ETV Bharat / sports

টী20 বিশ্বকাপ : নামিবিয়াৰ বিৰুদ্ধে সহজ জয়ৰে বিদায় ল’লে ভাৰতে - টী 20 বিশ্বকাপৰ চুপাৰ ১২

টী 20 বিশ্বকাপৰ চুপাৰ ১২ পৰ্যায়ৰ অন্তিমখন মেচত নামিবিয়াই ভাৰতৰ সন্মুখত 133 ৰাণৰ লক্ষ্য বান্ধি দিয়ে ৷ ভাৰতে 15.2 অভাৰত এই লক্ষ্যত উপনীত হয় ৷ ক্ৰিজত অপৰিৱৰ্তিত হৈ ৰয় কে এল ৰাহুল(54) ৷

India sign off T20 WC campaign with 9-wicket win over Namibia
টী20 বিশ্বকাপ
author img

By

Published : Nov 9, 2021, 7:37 AM IST

স্প’ৰ্টছ ডেস্ক, 9 নৱেম্বৰ : নামিবিয়াৰ বিপক্ষে সহজ জয় লাভেৰে টী 20 বিশ্বকাপত সামৰণি পৰিল ভাৰতৰ যাত্ৰাৰ ৷ ভাৰতে সোমবাৰে অনুষ্ঠিত চুপাৰ ১২ পৰ্যায়ৰ অন্তিমখন মেচত নামিবিয়াৰ বিপক্ষে খেলি জয় লাভ কৰে ৷ দলটোৰ সন্মুখত নামিবিয়াই বান্ধি দিছিল 133 ৰাণৰ লক্ষ্য ৷ ভাৰতে এটা উইকেটৰ বিনিময়ত 15.2 অভাৰত এই লক্ষ্যত উপনীত হয় ৷ দলটোৰ হৈ ৰোহিত শৰ্মা(৫৬) আৰু কে এল ৰাহুল(৫৪ নট আউট) যুটীয়ে ৮৬ ৰাণ কৰে ৷

সূৰ্যকুমাৰ যাদৱে ২৫ ৰাণত নট আউট হৈ ৰয় ৷ নামিবিয়াৰ হৈ জান ফ্ৰাইলিংকে এটা উইকেট দখল কৰে । প্ৰথমে বেটিং কৰিবলৈ আমন্ত্ৰণ জনোৱা নামিবিয়াই মেচত যথেষ্ঠ সংগ্ৰাম কৰিবলগীয়া হয় ৷ মেচখনত অপেনাৰ যুটি ষ্টিফান বাৰ্ড(২১) আৰু মাইকেল ভান লিংগেন(১৪)ৰ উইকেট পতনৰ পিছতে নামিবিয়াই বেটিং বিপৰ্যয়ৰ সন্মুখীন হৈছিল ।

নামিবিয়াৰ হৈ ডেভিদ ৱিছে সৰ্বাধিক ২৫ বলত ২৬ ৰাণ সংগ্ৰহ কৰে । ভাৰতৰ হৈ ৰবিচন্দ্ৰন অশ্বিন আৰু ৰবীন্দ্ৰ জাদেজাই সৰ্বাধিক তিনিটাকৈ উইকেট দখল কৰাৰ বিপৰীতে যশপ্ৰীত বুমৰাহে দুটা উইকেট দখল কৰে ।

এই খেলখন টী-২০ আন্তঃৰাষ্ট্ৰীয় খেলত ভাৰতৰ অধিনায়ক হিচাপে বিৰাট কোহলীৰ অন্তিমখন খেল, য'ত ৰবি শাস্ত্ৰীয়ে শেষবাৰৰ বাবে মুখ্য প্ৰশিক্ষকৰ ভূমিকা গ্ৰহণ কৰিছিল ।

লগতে চাওক: লাভলীনাৰ খেলৰত্ন বঁটা লাভ; সংবাদ মাধ্যমৰ আগত ব্যক্ত কৰিলে মনৰ ভাৱ

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.