ETV Bharat / sports

পুনৰ দুজন লোকৰ দেহত কৰ'ণা ভাইৰাছ : ইংলিছ প্ৰীমিয়াৰ লীগ

author img

By

Published : May 24, 2020, 3:23 PM IST

এগৰাকী খেলুৱৈৰ লগতে এগৰাকী ক্লাৱৰ কৰ্মচাৰী দেহত কৰ'ণা ভাইৰাছৰ অৱস্থিতি ধৰা পৰা কথা সদৰী কৰিছে ইংলিছ প্ৰীমিয়াৰ লীগে । আক্ৰান্ত দুয়োকে বৰ্তমানে ৭ দিনৰ ছেল্ফ আইচ'লেচনত ৰখা হৈছে ।

Premier League confirms two more positive coronavirus cases

স্পৰ্টছ ডেস্ক, ২৪ মে': শনিবাৰে ইংলিছ প্ৰীমিয়াৰ লীগৰ পৰা সদৰী কৰা হয় পুনৰ দুজন লোকৰ দেহত কৰ'ণা ভাইৰাছৰ অৱস্থিতি ধৰা পৰাৰ কথা । ইয়াৰ লগে-লগে বৰ্তমানলৈকে ইংলিছ প্ৰীমিয়াৰ লীগৰ ক্লাৱ সমূহৰ মুঠ ৮ জন লোকৰ দেহত ধৰা পৰিছে কৰ'ণা ভাইৰাছৰ বীজাণু ।

প্ৰীমিয়াৰ লীগৰ পৰা দিয়া এক বিবৃতিত উল্লেখ কৰা হৈছে যোৱা ১৯, ২১ আৰু ২২ মে'ত মুঠ ৯৯৬ গৰাকী খেলুৱৈ আৰু ক্লাৱৰ কৰ্মচাৰী সকলৰ COVID-১৯ ৰ পৰীক্ষা কৰা হয় । য'ত ২ গৰাকী লোকৰ দেহত ধৰা পৰে COVID-১৯ ৰ অৱস্থিতি । পিচত দুয়ো আক্ৰান্তকে ছেল্ফ আইচ'লেচনত ৭ দিনৰ বাবে ৰখা হৈছে বুলি জানিবলৈ দিয়ে ।

এই তথ্য পোহৰলৈ অহাৰ পাচতেই আন এক বিবৃতিত ইংলিছ প্ৰীমিয়াৰ লীগৰ তৰফৰ পৰা কোৱা হৈছে, দ্বিতীয় পৰ্যায়ৰ পৰীক্ষণৰ ক্ষেত্ৰত প্ৰত্যেক ক্লাৱৰ পৰা পৰীক্ষা কৰাৰ সংখ্যা ৪০ ৰ পৰা ৫০ লৈ বৃদ্ধি কৰাৰ কথা । পূৰ্বতে প্ৰত্যেক ক্লাৱৰ পৰা ৪০ জনকৈ সদস্যই পৰীক্ষা কৰাৰ অনুমতি আছিল যদিও বৰ্তমানে ইয়াক ৫০ জনলৈ বৃদ্ধি কৰা হৈছে ।

ইয়াৰ পূৰ্বে প্ৰীমিয়াৰ লীগে ৭৪৮ গৰাকী খেলুৱৈ আৰু ক্লাৱৰ কৰ্মচাৰীৰ COVID-১৯ ৰ পৰীক্ষা কৰিছিল য'ত ৬ গৰাকী লোকৰ দেহত কৰ'ণা পজিটিভ লাভ কৰিবলৈ সক্ষম হৈছিল ।

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.