্ৰ টেনিছ খেলুৱৈ হৈছে পেজ । ১৯৯৬ চনৰ আটলান্টা অলিম্পিক গেমছত ব্ৰঞ্জ পদক লাভ কৰিবলৈ সক্ষম হৈছিল ভাৰতীয় খেলুৱৈগৰাকীয়ে । লিয়েণ্ডাৰক ভাৰতৰ হৈ দিয়া অৱদানৰ বাবে ১৯৯০ চনত অৰ্জুন বঁটা, ১৯৯৬-৯৭ চনত ৰাজীৱ গান্ধী খেল ৰত্ন বঁটা, ২০০১ চনত পদ্মশ্ৰী আৰু ২০১৪ চনত পদ্মভূষণ দিয়া হৈছিল ।

লিয়েণ্ডাৰ পেজৰ কেৰিয়াৰ

Last Updated : Apr 19, 2020, 1:04 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.