ETV Bharat / sports

পদক দখলত ব্যৰ্থ মিৰাবাই ছানু - ETV BHARAT

এছিয়ান ভাৰোত্তোলক চেম্পিয়নশ্বিপৰ 49 কেজি শাখাত ব্ৰঞ্জ পদক দখল কৰাত ব্যৰ্থ হয় প্ৰাক্তন বিশ্ব চেম্পিয়ন মিৰাবাই ছানু ৷ চীনৰ নিংবোত অনুষ্ঠিত এই প্ৰতিযোগিতাত পদক দখল কৰিব নোৱাৰিলেও ব্যক্তিগত ৰেকৰ্ড গঢ়িবলৈ সক্ষম হয় তেওঁ ৷

ASIAN WEIGHTLIFTING CHAMPIONSHIP
author img

By

Published : Apr 21, 2019, 8:48 PM IST

নিউজ ডেস্ক, 21 এপ্ৰিল: প্ৰাক্তন বিশ্ব চেম্পিয়ন মিৰাবাই ছানুয়ে দেওবাৰে এছিয়ান ভাৰোত্তোলক চেম্পিয়নশ্বিপৰ 49 কেজি শাখাত চতুৰ্থ স্থান দখল কৰে ৷ চীনৰ নিংবোত অনুষ্ঠিত হোৱা এই প্ৰতিযোগিতাত ব্ৰঞ্জ পদক দখলৰ পৰা এটা স্থান পিছপৰি ৰয় খেলুৱৈগৰাকী ৷ পদক দখল কৰিব নোৱাৰিলেও খেলুৱৈগৰাকীয়ে ব্যক্তিগত ৰেকৰ্ড গঢ়িবলৈ সক্ষম হয় ৷ তেওঁ সৰ্বমুঠ 199 কেজি ভাৰোত্তোলন কৰি পূৰ্বে থাইলেণ্ডত গঢ়া 192 কেজিৰ ৰেকৰ্ড ভংগ কৰে ৷ এই শাখাত ক্ৰমান্নয়ে স্বৰ্ণ জয় কৰে চীনৰ হউ জিহুইয়ে, ৰূপৰ পদক উত্তৰ কোৰিয়াৰ ৰি ছং গামে আৰু ব্ৰঞ্জ পদক চীনৰ জেং ৰঙে ৷

উল্লেখ্য যে, মিৰাবাইয়ে ফেব্ৰুৱাৰীত থাইলেণ্ডত অনুষ্ঠিত ইজিএটি কাপত 49 কেজি শাখাত স্বৰ্ণ জয় কৰিবলৈ সক্ষম হৈছিল ৷

MIRABAI LIFTS PERSONAL BEST, MISSES BRONZE

পদক দখলত ব্যৰ্থ মিৰাবাই ছানু

নিউজ ডেস্ক, 21 এপ্ৰিল: প্ৰাক্তন বিশ্ব চেম্পিয়ন মিৰাবাই ছানুয়ে দেওবাৰে এছিয়ান ভাৰত্তোলক চেম্পিয়নশ্বিপৰ 49 কেজি শাখাত চতুৰ্থ স্থান দখল কৰে ৷ চীনৰ নিংবোত অনুষ্ঠিত হোৱা এই প্ৰতিযোগিতাত ব্ৰঞ্জ পদক দখলৰ পৰা এটা স্থান পিছপৰি ৰয় খেলুৱৈগৰাকী ৷ পদক দখল কৰিব নোৱাৰিলেও খেলুৱৈগৰাকীয়ে ব্যক্তিগত ৰেকৰ্ড গঢ়িবলৈ সক্ষম হয় ৷ তেওঁ সৰ্বমুঠ 199 কেজি ভাৰত্তোলন কৰি পূৰ্বে থাইলেণ্ডত গঢ়া 192 কেজিৰ ৰেকৰ্ড ভংগ কৰে ৷ এই শাখাত ক্ৰমান্নয়ে স্বৰ্ণ জয় কৰে চীনৰ হউ জিহুইয়ে, ৰূপৰ পদক উত্তৰ কোৰিয়াৰ ৰি ছং গামে আৰু ব্ৰঞ্জ পদক চীনৰ জেং ৰঙে ৷ 

উল্লেখ্য যে, মিৰাবাইয়ে ফেব্ৰুৱাৰীত থাইলেণ্ডত অনুষ্ঠিত ইজিএটি কাপত 49 কেজি শাখাত স্বৰ্ণ জয় কৰিবলৈ সক্ষম হৈছিল ৷ 
thumbnail_2x1_mira_jpg.jpg
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.