স্পৰ্টছ ডেস্ক, 21 জানুৱাৰীঃ অষ্ট্ৰেলিয়ান অ’পেনৰ পুৰুষৰ ছিংগলছ মেচৰ দ্বিতীয় ৰাউণ্ডত প্ৰৱেশ কৰিলে স্পেইনৰ টেনিছ তাৰকা খেলুৱৈ ৰাফেল নাডালে ৷ ত্ৰিনাড বোলীবিয়াৰ হোগু ডেলিয়নক প্ৰত্যক্ষ ছেটত পৰাস্ত কৰি এই সফলতা অৰ্জন কৰে নাডালে ৷ মেচখনত 6-2, 6-3, 6-0 ছেটত পৰাজয়ৰ সন্মুখীন হয় হোগু ডেলিয়ন ৷
উল্লেখ্য যে, নাডালে বৰ্তমানলৈকে নিজৰ টেনিছ কেৰিয়াৰত এখন হে অষ্ট্ৰেলিয়ান অ’পেন লাভ কৰিবলৈ সক্ষম হৈছে ৷ যদিহে এইবাৰ অষ্ট্ৰেলিয়ান অ’পেনৰ খিতাপ দখল কৰিবলৈ সক্ষম হয় তেন্তে নাডালৰ এইটো হ’ব 20 সংখ্যক গ্ৰেণ্ডশ্লাম ৷