ETV Bharat / sports

বেলজীয়ামত জয়ধ্বজ্জা উৰুৱাই মাতৃভূমি পালেহি ভাৰতীয় হকী দল - ছেপ্তেম্বৰৰ 26 তাৰিখৰ পৰা অক্টোবৰৰ 3 তাৰিখলৈ অনুষ্ঠিত মেচ

বেলজিয়ামত বৃহৎ সফলতা লাভ কৰি শনিবাৰে ভাৰতলৈ প্ৰত্যাৱৰ্তন কৰিছে ভাৰতীয় হকী দলে ৷ বেলজিয়াম ভ্ৰমণত ভাৰতীয় দলটোৱে 5 খনীয়া শৃংখলাৰ আটাইকেইখন মেচতে বিজয় সাব্যস্ত কৰিবলৈ সক্ষম হয় ৷ 5 খন মেচৰ দুখনত স্পেইন আৰু তিনিখনত বেলজিয়ামৰ বিৰুদ্ধে জয়ী হয় দলটোৱে ৷

ভাৰতীয় হকী দল
author img

By

Published : Oct 5, 2019, 4:46 PM IST

স্পৰ্টছ ডেস্ক, 5 অক্টোবৰ : বেলজিয়ামত বৃহৎ সফলতা লাভ কৰি শনিবাৰে ভাৰতলৈ প্ৰত্যাৱৰ্তন কৰিছে ভাৰতীয় হকী দলে ৷ বেলজিয়াম ভ্ৰমণত ভাৰতীয় দলটোৱে 5 খনীয়া শৃংখলাৰ আটাইকেইখন মেচতে বিজয় সাব্যস্ত কৰিবলৈ সক্ষম হয় ৷ 5 খন মেচৰ দুখনত স্পেইন আৰু তিনিখনত বেলজিয়ামৰ বিৰুদ্ধে জয়ী হয় দলটোৱে ৷ উল্লেখ্য যে, ছেপ্তেম্বৰৰ 26 তাৰিখৰ পৰা অক্টোবৰৰ 3 তাৰিখলৈ এই শৃংখলা অনুষ্ঠিত কৰা হৈছিল ৷

বেলজিয়াম ভ্ৰমণ
ভাৰতীয় হকী দল

বেলজিয়ামৰ বিৰুদ্ধে প্ৰথমখন মেচত 2-0 ব্যৱধানত জয়ী হয় ভাৰতীয় দল ৷ ইয়াৰ পাছতে স্পেইনৰ বিৰুদ্ধে দ্বিতীয় আৰু তৃতীয় মেচত 6-1 আৰু 5-1 ৰ ব্যৱধানত জয়ী হয় দলটো ৷ চূড়ান্ত দুখন মেচত বেলজিয়ামৰ বিৰুদ্ধেও জয়ী হয় ভাৰতীয় হকী দলটো ৷

বেলজিয়াম ভ্ৰমণ
ভাৰতীয় দলৰ মুখ্য প্ৰশিক্ষক গ্ৰাহাম ৰেইড

আগন্তুক অলিম্পিক কোৱালিফায়াৰ্ছৰ পূৰ্বে এয়া 'যোগ্য প্ৰস্তুতি' বুলি মন্তব্য কৰে ভাৰতীয় দলৰ মুখ্য প্ৰশিক্ষক গ্ৰাহাম ৰেইডে ৷

এই সম্পৰ্কত দলটোৰ অধিনায়ক মনপ্ৰীত সিঙে মন্তব্য কৰে, "স্পেইন আৰু বেলজিয়ামৰ বিৰুদ্ধে জয়ে দলটোৰ আত্মবিশ্বাস বৃদ্ধি কৰিছে ৷ অলিম্পিকৰ কোৱালিফায়িঙৰ বাবে এই জয়ে গুৰুত্বপূৰ্ণ অৰিহণা যোগাব ৷ বেলজিয়াম ভ্ৰমণত প্ৰতিজন খেলুৱৈয়ে সুন্দৰ প্ৰদৰ্শন আগবঢ়়াবলৈ সক্ষম হ'ল ৷"

Intro:Body:Conclusion:

For All Latest Updates

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.