স্পৰ্টছ ডেস্ক, ১৬ ছেপ্টেম্বৰ : বিশ্ব টেনিছত ফেডেৰা যুগৰ অৱসান । পেছাদাৰী টেনিছৰ পৰা অৱসৰ ঘোষণা কৰিলে ৰ'জাৰ ফেডেৰাৰে (roger federer announced retiremnet) । লিভাৰ কাপৰ পিছত তেওঁ আৰু প্রতিযোগিতামূলক টেনিছত অংশগ্ৰহণ নকৰে বুলি জনাইছে ২০ টাকৈ গ্ৰেণ্ড শ্লেমৰ অধিকাৰী ফেডেৰাৰে । উল্লেখ্য যোৱা উইম্বলডনৰ পৰা আঘাতৰ বাবে টেনিছ কোৰ্টৰ পৰা বাহিৰত আছিল ফেডেৰাৰ ।
তেওঁ কোর্টলৈ পুনৰ উভতিবনে নাই তাক লৈও চৰ্চা চলিছিল । তাৰ মাজতেই অৱসৰ ঘোষণা কৰিলে ফেডেৰাৰে । বৃহস্পতিবাৰে নেট মাধ্যমত তেওঁ অৱসৰৰ সিদ্ধান্তৰ কথা ঘোষণা কৰে (federer retired from competitive tennis) ।

এক টুইট বাৰ্তাত ফেডেৰাৰে লিখিছে, "বিগত তিনি বছৰত বহু বাধাৰ সম্মুখীন হৈছোঁ । বাৰে বাৰে আঘাত পাইছোঁ, অস্ত্রোপচাৰ হৈছে । খেললৈ উভতিবৰ বাবে কঠোৰ পৰিশ্রম কৰিছোঁ । কিন্তু নিজৰ শাৰীৰিক সক্ষমতা কিমান আৰু কিমান দূৰ পর্যন্ত সেয়া টানিব পাৰিব, সেইটোও জানো । বিগত কোইটামান দিনত নিজৰ ভৱিষ্যৎ পৰিষ্কাৰকৈ বুজিব পাৰিছোঁ । বৰ্তমান মোৰ ৪১ বছৰ বয়স । বিগত ২৪ বছৰত ডেৰ হাজাৰৰো অধিক মেচ খেলিছোঁ । মই যি ভাবিছিলোঁ, টেনিছে মোক তাতোকৈও অধিক দিছে । প্রতিযোগিতামূলক টেনিছত মোৰ সময় যে শেষ, সেইটো এইবাৰ বুজিব পাৰিছোঁ ।"
- — Roger Federer (@rogerfederer) September 15, 2022 " class="align-text-top noRightClick twitterSection" data="
— Roger Federer (@rogerfederer) September 15, 2022
">— Roger Federer (@rogerfederer) September 15, 2022
তেওঁ লগতে লিখিছে, ‘পৰৱৰ্তী সপ্তাহত লণ্ডনত লিভাৰ কাপেই মোৰ অন্তিমখন এটিপি প্রতিযোগিতা হ'বলৈ আগবাঢ়িছে । ভৱিষ্যতে আৰু বহু টেনিছ খেলিম ঠিকেই । কিন্তু গ্ৰেণ্ড শ্লেম বা ট্যুৰত মোক আৰু দেখা নাপাব । এই সিদ্ধান্ত লোৱাটো অতি কঠিন আছিল । কাৰণ টেনিছৰ পৰা মই বহুখিনি পাইছোঁ । আনহাতে, একে সময়তে মোৰ ওচৰত উচ্ছ্বসিত হ'ব পৰা বহু কিবাকিবি আছে । মই নিজকে এই বিশ্বৰ সকলোতকৈ ভাগ্যৱান ব্যক্তি বুলি ভাবোঁ । যি পর্যায়ৰ টেনিছ খেলিছোঁ আৰু যিমান সময় ধৰি খেলিছোঁ, সেয়া কোনো দিনে ভাবিব নোৱাৰোঁ ।’

উল্লেখ্য, ফেডেৰাৰে নিজৰ টেনিছ জীৱনত ছয়বাৰ অষ্ট্ৰেলিয়ান অ'পেন, এবাৰ ফ্রেন্স অ'পেন, আঠবাৰ উইম্বলডন আৰু পাঁচবাৰ আমেৰিকান অ'পেন খিতাপ জয় কৰিছে । ইয়াৰ উপৰি ২০১৪ চনত ছুইজাৰলেণ্ডৰ হৈ ডেভিচ কাপ জয় কৰিছে । আনহাতে, তিনিবাৰ হপমেন কাপো জয় কৰিছে । ২০০৮ চনত বেইজিং অলিম্পিকত ডাবলছত স্বৰ্ণ পদক তেওঁৰ নামত । ছিঙ্গলছত ২০১২ লণ্ডন অলিম্পিকত ৰূপৰ পদক লাভ কৰিছিল । ইয়াৰ উপৰি ছয়বাৰ এটিপি ট্যুৰ চেম্পিয়ন হৈছে তেওঁ ।
অৱসৰৰ সময়ত ফেডেৰাৰে পত্নী মিৰকা, সন্তান আৰু নিজৰ দলক ধন্যবাদ জনায় । লগতে ধন্যবাদ জনাইছে পৰিয়ালৰ অন্য সদস্য আৰু টেনিছ কোর্টৰ প্রতিপক্ষসকলকো ।