স্পৰ্টছ ডেস্ক, ২৪ নৱেম্বৰ : কাটাৰত চলি আছে দুই ভৰিৰ মহাৰণ (FIFA World Cup 2022) । ২০২২ বিশ্বকাপ ফুটবলত এইবাৰ আৰম্ভ হৈছে কেইবাটাও বৃহৎ অঘটনেৰে (Qatar world cup football) । ২০ নৱেম্বৰৰ পৰা আৰম্ভ হোৱা ফিফা বিশ্বকাপত বৃহস্পতিবাৰলৈ মুঠ পাঁচটা দিনৰ মেচত সংঘটিত হৈছে তিনিটা অঘটন । উল্লেখ্য, প্ৰথমবাৰৰ বাবে এছিয়া মহাদেশত অনুষ্ঠিত ফিফা বিশ্বকাপত আটাইতকৈ ডাঙৰ অঘটনটো ঘটাইছে বিশ্ব ফুটবলৰ 'আণ্ডাৰ ডগ' জাপানে । একেদৰে চৌডি আৰবেও ঘটাইছে আন এক অঘটন ।
২০ নৱেম্বৰৰ উদ্বোধনী মেচখনত ফেভাৰিট দল হিচাপে ঘৰুৱা দৰ্শকৰ সন্মুখত ইকুৱেডৰৰ বিপক্ষে খেলপথাৰত নামিছিল আয়োজক দেশ কাটাৰ । সকলোফালৰ পৰায়ে মেচখনত 'হট ফেভাৰিট' আছিল কাটাৰ । কিন্তু ফুটবলপ্ৰেমীৰ এই প্ৰত্যাশা পূৰণত ব্যৰ্থ হয় কাটাৰ । ০-২ গ'লৰ ব্যৱধানত ইকুৱেডৰৰ হাতত বশ্যতা স্বীকাৰ কৰিবলৈ বাধ্য হয় কাটাৰে ।
ইয়াৰ পিছত ২১ নৱেম্বৰত প্ৰথমখন মেচত প্ৰতিদ্বন্দ্বিতাত নামে ইংলেণ্ড আৰু ইৰাণ । উক্ত মেচত নিজৰ স্বাভাৱিক ছন্দৰে উজলি উঠে ইংলেণ্ড । ফলত বিশেষ এটা প্ৰত্যাহ্বান জনাবলৈ সক্ষম নহ'ল ইৰাণ । ফলাফল ৬-২ গ'লত ইংলেণ্ডৰ জয়লাভ ।
২১ তাৰিখৰ দ্বিতীয়খন মেচত ছেনেগাল পৰাস্ত হয় নেদাৰলেণ্ডৰ হাতত । নেদাৰলেণ্ডে ছেনেগালক ২-০ গ'লৰ ব্যৱধানত পৰাস্ত কৰে ।
আনহাতে, ২২ নৱেম্বৰত প্ৰথমখন মেচ অনুষ্ঠিত হয় আমেৰিকা আৰু ৱেলছৰ মাজত । কিন্তু এই মেচখনত আমেৰিকা নিজৰ সুনাম অনুসৰি উদ্ভাসিত হোৱাত বিফল হয় । ফলত মেচৰ ফলাফল ১-১ গ'লত ড্ৰৰে সন্তুষ্ট থাকিবলগা হয় আমেৰিকা ।
২২ নৱেম্বৰৰ দ্বিতীয়খন মেচত সংঘটিত হয় ২০২২ ফিফা বিশ্বকাপৰ প্ৰথমটো বৃহৎ অঘটন (big upset in FIFA world cup 2022) । উক্ত মেচত চৌডি আৰবে প্ৰতিদ্বন্দ্বিতা আগবঢ়াইছিল এইবাৰৰ বিশ্বকাপৰ অন্যতম দাবীদাৰ আৰ্জেণ্টিনাৰ বিৰুদ্ধে । কিন্তু চৌডি আৰবে দেখুৱাই দিলে যে এছিয়ান ফুটবল এতিয়া পানী কেঁচুৱা হৈ থকা নাই । ক্ৰমাৎ পৰিপক্বতা লাভ কৰি এছিয়ান ফুটবলেও এতিয়া ইউৰোপিয়ান ফুটবলৰ সৈতে সমানে ফেৰ মাৰিব পৰা হৈছে । কেৱল সিমানেই নহয়, বিশ্বকাপৰ দৰে অতি গুৰুত্বপূৰ্ণ প্ৰতিযোগিতাত আৰ্জেণ্টিনাৰ দৰে বিশ্ববিজয়ী দলৰ বিজয় ৰথ স্তব্ধ কৰিবলৈও সক্ষম । আৰু সেয়াই কৰি দেখুৱালে (Soudi Arabia beat Arjentina in 2022 world cup) । গ্ৰুপ চিৰ এই আৰম্ভণি মেচখনত চৌডি আৰবে আৰ্জণ্টিনাক ২-১ গ'লৰ ব্যৱধানত পৰাস্ত কৰি ফুটবল বিশ্বক হতচকিত কৰি তোলে ।
