ETV Bharat / sports

উত্তৰাখণ্ডৰ ৰেশ্মা পেটেলৰ সাফল্য

১৬ বছৰীয়া ৰেশ্মা পেটেলে ৰাষ্ট্ৰীয় ফেডাৰেচন কাপ জুনিয়ৰ আণ্ডাৰ-২০ এথলেটিক চেম্পিয়নশ্বিপৰ দ্বিতীয় দিনা প্ৰতিযোগিতাত ৪৮ মিনিট ২৫.৯০ ছেকেণ্ড সময় দৌৰি ৰাষ্ট্ৰীয় ২০ বছৰ অনুৰ্ধৰ ৰেকৰ্ডেৰে ১০০ মিটাৰ ৰেচ ওৱাকেৰে অভিলেখ ৰচে ।

author img

By

Published : Jan 27, 2021, 9:11 PM IST

উত্তৰাখণ্ডৰ ৰেশ্মা পেটেলৰ সাফল্য
উত্তৰাখণ্ডৰ ৰেশ্মা পেটেলৰ সাফল্য

ষ্পৰ্টছ ডেস্ক, ২৭ জানুৱাৰী: ৰেচ ওৱাকাৰ ৰেশ্মা পেটেলৰ সাফল্য । উত্তৰাখণ্ডৰ খেলুৱৈ ৰেশ্মা পেটেলৰ মংগলবাৰে নিজৰ প্ৰতিভা প্ৰদৰ্শনেৰে সোণৰ পদক অৰ্জন কৰিবলৈ সক্ষম হয় । ১৬ বছৰীয়া পেটেলে মধ্য প্ৰদেশৰ ভূপালৰ টি টি নগৰ ষ্টেডিয়ামত অনুষ্ঠিত হোৱা ৰাষ্ট্ৰীয় ফেডাৰেচন কাপ জুনিয়ৰ আণ্ডাৰ-২০ এথলেটিক চেম্পিয়নশ্বিপৰ দ্বিতীয় দিনাখনৰ প্ৰতিযোগিতাত ৪৮ মিনিট ২৫.৯০ ছেকেণ্ড সময় দৌৰি ৰাষ্ট্ৰীয় ২০ বছৰ অনুৰ্ধৰ ৰেকৰ্ডেৰে ১০০ মিটাৰ ৰেচ ওৱাকেৰে অভিলেখ ৰচে ।

উল্লেখ্য যে, ২০১৪ চনত প্ৰিয়ংকা গোস্বামীয়ে এই চেম্পিয়নশ্বিপত ৰেকৰ্ড ভংগ কৰিছিল আৰু মংগলবাৰে প্ৰিয়ংকাৰ ৰেকৰ্ড ভংগ কৰে ৰেশ্মা পেটেলে ।

ইফালে তামিলনাডুৰ ৰাষ্ট্ৰীয় আণ্ডাৰ-২০ চেম্পিয়ন জেচউইন আলড্ৰিনে লং জাম্পত ৭.৫১ মিটাৰেৰে প্ৰথম স্থান দখল কৰি সোণৰ পদক লাভ কৰিবলৈ সক্ষম হয় আৰু হাৰিয়াণাৰ ভূপেন্দ্ৰ সিঙে ৭.৪৪ মিটাৰেৰে দ্বিতীয় স্থান দখল কৰিবলৈ সক্ষম হৈছিল ।

লগতে পঢ়ক: পুনৰ চিকিৎসালয়ত ভৰ্তি কৰা হৈছে সৌৰভ গাংগুলীক

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.