ETV Bharat / sports

ক’ভিড-19 আতংকৰ মাজতেই মেৰী কমৰ নীতি উলংঘন ! - ছয়বাৰৰ বিশ্ব চেম্পিয়ন

জৰ্ডানৰ আমানত অনুষ্ঠিত হোৱা এছিয়া এছেনিয়া অলিম্পিক যোগ্যতা প্ৰতিযোগিতাত অংশগ্ৰহণ কৰি অৱশেষত স্ব-গৃহলৈ আহিল ছয় বাৰৰ বিশ্ব চেম্পিয়ন মেৰী কম ৷ 13 মাৰ্চত নিজ বাসগৃহত আহি 14 দিনলৈ ঘৰত আত্ম বন্দী হৈ থাকিব লাগিছিল খেলুৱৈগৰাকী ৷

ক’ভিড-19 আতংকৰ মাজতেই মেৰী কমৰ নীতি উলংঘন !

author img

By

Published : Mar 21, 2020, 10:35 PM IST

স্পৰ্টছ ডেস্ক, 21 মাৰ্চ: বলীউডৰ কণিকা কাপুৰৰ কৰ’ণা ভাইৰাছৰ সংক্ৰমণ ৰোধৰ নীতি উলংঘন কৰাৰ খবৰৰ পাচতেই এইবাৰ এই তালিকাত নাম সাঙুৰ খাইছে ছয়বাৰৰ বিশ্ব চেম্পিয়ন তথা ৰাজ্যসভাৰ সাংসদ মেৰী কমৰ৷ উল্লেখ্য যে, 14 দিনলৈকে আছুতীয়াকৈ নিজকে বন্দী কৰাৰ এক নীতি প্ৰয়োগ কৰিছিল বিশ্ব স্বাস্থ্য সংস্থাৰ লগতে বিশ্বৰ সকলো চৰকাৰে৷ মেৰী কমে শেহতীয়াকৈ জৰ্ডানৰ আমানত অনুষ্ঠিত হোৱা এছিয়া এছেনিয়া অলিম্পিক যোগ্যতা প্ৰতিযোগিতাত অংশগ্ৰহণ 13 মাৰ্চত নিজ বাসগৃহলৈ উভতি আহিছিল৷ আহিয়ে 14 দিনৰ বাবে আছুতীয়াকৈ গৃহতে থাকিব লাগিছিল খেলুৱৈগৰাকী৷ কিন্তু খেলুৱৈগৰাকীয়ে এইয়া নকৰি যোৱা 18 মাৰ্চত ৰাষ্ট্ৰপতি ভৱনত অনুষ্ঠিত এক আহাৰ অনুষ্ঠানত অংশগ্ৰহণ কৰিছিল৷

ৰাষ্ট্ৰপতিৰ সৈতে আহাৰ গ্ৰহণ অনুষ্ঠান
ৰাষ্ট্ৰপতিৰ সৈতে আহাৰ গ্ৰহণ অনুষ্ঠান

ৰাষ্ট্ৰপতিৰ আনুষ্ঠানিক টুইটাৰ পেজত শ্বেয়াৰ কৰা সেই অনুষ্ঠানৰ আলোকচিত্ৰত দেখা পোৱা গৈছে মেৰী কমক ৷ সেই দিনা বিজেপিৰ বিধায়ক দুশ্যান্ত সিং আৰু কৰ’ণা ভাইৰাছত আক্ৰান্ত হোৱা কণিকা কাপুৰো উপস্থিত আছিল সেই অনুষ্ঠানত৷

বক্সিং প্ৰশিক্ষক চানটিয়াগ’ নীবাই কয়, জৰ্ডানত অংশগ্ৰহণ কৰা সকলো বক্সাৰে 14 দিনৰ আছুতীয়াকৈ থকাটো বাধ্যাতামূলক আছিল৷ আমি 10 দিনৰ পৰিকল্পনা কৰিছিলো ৷ কিন্তু এতিয়া এইটো 14 দিনলৈ বৃদ্ধি কৰা হৈছে ৷

মেৰী কম
মেৰী কম

আনহাতে মেৰী কমে ৰাষ্ট্ৰপতি ভৱনত অংশগ্ৰহণৰ কথা স্বীকাৰ কৰি এক বিবৃত্তি প্ৰদান কৰি কয়, মই জৰ্ডানৰ পৰা আহি নিজ গৃহতে আছো ৷ কেৱল ৰাষ্ট্ৰপতিৰ অনুষ্ঠানতে অংশগ্ৰহণ কৰিছিলো ৷ য’ত মই দুশ্যান্ত সিঙৰ সৈতে কৰমৰ্দন কৰা তথা লগ পোৱা নাই ৷ এতিয়া শনিবাৰে ক’ভিড-19 পৰীক্ষা কৰা হয় ৰাষ্ট্ৰপতি ৰাম নাথ কোবিন্দক ৷

কৰ'ণা ভাইৰাছৰ গইনা লৈ হাফলংত শাক পাচলিৰ দাম বৃদ্ধি

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.