ETV Bharat / sports

FIFA World Cup 2022 : এইবাৰ বিশ্বকাপৰ খেলপথাৰত উৰিল প্ৰতিবাদকাৰীৰ পতাকা

author img

By

Published : Nov 29, 2022, 1:05 PM IST

সোমবাৰে এজন প্ৰতিবাদকাৰীয়ে হাতত ৰামধেনুৰঙী পতাকা লৈ খেলপথাৰলৈ দৌৰি যায় (Protester with rainbow flag at World Cup field) । প্ৰতিবাদকাৰীজনে এটা নীলা ছুপাৰমেন টি-শ্বাৰ্ট পিন্ধিছিল । তাৰ সন্মুখত 'ইউক্ৰেইনক বচাওক' শ্লোগান আৰু পিছফালে 'ইৰানী মহিলাৰ প্ৰতি সন্মান' লিখা আছিল । পৰ্তুগাল আৰু উৰুগুৱেৰ মাজৰ গ্ৰুপ মেচখন চলি থকাৰ সময়তে এই প্ৰতিবাদ কৰে ।

FIFA
FIFA

স্পৰ্টছ ডেস্ক, ২৯ নৱেম্বৰ : অঘটন, উত্থান-পতন, বিতৰ্কৰ মাজেৰে চলি থকা কাটাৰ বিশ্বকাপত এইবাৰ প্ৰতিবাদ । তাকো খেল চলি থকা সময়তে খেলপথাৰলৈ সোমাই আহি প্ৰতিবাদকাৰীয়ে পতাকা জোকাৰি সাব্যস্ত কৰে প্ৰতিবাদ । সোমবাৰে এজন প্ৰতিবাদকাৰীয়ে হাতত ৰামধেনুৰঙী পতাকা লৈ খেলপথাৰলৈ দৌৰি যায় (Protester with rainbow flag at World Cup field) ।

প্ৰতিবাদকাৰীজনে এটা নীলা ছুপাৰমেন টি-শ্বাৰ্ট পিন্ধিছিল । তাৰ সন্মুখত 'ইউক্ৰেইনক বচাওক' (SAVE UKRAINE) শ্লোগান আৰু পিছফালে 'ইৰানী মহিলাৰ প্ৰতি সন্মান' (RESPECT FOR IRANIAN WOMAN) লিখা আছিল । পৰ্তুগাল আৰু উৰুগুৱেৰ মাজৰ গ্ৰুপ মেচখন চলি থকাৰ সময়তে এই প্ৰতিবাদ কৰে (protest at World Cup match 2022) ।

লগে লগে খেলপথাৰত নিয়োজিত নিৰাপত্তা বিষয়াসকলে প্ৰতিবাদকাৰীজনক খেদি পঠিয়ায় (FIFA world cup 2020) । ব্যক্তিজনক খেলপথাৰৰ পৰা আঁতৰাই পঠোৱাৰ পূৰ্বে তেওঁৰ হাতত থকা পতাকাখন খেলপথাৰত পেলাই দিয়ে । তাৰ পিছত ৰেফাৰীয়ে পতাকাখন তুলি লৈ ছাইডলাইনৰ কাষত থৈ দিয়ে । উক্ত স্থানতে কিছু সময় পৰি থকাৰ পিছত এজন কৰ্মীয়ে আহি তুলি লৈ যায় । আনহাতে, প্ৰতিবাদকাৰীজনক এটা সুৰংগৰ মাজেৰে আঁতৰাই লৈ যোৱা হয় । অৱশ্যে এইটো তৎক্ষণাৎ স্পষ্ট হোৱা নাছিল যে ব্যক্তিজনৰ বিৰুদ্ধে কোনো অভিযোগ দাখিল কৰা হৈছে নে তেওঁক আৰক্ষীয়ে আটক কৰিছে (Qatar world cup 2022) ।

খেলখনত ফিফাৰ সংবাদ বিষয়া থিয়েৰী ডি বেকাৰে এছ'চিয়েটেড প্ৰেছক কয় যে প্ৰতিবাদকাৰীজনৰ কি হৈছিল সেয়া একো ঠাৱৰ কৰিব পৰা নাই । আনহাতে, কাটাৰৰ স্থানীয় সংস্থাবোৰেও এই সন্দৰ্ভত কোনো মন্তব্য কৰা নাই । উল্লেখ্য, কাটাৰত অনুষ্ঠিত বিশ্বকাপৰ প্ৰথম সপ্তাহতে প্ৰতিযোগিতাখনত সাতটা ইউৰোপীয় দলে বিশ্বকাপৰ খেলৰ সময়ত বহুৰঙী 'এক প্ৰেম' আৰ্মবেণ্ড পিন্ধিবলৈ দাবী জনাইছিল যদিও সেই দাবী কৰ্তৃপক্ষই মানি লোৱা নাছিল । লগতে অনুৰাগীসকলে অভিযোগ কৰে যে ৰক্ষণশীল ইছলামিক আমিৰেটৰ ষ্টেডিয়ামত সমলিংগীয় (symbol of LGBTQ rights) অধিকাৰৰ প্ৰতীক ৰামধেনুৰ ৰঙৰ সামগ্ৰী আনিবলৈ তেওঁলোকক অনুমতি দিয়া হোৱা নাছিল ।

উল্লেখ্য, কাটাৰৰ আইনবোৰ সমকামী যৌনতা আৰু সমলিংগীয় লোকসকলৰ আচৰণৰ তীব্ৰ বিৰোধী (Qatar laws against gay sex) । যাৰ বাবে মধ্য প্ৰাচ্যত অনুষ্ঠিত প্ৰথম বিশ্বকাপৰ প্ৰাকমুহূৰ্তৰ পৰায়ে এই বিযয়টোক লৈ কাটাৰ চৰ্চাৰ কেন্দ্ৰবিন্দুত আছিল । কাটাৰে যদিও কৈছে যে সমলিংগীয় অনুৰাগীসহ সকলোকে আদৰণি জনোৱা হৈছে, তাৰ মাজতে কিন্তু দৰ্শনাৰ্থীসকলক দেশখনৰ সংস্কৃতিক সন্মান কৰা উচিত বুলিও কয় । উল্লেখযোগ্য যে উক্ত প্ৰতিবাদৰ ঘটনাটো লুচাইল ষ্টেডিয়ামত মেচখনৰ দ্বিতীয়াৰ্ধৰ সময়ত সংঘটিত হয় ।

নিজ দলক 2-0 ব্যৱধানত জয়ৰ সোৱাদত দুয়োটা গ'ল দিয়া পৰ্তুগালৰ মিডফিল্ডাৰ ব্ৰুনো ফাৰ্ণাণ্ডেজে কয় যে তেওঁ খেলখনত ইমান মনোনিৱেশ কৰিছিল যে তেওঁ সঁচাকৈয়ে প্ৰতিবাদকাৰীজনৰ উদ্দেশ্য কি সেয়া লক্ষ্য কৰা নাছিল (Portugal midfielder Bruno Fernandes) । তেওঁ ভাবিছিল যে প্ৰতিবাদকাৰীজনে হয়তো তেওঁৰ তাৰকা সতীৰ্থ ক্ৰিষ্টিয়ানো ৰোনাল্ডোৰ (Cristiano Ronaldo) সৈতে এখন ফটো তুলিব বিচাৰিছিল ।

ফাৰ্ণাণ্ডেজে এজন অনুবাদকৰ জৰিয়তে কয়, "সঁচাকথা ক'বলৈ গ'লে মই সঁচাকৈয়ে দেখা নাছিলোঁ যে বাৰ্তাটো কি আছিল, যিটো প্ৰতিবাদকাৰীজনে প্ৰদান কৰিবলৈ চেষ্টা কৰি আছিল ।" "কিন্তু আমি ইতিমধ্যে সেই বিষয়ে বহুবাৰ কথা পাতিছোঁ । ... আমি সকলো মানৱ অধিকাৰক সন্মান কৰোঁ । কিন্তু সেইবোৰ হৈছে ৰাজনৈতিক বিষয়, যিবোৰত দুৰ্ভাগ্যবশতঃ প্ৰকৃততে আমি মাত মাতিব বা কৰিবপৰাৰ জোখাৰে বেছি শক্তি নাই । তেনে ক্ষেত্ৰত আমি সঁচাকৈয়ে একো সলনি কৰিব নোৱাৰোঁ ।"

আনহাতে, বিশ্বকাপ আৰম্ভ হোৱাৰ পূৰ্বেই ফাৰ্ণাণ্ডেজে কৈছিল যে ফুটবল 'সকলোৰে বাবে' হ'ব লাগে । লগতে তেওঁ কয় যে কাটাৰত ষ্টেডিয়াম নিৰ্মাণ কৰি থকা অৱস্থাত মৃত্যু হোৱা শ্ৰমিকসকলৰ বিষয়টোত তেওঁ সুখী নহয় ।

লগতে পঢ়ক :Ragging incident in Assam: ৰেগিং কাণ্ডক লৈ ডিব্ৰুগড় বিশ্ববিদ্যালয় কৰ্তৃপক্ষক দোষাৰোপ অংকিতা দত্তৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.