ETV Bharat / sports

মেচ ফিক্সিংঃ নাইজেৰিয়াৰ প্ৰশিক্ষকক ফিফাৰ আজীৱন নিষেধাজ্ঞা - নাইজেৰিয়া

মেচ ফিক্সিঙত জড়িত হোৱা বাবে নাইজেৰিয়াৰ প্ৰাক্তন প্ৰশিক্ষকক ছেমছন ছিয়াছিয়াকক আজীৱন নিষেধাজ্ঞা ৷

মেচ ফিক্সিংঃ নাইজেৰিয়াৰ প্ৰশিক্ষকক ফিফাৰ আজীৱন নিষেধাজ্ঞা
author img

By

Published : Aug 18, 2019, 7:58 AM IST

স্পৰ্টছ, 18 আগষ্টঃ মেচ ফিক্সিঙত জড়িত হোৱা বাবে নাইজেৰিয়াৰ প্ৰাক্তন প্ৰশিক্ষক ছেমছন ছিয়াছিয়াক শনিবাৰে আজীৱন নিষেধাজ্ঞা আৰোপ কৰে ফিফাই ৷ ফিফাৰ অনুশাসন কমিটীৰ তদন্তত ছিয়াছিয়াই খেলৰ ফলাফল নিৰ্ধাৰণৰ বাবে উৎকোচ লোৱা বুলি প্ৰমাণিত হৈছিল ৷ ইয়াৰ পাচতেই এই সিদ্ধান্ত গ্ৰহণ কৰে ফিফাৰ উচ্চ বিষয়াই ৷ ফিফাই ছিংগাপুৰৰ কুখ্যাত মেচ ফিক্সাৰ উইলচন ৰাজ পেৰুমালৰ ওপৰত দীৰ্ঘদিন ধৰি কৰি থকা তদন্তত এই কথা পোহৰলৈ আহে ৷

বৰ্তমান ছিয়াছিয়াক ৰাষ্ট্ৰীয় আৰু আন্তঃৰাষ্ট্ৰীয় ফুটবলত যিকোনো খেল বা প্ৰশাসনিক অংশগ্ৰহণত আজীৱন নিষেধাজ্ঞা আৰোপ কৰিছে ফিফাই ৷ এজন ষ্ট্ৰাইকাৰ হিচাপে নাইজেৰিয়া ফুটবল দলক 51 খন আন্তঃৰাষ্ট্ৰীয় খেলত প্ৰতিনিধিত্ব কৰিছিল ছিয়াছিয়াই ৷ ইয়াৰ লগতে ৰাষ্ট্ৰীয় যুৱ দলসমূহক প্ৰশিক্ষণ দিছিল প্ৰাক্তন প্ৰশিক্ষকগৰাকীয়ে ৷

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.