নিউজ ডেস্ক, 3 এপ্ৰিলঃভূৱনেশ্বৰত পূৰ্ব নিৰ্ধাৰিত সূচীমতেই অনুষ্ঠিত হ'বলগীয়া হকী ছিৰিজ ফাইনেলছে আশাৰ বতৰা কঢ়িয়াই অনিছে ভাৰতীয় হকীৰ বাবে ৷ ভাৰতে অহা বছৰৰ অলিম্পিকত প্ৰৱেশৰ পথ প্ৰশস্ত কৰাৰ একমাত্ৰ সহায়ক হিচাপে আছিল এই টুৰ্ণামেন্ট ৷ আন্তৰ্জাতিক অলিম্পিক কমিটিয়ে আন্তৰ্জাতিক ইভেণ্টসমূহ ভাৰতত নিষিদ্ধ কৰাৰ পাছতো এই টুৰ্ণামেন্ট অনুষ্ঠিত কৰাৰ অনুমতি লাভ কৰাৰ পাছতে বৃহৎ সকাহ হিচাপে পৰিগণিত হৈছে ভাৰতৰ বাবে ৷
উল্লেখ্য যে, ফেব্ৰুৱাৰীত সংঘটিত হোৱা পুলৱামা আক্ৰমণৰ পাছতে ভাৰতে পাকিস্তানৰ তিনিজনকৈ খেলুৱৈক ভিছা প্ৰদানত অস্বীকাৰ কৰাৰ পাছতে আন্তৰ্জাতিক অলিম্পিক কমিটিয়ে ভাৰতৰ ওপৰত এই নিষিদ্ধকৰণ আৰোপ কৰিছিল ৷