ETV Bharat / sports

Commonwealth Games 2022 : সিন্ধুৰ পাছত এইবাৰ বেডমিন্টনত স্বৰ্ণ অৰ্জন লক্ষ্য সেনৰ

author img

By

Published : Aug 8, 2022, 5:15 PM IST

বেডমিন্টনৰ একক শাখাত একেদিনাই দুটাকৈ স্বৰ্ণ অৰ্জন টীম ইণ্ডিয়াৰ ৷ মহিলাৰ একক শাখাত ভাৰতীয় শ্বাটলাৰ সিন্ধুৰ স্বৰ্ণ পদক অৰ্জনৰ(PV Sindhu Clinches Elusive Singles Gold Medal) পাছত এইবাৰ পুৰুষ শাখাত শ্বাটলাৰ লক্ষ্য সেনে অৰ্জন কৰে সোণৰ পদক(Lakshya Sen win gold in badminton) ।

Lakshya Sen win gold in badminton
বেডমিন্টনত স্বৰ্ণ অৰ্জন লক্ষ্য সেনৰ

স্পৰ্টছ ডেস্ক, 8 আগষ্ট: বেডমিণ্টনত স্বৰ্ণ পদক অৰ্জন ভাৰতৰ তাৰকা খেলুৱৈ লক্ষ্য সেনৰ ৷ লক্ষ্য সেনে পুৰুষৰ একক শাখাৰ ফাইনেলত মালয়েছিয়াৰ এন জি টি য়ংক পৰাস্ত কৰি সোণৰ পদক অৰ্জন কৰে ৷ য়ঙে ভাৰতৰ শ্বাটলাৰ কিদাম্বি শ্ৰীকান্তক পৰাস্ত কৰি ফাইনেলত প্ৰৱেশ কৰিছিল আৰু লক্ষ্য সেনৰ হাতত তেওঁ ফাইনেলত পৰাস্ত হয় ৷

লক্ষ্য সেনে ফাইনেলৰ আৰম্ভণিতে মালয়েছিয়াৰ এন জি টি য়ঙত কৈ ১৯-২১ আৰু ৬-৮ৰ ব্যৱধানত পিছ পৰি আছিল ৷ কিন্তু পিছত লক্ষ্যই নিজৰ প্ৰদৰ্শন দেখুৱাবলৈ সক্ষম হয় আৰু ২১-১৯ ৰ ব্যৱধানত অগ্ৰগতি লাভ কৰে ৷ লক্ষ্য সেনে নিজৰ এই ধাৰা অব্যাহত ৰাখে আৰু মালয়েছিয়াৰ প্ৰতিদ্বন্দীৰ ওপৰত হেঁচা অব্যাহত ৰাখি তৃতীয় ছেটত ২১-১৬ ব্যৱধানত জয়লাভ কৰে ৷

উল্লেখ্য যে, লক্ষ্য সেনে এইবাৰ প্ৰথমবাৰৰ বাবে কমনৱেলথ গেমছত অংশগ্ৰহণ কৰে তেওঁ চমপ্ৰদক প্ৰদৰ্শন সকলোৰে হৃদয় জয় কৰিবলৈ সক্ষম হয় ৷ কমনৱেলথ গেমছত তেওঁ বেডমিন্টনৰ মিশ্ৰিত শাখাত ৰূপৰ পদক অৰ্জন কৰিছিল(Indian athletes at Commonwealth Games) ৷

লগতে পঢ়ক : Commonwealth Games 2022 : বেডমিন্টনত স্বৰ্ণ অৰ্জন পি ভি সিন্ধুৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.