স্পৰ্টছ ডেস্ক, 1 জুলাইঃ পুনৰ আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত উজলিবলৈ সক্ষম হৈছে অসমজীয়ৰী ৷ অষ্ট্ৰেলিয়াত অনুষ্ঠিত হোৱা Asia Pacific Lawn Bowls Championship 2019 ত ব্ৰঞ্জৰ পদক জিনিলে গুৱাহাটী মহানগৰীৰ বাৰোৱাড়ীৰ তানীয়া চৌধুৰীয়ে ।
অষ্ট্ৰেলিয়াৰ গল্ড ক’ষ্টত অনুষ্ঠিত হোৱা Asia Pecific Lawn Bowls Championship 2019ৰ ছিংগলছ আৰু ৱমেন্ছ ত্ৰিপল আন্তঃৰাষ্ট্ৰীয় শাখাত ভাৰতক প্ৰতিনিধিত্ব কৰি আঁজুৰি আনিলে ব্ৰঞ্জৰ পদক ৷ অসমৰ পাঁচজনকৈ খেলুৱৈয়ে অংশগ্ৰহণ কৰিছিল এই প্ৰতিযোগিতাত ৷ বৰঝাৰ বিমানবন্দৰত উপস্থিত হোৱাৰ লগে লগে আত্মীয়ৰ লগতে শুভকাংশীয়ে উষ্ম আদৰণি জনায় বিমানবন্দৰত ।