PLEASE CHANGE THUMBNAIL IMAGE
স্পৰ্টছ ডেস্ক, ১১ আগষ্ট: অভিনৱ বিন্দ্ৰা(Abhinav Bindra), অলিম্পিকত এককভাৱে স্বৰ্ণ পদক জয় কৰা প্ৰথমগৰাকী ভাৰতীয় খেলুৱৈ । ১৩ বছৰ পূৰ্বে আজিৰ দিনটোতে বেইজিং অলিম্পিক(Beijing Olympics)ত ইতিহাস ৰচিছিল ভাৰতৰ অভিনৱ বিন্দ্ৰা(Abhinav Bindra)ই । শ্বুটিঙৰ ১০ মিটাৰ এয়াৰ ৰাইফল শাখাত স্বৰ্ণ পদক জয় কৰিছিল ভাৰতৰ খেলুৱৈগৰাকীয়ে । ১০.৮ স্ক'ৰ কৰিছিল আৰু ভাৰতৰ বাবে সোণৰ পদক নিশ্চিত কৰিছিল ।
ইয়াৰ পূৰ্বে ফিনলেণ্ডৰ হেনৰী হাক্কিনেনৰ সৈতে প্ৰতিযোগিতাত নামিছিল । ২০০০ চনত চিডনীত অলিম্পিক যাত্ৰা আৰম্ভ কৰিছিল বিন্দ্ৰাই । ৩৭ বছৰীয়া শ্বুটাৰগৰাকীয়ে ২০০৮ চনত বেইজিং অলিম্পিকত ১০ মিটাৰ এয়াৰ ৰাইফলৰ শাখাৰ ফাইনেলত প্ৰৱেশৰ যোগ্যতা অৰ্জন কৰাৰ পাছতে দেশবাসীয়ে তেওঁক লৈ গৌৰৱান্বিত হৈছিল । কেৱল বেইজিঙতে নহয়, চিডনী আৰু এথেন্স অলিম্পিকতো শ্বুটিঙৰ ফাইনেলত তেওঁ যোগ্যতা অৰ্জন কৰে ।
বিন্দ্ৰাই ২০১৭ চনত আনুষ্ঠানিকভাৱে শ্বুটিঙৰ পৰা অৱসৰ লৈছিল আৰু তেওঁ কৈছিল যে, এতিয়া এই যাত্ৰাত আগবাঢ়ি যোৱাৰ বাবে যুৱ প্ৰজন্মক সুযোগ দিয়াৰ সময় ।
শ্বুটাৰজনে ২০১৬ৰ ৰিঅ' অলিম্পিকত পদক জয়ত বিফল হ'বলগীয়া হয় । শেহতীয়াকৈ সমাপ্ত হোৱা টকিঅ' অলিম্পিকত নীৰজ চোপ্ৰাই এককভাৱে স্বৰ্ণ পদক জয় কৰিছে আৰু অলিম্পিকত এককভাৱে স্বৰ্ণ জয় কৰা তেওঁ দ্বিতীয়গৰাকী ভাৰতীয় খেলুৱৈ । জেভেলিন থ্ৰ'ত সোণৰ পদক জয় কৰি আন এক ইতিহাস ৰচিছিল নীৰজে ।