ETV Bharat / sports

টকিঅ' অলিম্পিক : ভাৰতীয় হকী দলক লৈ আশাবাদী ধনৰাজ পিল্লাই - ফিটনেছ

লক্ষ্য টকিঅ' অলিম্পিক (Tokyo Olympic) ৷ প্ৰায় 3.30 কোটি জনতাৰ স্বপ্নক লৈ ইতিমধ্যে টকিঅ’লৈ ৰাওনা হৈছে ভাৰতীয় দল ৷ এনে সময়তে ভাৰতীয় হকী দলৰ পদক লাভৰ সম্ভাৱনাক লৈ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে মহান হকী খেলুৱৈ ধনৰাজ পিল্লায়ে (Dhanraj Pillay) ৷

টকিঅ' অলিম্পিক: ভাৰতীয় হকী দলক লৈ আশাবাদী ধনৰাজ পিল্লাই

author img

By

Published : Jul 14, 2021, 9:53 PM IST

স্পৰ্টছ ডেস্ক, 14 জুলাই : আগন্তুক টকিঅ' অলিম্পিক (Tokyo Olympics)ত ভাৰতীয় হকী দলে পদক লাভ কৰিবলৈ সক্ষম হ’ব বুলি আশাবাদী ভাৰতীয় মহান হকী খেলুৱৈ ধনৰাজ পিল্লাই (Dhanraj Pillay) ৷ ১৯৯২ চনৰ পৰা ২০০৪ চনলৈ একেৰাহে চাৰিবাৰকৈ অলিম্পিকত ভাৰতক প্ৰতিনিধিত্ব কৰা পিল্লাই কয় যে ২৩ জুলাইৰ পৰা আৰম্ভ হ'বলগীয়া টকিঅ' (Tokyo Olympics)ত অলিম্পিকত অংশগ্ৰহণ কৰিবলৈ যোৱা মনপ্ৰীট সিঙ (Manpreet Singh)ৰ নেতৃত্বত ভাৰতীয় দলটোৰ এইবাৰ প্ৰধান সম্পদ হৈছে ফিটনেছ (Fitness) । মই অতি আত্মবিশ্বাসী যে তেওঁলোকে এইবাৰ কৰি দেখুৱাব ।

তেওঁ লগতে কয় যে, বিগত ৫ বছৰত দলটোৱে ভাল প্ৰদৰ্শন কৰি আহিছে । ফিটনেছ (Fitness) হৈছে তেওঁলোকৰ আটাইতকৈ ডাঙৰ সম্পদ । সেই দিনবোৰত, আমাৰ ওচৰত এতিয়া তেওঁলোকৰ দৰে সমৰ্থন প্ৰণালী নাছিল । এই দলটোৱে শেহতীয়াকৈ বিশেষকৈ চেম্পিয়নছ ট্ৰফী (২০১৬ আৰু ২০১৮ ত) আৰু ৱ’ৰ্ল্ড লীগ ফাইনেলছ (২০১৫ আৰু ২০১৭)ৰ প্ৰদৰ্শনেৰে লাখ লাখ অনুৰাগীৰ হৃদয় জয় কৰিবলৈ সক্ষম হৈছে ৷

উল্লেখ্য যে, এইবাৰ ক’ভিড প্ৰট’কল (COVID-19)ৰ বাবে ভাৰতীয় দলটোক ব্যক্তিগতভাৱে সাক্ষাৎ কৰিব নোৱাৰিলে ধনৰাজ পিল্লায়ে (Dhanraj Pillay) ৷ যাৰবাবে প্ৰাক্তন খেলুৱৈগৰাকীয়ে পুৰুষ হকী দলৰ অধিনায়ক মনপ্ৰীট সিং (Manpreet Singh)আৰু মহিলা হকী দলৰ অধিনায়ক ৰাণী ৰামপাল (Rani Rampal)লৈ এখন পত্ৰ প্ৰেৰণ কৰিছে ৷ এই পত্ৰত তেওঁ দুয়োটা দলক শুভেচ্ছা জনায় টকিঅ' অলিম্পিক (Tokyo Olympics)ত সফলতা কামনা কৰে ।

পিল্লাই (Dhanraj Pillay) টকিঅ' অলিম্পিক (Tokyo Olympics)লৈ যোৱা পূৰ্বে ভাৰতীয় দল দুটাক বেছি চিন্তা নকৰিবলৈ পৰামৰ্শ দিয়ে । তেওঁ লগতে কয় যে, আমি প্ৰতিবাৰেই অলিম্পিকত কৰা ডাঙৰ ভুলটো হৈছে আমি প্ৰতিদিনাৰ খেলৰ পৰিৱৰ্তে ফাইনেল মেচখনক লক্ষ্য কৰি লওঁ ।

লগতে পঢ়ক : টকিঅ' অলিম্পিকৰ উদ্বোধনী অনুষ্ঠানত অংশ ল'ব জিল বাইডেনে

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.