ETV Bharat / sports

দেশলৈ উভতিল অলিম্পিক টেষ্ট ইভেন্ট জয়ী ভাৰতীয় দল - জাপানক 2 - 1 ৰ ব্যৱধানত পৰাস্ত মহিলা হকী দলৰ

অলিম্পিক টেষ্ট ইভেন্ট দখল কৰি ভাৰতলৈ উভতিছে ভাৰতীয় পুৰুষ আৰু মহিলা হকী দল ৷ আগষ্টৰ 21 তাৰিখে পুৰুষ দলটোৱে ফাইনেলত নিউজিলেণ্ডক 5 - 0 ৰ ব্যৱধানত পৰাস্ত কৰাৰ লগতে মহিলা দলটোৱে জাপানক 2 - 1 ৰ ব্যৱধানত পৰাস্ত কৰে ৷

দেশলৈ উভতিল অলিম্পিক টেষ্ট ইভেন্ট জয়ী ভাৰতীয় দল
author img

By

Published : Aug 23, 2019, 12:58 PM IST

স্পৰ্টছ ডেস্ক, 23 আগষ্ট : ভাৰতীয় পুৰুষ আৰু মহিলা হকী দলে বৃহস্পতিবাৰে ট'কিঅ অলিম্পিক টেষ্ট ইভেন্টৰ চেম্পিয়নৰ খিতাপ দখল কৰি ভাৰতলৈ উভতিছে ৷ আগষ্টৰ 21 তাৰিখে পুৰুষ দলটোৱে ফাইনেলত নিউজিলেণ্ডক 5 - 0 ৰ ব্যৱধানত পৰাস্ত কৰাৰ লগতে মহিলা দলটোৱে জাপানক 2 - 1 ৰ ব্যৱধানত পৰাস্ত কৰে ৷

দেশলৈ উভতিল অলিম্পিক টেষ্ট ইভেন্ট জয়ী ভাৰতীয় দল
ভাৰতীয় মহিলা হকী দল

ভাৰতত উপস্থিত হৈ পুৰুষ দলৰ অধিনায়ক হৰমনপ্ৰীত সিঙে মন্তব্য কৰে যে, অলিম্পিক কোৱালিফায়াৰৰ পূৰ্বে এয়া বৃহৎ জয় যিহেতু অলিম্পিক অনুষ্ঠিত হ'বলগীয়া গ্ৰাউণ্ডতে তেওঁলোকে অলিম্পিক টেষ্ট ইভেন্ট জয় কৰিবলৈ সক্ষম হৈছে ৷ এই টুৰ্ণামেন্টলৈ যোৱাৰ পূৰ্বেই দলটোৱে পদক জয় কৰিব বুলি আত্মবিশ্বাসী আছিল বুলি মন্তব্য কৰে অধিনায়ক গৰাকীয়ে ৷ উল্লেখ্য যে, পুৰুষ দলটোৱে তিনিখনকৈ মেচত অংশগ্ৰহণ কৰিছিল আৰু লীগ পৰ্যায়ত নিউজিলেণ্ডৰ হাতত পৰাস্ত হৈছিল যদিও ফাইনেলত নিউজিলেণ্ডক বিধস্ত কৰিবলৈ সক্ষম হয় ৷

ভাৰতীয় পুৰুষ হকী দল

আনহাতে, ভাৰতীয় মহিলা দলৰ অধিনায়ক ৰাণী ৰামপালে মন্তব্য কৰে যে, অলিম্পিকলৈ এটা বছৰ থকাৰ পূৰ্বে এই টুৰ্ণামেন্ট এক বৃহৎ অভিজ্ঞতা ৷ দলে সুন্দৰ প্ৰদৰ্শন কৰিবলৈ সক্ষম হোৱা বুলিও মন্তব্য কৰে খেলুৱৈ গৰাকীয়ে ৷ জাপান, চীন আৰু অষ্ট্ৰেলিয়া শক্তিশালী দল আছিল আৰু তেওঁৰ দলটো সঠিক পথত গতি কৰিছে বুলি মন্তব্য কৰে ৰাণীয়ে ৷ উল্লেখ্য যে, অলিম্পিকত স্থান লাভৰ বাবে ভাৰতীয় মহিলা দলটোৱেও অলিম্পিক কোৱালিফায়াৰত অংশগ্ৰহণ কৰিব ৷ মহিলা দলটোৱে ফাইনেলত জাপানক বিধস্ত কৰিবলৈ সক্ষম হয় ৷

ভাৰতীয় দলৰ প্ৰধান প্ৰশিক্ষক গ্ৰাহাম ৰেইডে মন্তব্য কৰে যে, যুৱ খেলুৱৈ সকলৰ অৰ্হতা সমূহ বিচাৰি উলিয়াবলৈ এই টুৰ্ণামেন্টে বহু সহায় কৰিব ৷ অলিম্পিক কোৱালিফায়াৰত ভাল প্ৰদৰ্শন কৰিবলৈ সক্ষম হ'ব বুলি আশা প্ৰকাশ কৰে প্ৰশিক্ষক গৰাকীয়ে ৷

Intro:Body:Conclusion:
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.