ETV Bharat / sports

অলিম্পিকৰ যোগ্যতা অৰ্জন, ভাৰতীয় মহিলা হকী দলৰ সন্মুখত অন্তিম সুযোগ - FIH Olympic Qualifiers 2024

FIH Olympic Qualifiers 2024 : ভাৰত আৰু জাপানৰ মাজত আজি অলিম্পিকৰ যোগ্যতা অৰ্জনৰ অন্তিম খেল । দুয়োটা দলৰ বাবেই এইখন হ'ব অতি গুৰুত্বপূৰ্ণ মেচ । ভাৰতীয় দলটোৱে অলিম্পিকৰ যোগ্যতা অৰ্জন কৰিবলৈ এইখন খেল জয়ী হ'ব লাগিব ।

FIH Qualifiers
ভাৰতীয় মহিলা হকী দলৰ সন্মুখত অন্তিম সুযোগ
author img

By ETV Bharat Assamese Team

Published : Jan 19, 2024, 10:12 AM IST

স্পৰ্টছ ডেস্ক, ১৯ জানুৱাৰী : ভাৰতীয় মহিলা হকী দলৰ বাবে পেৰিছ অলিম্পিকৰ যোগ্যতা অৰ্জনৰ অন্তিম সুযোগ । আজি ভাৰতীয় দলটোৱে জাপানৰ মুখামুখি হ'ব । অলিম্পিক কোৱালিফায়াৰত এইখন মেচ ভাৰতীয় দলৰ বাবে অতি গুৰুত্বপূৰ্ণ হিচাপে বিবেচিত হৈছে । খেলখনত যদি ভাৰতীয় দলটোৱে জয়লাভ কৰে তেনেহ'লে পেৰিছ অলিম্পিকৰ বাবে যোগ্যতা অৰ্জন কৰাৰ সুযোগ পাব । প্ৰতিযোগিতাখনৰ শীৰ্ষ-৩ টা দলে ইতিমধ্যে পেৰিছ অলিম্পিকৰ বাবে যোগ্যতা অৰ্জন কৰিছে ।

ভাৰত আৰু জাপানৰ মাজৰ খেলখন শুকুৰবাৰে আবেলি ৪ বজাৰ পৰা আৰম্ভ হ'ব । তৃতীয়-চতুৰ্থ স্থানৰ খেলখনত ভাৰতীয় দলটোৱে জাপানৰ বিৰুদ্ধে তীব্ৰ যুঁজ দিব লাগিব । যদি খেলখনত ভাৰতীয় দলটো জাপানৰ হাতত পৰাস্ত হয় তেনেহ'লে অলিম্পিকৰ পৰা বাহিৰ হ'ব লাগিব ।

ইয়াৰ পূৰ্বে প্ৰথম ছেমিফাইনেলত জাপানে আমেৰিকাৰ হাতত ১-২ গ'লত পৰাজিত হৈছিল । আনহাতে ভাৰত পেনাল্টিত জাৰ্মানীৰ হাতত পৰাজিত হৈছিল । বৃহস্পতিবাৰে ঝাৰখণ্ডৰ ৰাঁচীৰ মাৰাং গোমকে জয়পাল সিং এষ্ট্ৰোটাৰ্ফ হকী ষ্টেডিয়ামত অনুষ্ঠিত এফ আই এইচ হকী অলিম্পিক কোৱালিফায়াৰ-২০২৪ৰ দ্বিতীয়খন ছেমি ফাইনেলত ভাৰতীয় মহিলা হকী দলে জাৰ্মানীৰ বিৰুদ্ধে সুন্দৰ প্ৰদৰ্শন কৰিছিল যদিও নিৰ্ধাৰিত সময়ত ২-২ গ'লৰ ড্ৰ'ৰ পিচত শ্বুটআউটত তেওঁলোকে ৩-৪ ব্যৱধানত পৰাজিত হয় ।

ইফালে আজি অলিম্পিক কোৱালিফায়াৰৰ অন্তিম দিন । প্ৰতিযোগিতাখনৰ ফাইনেলখন জাৰ্মানী আৰু আমেৰিকাৰ মাজত অনুষ্ঠিত হ'ব । আমেৰিকা আৰু জাৰ্মানীৰ মাজত অন্তিমখন খেল সন্ধিয়া ৭:৩০ বজাত অনুষ্ঠিত হ'ব । আমেৰিকা আৰু জাৰ্মানী দুয়োটাই ইতিমধ্যে অলিম্পিকৰ বাবে যোগ্যতা অৰ্জন কৰিছে ।

ভাৰত আৰু জাপানে তৃতীয় আৰু চতুৰ্থ স্থানৰ বাবে প্ৰতিদ্বন্দ্বিতা কৰিব । কিন্তু প্ৰতিযোগিতাখনৰ প্ৰথম তিনিটা স্থানত থকা দলকেইটাই হে অলিম্পিকৰ বাবে যোগ্যতা অৰ্জন কৰিব পাৰিব ।

লগতে পঢ়ক :হকীত আজি ভাৰত-জাৰ্মানীৰ হাইভল্টেজ মেচ

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.