নিউজ ডেক্স, 22 এপ্ৰিলঃ অসমবাসীৰ বাবে দু:খবৰ ৷ এছিয়ান এথলেটিক ছেম্পিয়নছিপৰ 400 মিটাৰত থমকি ৰব লগা হ'ল অসম গৌৰৱ স্বৰ্ণ কন্যা হিমা দাস ৷ দেওবাৰে দোহাত অনুষ্ঠিত 2019 বৰ্ষৰ এছিয়ান এথলেটিক ছেম্পিয়নছিপত হঠাৎ ককালৰ মাংসপেষী বিষৰ বাবে বাহিৰ হ'ব লগা হয় হিমা দাস ৷ 400 মিটাৰ এই শিতানত শ্ৰেষ্ঠত্বৰ অৰ্জন কৰিবলৈ সক্ষম হয় শ্ৰীলংকাৰ নদীশা ৰামানায়কাই ৷
এছিয়ান এথলেটিক চেম্পিয়নশ্বিপ 400 মিটাৰ দৌৰ পৰা বাহিৰ হ'ল হিমা দাস উল্লেখ্য যে, সহ প্ৰশিক্ষক ৰাধাকৃষ্ণণ নায়াৰ জনোৱা মতে, ককালৰ তলৰ অংশত মাংসপেষী বিষৰ বাবে থমকি ৰব লগা হ'ল হিমা দাস ৷ চিকিৎসকৰ পৰামৰ্শ অনুসৰি, দুই এদিনতে সুস্থ হৈ উঠিব হিমা দাস ৷ কিন্তু স্বাস্থ্যজনিত এনে কাৰণত 400 মিটাৰ ৰিলে আৰু 400 মিটাৰ মিক্সত অংশগ্ৰহণ কৰিব পাৰিবনে নাই সেয়া এতিয়াও অনিশ্চয়তাত ৷