ETV Bharat / sports

ছিনছিনাটি অ’পেনঃ চেম্পিয়ন হ’ল ডেনিল মেদভেদেভ আৰু মেডিছন কেছ - ছিনছিনাটি অ’পেন

ডেনিল মেদভেদেভে বেলজিয়ামৰ প্ৰতিপক্ষ ডেভিদ গ'ফিনক আৰু মেডিছন কেছে ৰাছিয়ান প্ৰতিদ্বন্দী শ্বেটলানা কুজনেটছভাক পৰাস্ত কৰি ছিনছিনাটি অ’পেনৰ পুৰুষ আৰু মহিলাৰ খিতাপ দখল কৰে ৷

ছিনছিনাটি অ’পেনঃ চেম্পিয়ন হ’ল ডেনিল মেদভেদেভ আৰু মেডিছন কেছ
author img

By

Published : Aug 19, 2019, 2:56 PM IST

স্পৰ্টছ ডেস্ক, 19 আগষ্টঃ ছিনছিনাটি অ’পেন টেনিছ প্ৰতিযোগিতাৰ পুৰুষ শাখাত ৰাছিয়াৰ ডেনিল মেদভেদেভ আৰু মহিলা শাখাত আমেৰিকা যুক্তৰাষ্ট্ৰৰ মেডিছন কেছে অৰ্জন কৰিবলৈ সক্ষম হয় চেম্পিয়নৰ খিতাপ ৷ উদীয়মান টেনিছ তাৰকা ডেনিল মেদভেদেভে ফাইনেলত বেলজিয়ামৰ প্ৰতিপক্ষ ডেভিদ গ'ফিনক 7-6(3), 6-4 ছেটৰ ব্যৱধানত পৰাস্ত কৰি এই সফলতা অৰ্জন কৰিবলৈ সক্ষম হয় ৷ এয়া হৈছে মেদভেদেভৰ কেৰিয়াৰৰ প্ৰথমটো মাষ্টাৰ্ছ খিতাপ ৷

আনহাতে,মহিলাৰ ছিংগলছ শাখাৰ ফাইনেলত মেডিছন কেছে ৰাছিয়ান প্ৰতিদ্বন্দী শ্বেটলানা কুজনেটছভাক 7-5,7-6(5) পোনপটীয়া ছেটত পৰাস্ত কৰি দখল কৰে খিতাপ ৷ উল্লেখ্য যে,মেদভেদেভে ছেমিফাইনেলত বিশ্বৰ এক নম্বৰ ৰেংকিংৰ নভাক জ’ক'ভিচক পৰাস্ত কৰি চাঞ্চল্যৰ সৃষ্টি কৰিছিল ৷

IMAGE
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.