স্পৰ্টছ ডেস্ক, 28 মে': এজন কৰ্মচাৰীৰ দেহত কৰ'ণা ভাইৰাছৰ অৱস্থিতি ধৰা পৰাৰ পাচতেই বুধবাৰে সম্পূৰ্ণভাৱে চেনিটাইজ কৰা হয় নতুন দিল্লীৰ ভাৰতীয় ক্ৰীড়া প্ৰাধিকৰণৰ মুখ্য কাৰ্যালয়টো । মঙলবাৰে ইয়াতে কৰ্মৰত এজন লোকৰ দেহত ধৰা পৰে মাৰাত্মক কৰ'ণা ভাইৰাছৰ অৱস্থিতি ।
নতুন দিল্লীৰ জৱাহৰলাল নেহৰু ষ্টেডিয়াম কমপ্লেক্সত অৱস্থিত ভাৰতীয় ক্ৰীড়া প্ৰাধিকৰণ চমুকৈ SAI ৰ মুখ্য কাৰ্যালয় । গৃহ মন্ত্ৰণালয়ৰ নীতি-নিৰ্দেশনা অনুসৰি কাৰ্যালয়খনত বৰ্তমানে ৩৩ শতাংশ কৰ্মচাৰীৰে কাৰ্য সম্পাদনা কৰি থকা হৈছে ।
বুধবাৰে ভাৰতীয় ক্ৰীড়া প্ৰাধিকৰণৰ তৰফৰ পৰা এক বিবৃতি দি কোৱা হয়, প্ৰথম অৱস্থাত খেলৰ গতি-বিধি সমূহক সেই সমূহ বিষয়ত আৰম্ভ কৰা হ'ব য'ত খেলুৱৈৰ মাজত অধিক সংস্পৰ্শ নোহোৱাৰ লগতে যাৱতীয় সঁজুলিৰ কম পৰিমাণৰ ব্য়ৱহাৰ অথবা আৱশ্যক হয় । সেই অনুসৰি আৰ্চাৰী, টেবুল টেনিছ, বেডমিণ্টন, ল'ন টেনিছ জৱাহৰলাল আৰু মেজৰ ধ্যানচাঁন্দ ষ্টেডিয়ামত থকা সুবিধা অনুসৰি আৰম্ভ কৰা হ'ব বুলি জানিবলৈ দিয়ে । লগতে কৰ'ণা ভাইৰাছৰ ভয়াহৱতা, সামাজিক দূৰত্ব, পৰিস্কাৰ-পৰিচ্ছন্নতাৰ প্ৰতি লক্ষ্য় ৰাখি কেৱল 50 শতাংশ ক্ৰীড়া সুবিধাহে প্ৰদান কৰা হ'ব বুলি উল্লেখ কৰা হৈছে ।
আনহাতে এতিয়াও চুইমিং পুলৰ ক্ষেত্ৰত নিষেধাজ্ঞা বাহাল ৰখা হৈছে । যাৰ বাবে শ্যাম প্ৰসাদ মুখাৰ্জী চুইমিং কমপ্লেক্স সম্পূৰ্ণৰূপে বন্ধ ৰখা হৈছে ।