উল্লেখ্য, বিশ্ব ফুটবলৰ ৫১ সংখ্যক ৰেংকত থকা চৌডি আৰবে মেচখনৰ আৰম্ভণিতে আৰ্জেণ্টাইন তাৰক মেছিৰ ভৰিৰ যাদুত ১-০ গ'লত পিছপৰি আছিল । কিন্তু ইয়াৰ পিছত যেন সাৰ পায় এছিয়ান ফুটবলৰ সিংহ । প্ৰত্যাক্ৰমণ কৰি আৰ্জেণ্টিনাক দিশহাৰা কৰি তোলাই নহয়, চালেহ আল চেহৰি আৰু চালেম আল ডাৱছেৰিৰ গ'ল দুটাৰ জৰিয়তে বিজয় আঁজুৰি আনে । ফলত নিজৰ জীৱনৰ অন্তিমখন বিশ্বকাপত অংশগ্ৰহণ কৰা মেছিৰ দলটোৱে হতাশাৰেই কাটাৰ বিশ্বকাপৰ যাত্ৰা আৰম্ভ কৰিবলগা হয় ।
২২ তাৰিখৰ আন দুখন মেচ গ'লশূন্যভাৱেই সমাপ্ত হয় । তাৰে এখন মেচত ডেনমাৰ্ক অৱতীৰ্ণ হৈছিল টিউনিছিয়াৰ বিৰুদ্ধে । আনখন মেচত মেক্সিকো অৱতীৰ্ণ হৈছিল পোলেণ্ডৰ বিৰুদ্ধে ।
২৩ নৱেম্বৰৰ প্ৰথমখন মেচ অনুষ্ঠিত হয় ফ্ৰান্স আৰু অষ্ট্ৰলিয়াৰ মাজত । বৰ্তমানৰ ফিফা বিশ্বকাপ চেম্পিয়ন ফ্ৰান্সে অষ্ট্ৰেলিয়াৰ বিৰুদ্ধে বিশেষ এটা কষ্ট কৰিবলগা নহ'ল । মেচৰ ফলাফল ফ্ৰান্সৰ সপক্ষে ৪-১ গ'ল । আন এখন মেচত মৰক্কো আৰু ক্ৰোৱেছিয়াই গ'লশূন্যভাৱে পইণ্ট ভগাই লয় ।
২৩ নৱেম্বৰত ফুটবল ইতিহাসত আন এক বৃহৎ অঘটন ঘটায় আন এক এছিয়ান সিংহই । 'আণ্ডাৰ ডগ' জাপানে পৰাস্ত কৰে পূৰ্বৰ বিশ্বকাপ বিজয়ী জাৰ্মানী দলক (Japan beat Germany in 2022 world cup) । চাৰিবাৰৰ বিশ্বকাপ বিজয়ী জাৰ্মানীক গ্ৰুপ ইৰ আৰম্ভণি মেচখনত জাপানে খলিফা আন্তৰাষ্ট্ৰীয় ষ্টেডিয়ামত ৰণত পেলায় । তিনিটা গ'লৰ উত্তেজনাপূৰ্ণ মেচখনত অন্তিম মুহূৰ্তত দিয়া দুটা গ'লেৰে জাপানে একপ্ৰকাৰ জাৰ্মানীৰ হাতৰ পৰা আঁজুৰি আনে নিজৰ বিজয় । ২০১৪ বিশ্বকাপ ফুটবলৰ চেম্পিয়ন জাৰ্মানীৰ বিৰুদ্ধে জাপানৰ হৈ এই বিজয়সূচক গ'ল দুটা দিয়ে ৰিটছু ডোৱাল আৰু টাকুমা আছানোৱে ।
আনহাতে, ২৩ তাৰিখৰ আন এখন গ্ৰুপ ইৰ মেচত স্পেইনে সৃষ্টি কৰে নিজৰ বিশ্বকাপ ইতিহাস । কোষ্টা ৰিকাক ৭-০ গ'লৰ ব্ৱধানত পৰাস্ত কৰি বিশ্বকাপ ইতিহাসত সৰ্বাধিক ব্যৱধানত জয়ৰ নিজৰ ৰেকৰ্ড গঢ়ে স্পেইনে ।
ইয়াৰ উপৰি ২৪ নৱেম্বৰৰ মেচকেইখনত বেলজিয়ামে কানাডাক ১-০ গ'লত পৰাস্ত কৰে । উৰুগুৱে বনাম দক্ষিণ কোৰিয়াৰ মেচ ০-০ গ'লত ড্ৰ হয়, পৰ্তুগালে ঘানাক ৩-২০ গ'লৰ ব্যৱধানত আৰু ব্ৰাজিলে ছাৰ্বিয়াক ২-০ গ'লৰ ব্যৱধানত পৰাস্ত কৰে । উল্লেখ্য, পৰ্তুগাল আৰু ঘানাৰ মাজৰ মেচখনত পৰ্তুগাল তাৰকা ফুটবলাৰ ৰোণাল্ডোৱে এক নতুন ইতিহাস ৰচনা কৰে । পাঁচখন বিশ্বকাপত গ'ল কৰা একমাত্ৰ পুৰুষ ফুটবলাৰ হিচাবে পৰিগণিত হয় ৰোণাল্ডো (Ronaldo set history in world cup) ।
লগতে পঢ়ক :FIFA world cup 2022: প্ৰথমবাৰৰ বাবে ৰেফাৰীৰ দায়িত্বত মহিলা