ETV Bharat / sports

Saudi Arabia wants to host FIFA World Cup : ২০৩৪ চনত ফিফা বিশ্ব কাপ আয়োজনৰ ইচ্ছা প্ৰকাশ চৌদি আৰৱৰ - SAFF

২০৩৪ৰ বিশ্বকাপ ফুটবল আয়োজনৰ বাবে ইচ্ছা প্ৰকাশ কৰি চৌদি আৰবে ফিফালৈ পত্ৰ প্ৰেৰণ কৰিছে । এছএএফএফয়ে আনুষ্ঠানিকভাৱে ফিফাৰ দ্বাৰা নিৰ্ধাৰিত নিবিদা প্ৰক্ৰিয়া আৰম্ভ কৰাৰ ৰাজ্যৰ প্ৰতিশ্ৰুতি নিশ্চিত কৰে ।

Saudi Arabia wants to host FIFA World Cup
২০৩৪ চনত ফিফা বিশ্ব কাপ আয়োজনৰ ইচ্ছা প্ৰকাশ চৌদি আৰৱৰ
author img

By ETV Bharat Assamese Team

Published : Oct 10, 2023, 2:14 PM IST

স্পৰ্টছ ডেস্ক,১০ অক্টোবৰ : অহা ২০৩৪ চনৰ ফুটবল বিশ্বকাপ আয়োজনৰ বাবে ইচ্ছা প্ৰকাশ কৰিছে চৌদি আৰৱে । ইচ্ছা প্ৰকাশ কৰি চৌদি আৰৱ ফুটবল ফেডাৰেশ্যনে ইতিমধ্যে ফিফালৈ পত্ৰ প্ৰেৰণ কৰিছে । চৌদি আৰৱে ফিফা বিশ্বকাপ আয়োজনৰ নিবিদা দিবলৈ এখন ঘোষণা পত্ৰত স্বাক্ষৰ কৰিছে ।

চৌদি আৰবে যোৱা বুধবাৰে বিশ্বকাপ ফুটবল ২০৩৪ সংস্কৰণৰ বাবে নিবিদা দিয়াৰ অভিপ্ৰায় ঘোষণা কৰিছিল আৰু এছএএফএফৰ সভাপতি য়াছেৰ আল মিচেহালৰ দ্বাৰা স্বাক্ষৰিত এখন পত্ৰই আনুষ্ঠানিকভাৱে ফিফাৰ দ্বাৰা নিৰ্ধাৰিত নিবিদা প্ৰক্ৰিয়া আৰম্ভ কৰাৰ চৌদি আৰৱৰ প্ৰতিশ্ৰুতি নিশ্চিত কৰিছিল ।

চৌদি আৰৱ ফুটবল ফেডাৰেশ্যনে কয় যে ২০৩৪ চনৰ ফিফা বিশ্বকাপৰ বাবে নিবিদা দিয়াৰ চৌদি আৰৱৰ অভিপ্ৰায় ঐতিহাসিক । আনহাতে সকলো স্তৰত নতুন ফুটবলৰ সুযোগ সন্ধানৰ দেশখনৰ লক্ষ্য আৰু বিশ্বৰ সকলো কোণত খেলৰ বিকাশত সহায় কৰাৰ প্ৰতিশ্ৰুতিও দিয়ে ফেডাৰেশ্যনে । এছএএফএফৰ সভাপতি আল মিচেহালে কয় যে এই আবেদন হৈছে এক বৃহৎ ৰোমাঞ্চকৰ যাত্ৰাৰ অন্যতম পদক্ষেপ । চৌদি আৰৱত ২০১৮ চনৰ পৰা ফুটবল, মটৰ স্পৰ্ট, টেনিছ, অশ্বাৰোহী, ইস্পোৰ্টছ আৰু গল্ফকে ধৰি ৫০ টাতকৈও অধিক আন্তঃৰাষ্ট্ৰীয় ইভেণ্ট অনুষ্ঠিত হৈছে ।

উল্লেখ্য যে ২০২২ চনৰ ফিফা বিশ্বকাপৰ ফাইনেলত আৰ্জেণ্টিনাই মৰক্কোক পৰাস্ত কৰে আৰু খিতাপ অৰ্জন কৰে । ইফালে প্ৰতিবেদন অনুসৰি ফিফা বিশ্বকাপৰ অন্তিম দিনটোত ৩২ নিযুত দৰ্শকে জিঅ' চিনেমাত খেল উপভোগ কৰি অভিলেখ সৃষ্টি কৰিছিল । আৰ্জেণ্টিনাই ১৯৮৬ চনৰ পাছত ফিফা বিশ্বকাপৰ ট্ৰফী লাভ কৰিবলৈ সক্ষম হৈছিল ।

লগতে পঢ়ক :Cricket World Cup : জয়লৈ উভতি অহাৰ লক্ষ্য ইংলেণ্ডৰ; আজি ইংলেণ্ড বনাম বাংলাদেশৰ যুঁজ

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.