ETV Bharat / sports

লা লীগা : ইবাৰৰ বিৰুদ্ধে ৰিয়েল মাদ্ৰিদৰ জয় লাভ - 3-1 গ'লত জয় লাভ ