নিউজ ডেস্ক, 30 জুন : প্ৰাইজমানিক লৈ এথলীট আৰু চৰকাৰৰ মাজত বিবাদ চলি থকাৰ সময়তে ক্ৰীড়ামন্ত্ৰী কিৰেণ ৰিজিজুয়ে শনিবাৰে মন্তব্য কৰে যে, খেলুৱৈ সকলে প্ৰাইজমানি আৰু অন্যান্য প্ৰয়োজনীয় সুবিধা সমূহ সময়মতে লাভ কৰিব ৷ খেলুৱৈ সকলৰ প্ৰয়োজনীয় সা - সুবিধা সম্পৰ্কত নিৰীক্ষণৰ উদ্দেশ্যে ৰাষ্ট্ৰীয় খেল সংস্থা ভ্ৰমণ কৰাৰ সময়ত এনেদৰে মন্তব্য কৰে ৰিজিজুয়ে ৷
উল্লেখ্য যে, হাৰিয়ানাৰ মল্লযুঁজাৰু তথা বিশ্বৰ শীৰ্ষ ৰেংকিঙৰ বজৰংগ পুনিয়াই প্ৰাইজমানি কমাই দিয়াৰ বাবে হাৰিয়ানা চৰকাৰক তীব্ৰ সমালোচনা কৰিছিল ৷ এই ক্ষেত্ৰত খেলুৱৈ গৰাকীৰ সমৰ্থনত ওলাই আহিছিল বহু কেইগৰাকী বিখ্যাত খেলুৱৈ ৷