ETV Bharat / sports

প্ৰশিক্ষণলৈ উভতিল আৰ্জেন্টিনাৰ ষ্ট্ৰাইকাৰ মেছী - লা লিগা

কৰ'ণা ভাইৰাছৰ বাবে লা লিগা স্থগিত হৈ পৰাৰ পাচত প্ৰথমবাৰৰ বাবে বাৰ্ছিলোনাই ৰিয়েল মেলোৰ্কাৰ বিৰুদ্ধে 13 জুনত অৱতীৰ্ণ হ'ব ৷

লা লিগা
প্ৰশিক্ষণলৈ উভতিল আৰ্জেন্টিনাৰ ষ্ট্ৰাইকাৰ মেছী
author img

By

Published : Jun 7, 2020, 2:26 PM IST

স্পৰ্টছ ডেস্ক, 7 জুন : কৰ'ণা ভাইৰাছৰ বাবে সমগ্ৰ বিশ্বজুৰি খেলজগতখনো স্থগিত হৈ পৰিছিল ৷ কিন্তু শেহতীয়াকৈ প্ৰীমিয়াৰ লীগৰ লগতে কিছুসংখ্যক বৃহৎ প্ৰতিযোগিতা আৰম্ভ হোৱাৰ সংকেত লাভ কৰা হৈছে ৷ আৰ্জেন্টিনাৰ ষ্ট্ৰাইকাৰ তথা ফুটবল তাৰকা লিয়নেল মেছীয়ো উভতিছে প্ৰশিক্ষণলৈ ৷ লা লিগাত অংশগ্ৰহণৰ বাবে বাৰ্ছিলোনা দলৰ কেম্প নৌত আয়োজন কৰা প্ৰশিক্ষণ শিবিৰত অংশগ্ৰহণ কৰিছে মেছীয়ে ৷

প্ৰশিক্ষণলৈ উভতিল আৰ্জেন্টিনাৰ ষ্ট্ৰাইকাৰ মেছী

এই সপ্তাহৰ আৰম্ভণিতে বাৰ্ছিলোনাই মন্তব্য কৰিছিল যে, মেছী আঘাতপ্ৰাপ্ত হৈছে আৰু অন্য খেলুৱৈসকলৰ সৈতে প্ৰশিক্ষণত অংশগ্ৰহণ কৰিব নোৱাৰে ৷ সেই সময়ছোৱাত বাৰ্ছিলোনাৰ অধিনায়ক মেছীয়ে ব্যক্তিগতভাৱে প্ৰশিক্ষণ চলাই গৈছিল যদিও শনিবাৰে দলৰ সৈতে যোগ দিয়ে ৷

উল্লেখ্য যে, কৰ'ণা ভাইৰাছৰ বাবে লা লিগা স্থগিত হৈ পৰাৰ পাচত প্ৰথমবাৰৰ বাবে বাৰ্ছিলোনাই ৰিয়েল মেলোৰ্কাৰ বিৰুদ্ধে 13 জুনত অৱতীৰ্ণ হ'ব ৷

11 জুনৰ পৰা লা লিগাৰ মেচসমূহ আৰম্ভ হ'ব আৰু সকলো মেচ দৰ্শকৰ অনুপস্থিতিত অনুষ্ঠিত কৰা হ'ব ৷

এই ছিজনত মেছীয়ে 24 টাকৈ গ'ল কৰিবলৈ সক্ষম হৈছে ৷ এই 24 টা গ'লৰে 19 টা লা লিগাত কৰাৰ ফলত স্পেইনত গ'ল কৰা ফুটবলাৰৰ শীৰ্ষ স্থানত আছে মেছী ৷

তেওঁৰ পাচতে 10 টাকৈ গ'লেৰে দ্বিতীয় স্থানত আছে বেয়াৰ্ন মিউনিখৰ ষ্ট্ৰাইকাৰ ৰবাৰ্ট লেৱান্দোস্কি ৷

আনহাতে, বাৰ্ছিলোনাই শনিবাৰে ঘোষণা কৰিছিল যে, চিকিৎসকৰ আজ্ঞানুসৰি লুইছ ছুৱাৰেজেও প্ৰতিযোগিতাত অংশগ্ৰহণ কৰিব পাৰিব ৷ উল্লেখ্য যে, 12 জানুৱাৰীত সোঁ-আঁঠুত আঘাত লাভ কৰা বাবে 33 বৰ্ষীয় উৰুগুৱান ষ্ট্ৰাইকাৰ গৰাকীৰ অস্ত্ৰোপচাৰ সম্পন্ন কৰা হৈছিল ৷

লা লিগা
লুইছ ছুৱাৰেজ

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.