স্পৰ্টছ ডেস্ক, 13 আগষ্ট: ক’ভিড-19 ৰ বাবে বাতিল কৰা হ’ল 2020 বৰ্ষৰ পেৰিছ মাৰাথন ৷ নতুনকৈ 15 নৱেম্বৰত আয়োজন কৰাৰ দিন ধাৰ্য কৰা হৈছিল যদিও অৱশেষত বুধবাৰে বাতিল কৰাৰ সিন্ধান্ত গ্ৰহণ কৰা হয় পেৰিছ মাৰাথন ৷ প্ৰথমে চলিত বৰ্ষৰ 5 এপ্ৰিলত পেৰিছ মাৰাথন অনুষ্ঠিত কৰাৰ কথা আছিল যদিও ক’ভিড-19 ৰ ভয়াৱহতাৰ প্ৰতি লক্ষ্য ৰাখিয়ে 15 নৱেম্বৰলৈ স্থগিত কৰা হৈছিল ইয়াৰ আয়োজন ৷ শেহতীয়াকৈ বাতিলৰ পাচত আগন্তুক বৰ্ষত আয়োজন কৰা হ’ব এই মাৰাথন ৷
উল্লেখ্য যে, এই মাৰাথনত পূৰ্বৰে পৰা প্ৰায় 40 হাজাৰ অংশগ্ৰহণকাৰীয়ে অংশ গ্ৰহণ কৰি আহিছে ৷ এই বৰ্ষত পঞ্জীয়ন কৰা অংশগ্ৰহণকাৰী সকলে আগন্তুক বৰ্ষত অংশগ্ৰহণ কৰিব পাৰিব বুলি জানিবলৈ দিয়ে আয়োজক কৰ্তৃপক্ষই ৷ অৱশ্যে লণ্ডন মাৰাথন আয়োজন কৰাৰ কথা ঘোষণাৰ এদিন পাচতেই পেৰিছ মাৰাথন বাতিলৰ ঘোষণা কৰা হৈছে ৷
ক’ভিড-19 মহামাৰীৰ বাবে ইতিমধ্যে ব’ষ্টন, বাৰ্লিন, নিউয়ৰ্ক, মেদ্ৰিড, চিকাগ’ মাৰাথন বাতিল কৰা হৈছে ৷
ফ্ৰান্সত বৰ্তমানলৈকে কৰ’ণা ভাইৰাছত সংক্ৰমিত সংখ্যা 239,355 হোৱাৰ বিপৰীতে মৃত্যু হৈছে 239,355 গৰাকী লোকৰ ৷ আনহাতে সমগ্ৰ বিশ্বতে 2.02 কোটি লোক আক্ৰান্ত হোৱাৰ বিপৰীতে মৃত্যুক সাৱতি লৈছে 7.39 লাখ লোকে ৷
লগতে চাওক-আমাৰ প্ৰজন্মৰ আটাইতকৈ বেছি উপাৰ্জনকাৰী অভিনেতা আয়ুষ্মান খুড়ানা : বাণী কাপুৰ