ETV Bharat / sports

এছিয়ান বক্সিং চেম্পিয়নশ্বিপৰ ফাইনেলত প্ৰৱেশ শিৱ থাপাৰ

শিৱ থাপাৰ লগতে ভাৰতীয় দলৰ আন এজন ডিফেণ্ডিং চেম্পিয়ন অমিত পাংঘালেও ফাইনেলত প্ৰৱেশ কৰে ৷ আনহাতে মহিলা শাখাত ছয়বাৰকৈ বিশ্ব চেম্পিয়নশ্বিপৰ খিতাপ অৰ্জন কৰা ভাৰতীয় বক্সাৰ মেৰী কমেও ফাইনেলত প্ৰৱেশ কৰে ৷

author img

By

Published : May 29, 2021, 11:58 AM IST

Siva Thapa, Amit Panghal, Mary Kom, enter final of Asian boxing Championships
এছিয়ান বক্সিং চেম্পিয়নশ্বিপৰ ফাইনেলত অসমৰ শিৱ থাপা

নিউজ ডেস্ক, 29 মে‘: ডুবাইত অনুষ্ঠিত এছিয়ান বক্সিং চেম্পিয়নশ্বিপৰ ফাইনেলত শুকুৰবাৰে নিজৰ স্থান নিশ্চিত কৰিবলৈ সক্ষম হ’ল ভাৰতৰ ডিফেণ্ডিং চেম্পিয়ন তথা অসম সন্তান শিৱ থাপাই । শিৱ থাপাই 64 কেজিৰ শাখাৰ ছেমি ফাইনেলত শীৰ্ষ স্থানপ্ৰাপ্ত ডিফেণ্ডিং চেম্পিয়ন তাজাকিস্তানৰ বুখডাছ উচমোনোভক 4-0 পইন্টত ধৰাশায়ী কৰি ফাইনেলত প্ৰৱেশ কৰে ।

শিৱ থাপাৰ লগতে ভাৰতীয় দলৰ আন এজন ডিফেণ্ডিং চেম্পিয়ন অমিত পাংঘালেও ফাইনেলত প্ৰৱেশ কৰে ৷ অমিত পাংঘালে ৫২ কেজিৰ শাখাত কাজাখাস্তানৰ চাকেন বিবচিনোভক ৫-০ পইন্টত পৰাস্ত কৰে ৷ অৱশ্যে, প্ৰতিযোগিতাখনত প্ৰথমবাৰৰ বাবে অৱতীৰ্ণ হোৱা ৰাষ্ট্ৰীয় চেম্পিয়ন ভাৰিন্দৰ সিঙে 60 কেজি শাখাত ইৰাণৰ দানিয়াল শ্বাহবাখছৰ হাতত 2-3 পইন্টত পৰাস্ত হৈ ব্ৰঞ্জৰ পদকতে সন্তুষ্ট থাকিবলগীয়া হয় ৷

আনহাতে প্ৰতিযোগিতাখনৰ মহিলা শাখাত ছয়বাৰকৈ বিশ্ব চেম্পিয়নশ্বিপৰ খিতাপ অৰ্জন কৰা ভাৰতীয় বক্সাৰ মেৰী কমেও ফাইনেলত প্ৰৱেশ কৰে ৷ মেকী কমে মংগোলিয়াৰ লুটাচাইখান আলটান্টছেগক 4-1 পইন্টত পৰাস্ত কৰে ৷ প্ৰতিযোগিতাখনত ব্ৰঞ্জৰ পদকতে ক্ষান্ত থাকিবলগীয়া হয় ভাৰতীয় বক্সাৰ তথা অসমৰ লাভলীনা বৰগোঁহাই ৷

লগতে পঢ়ক : প্ৰধানমন্ত্ৰী মোডীক সাক্ষাৎ মমতা বেনাৰ্জীৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.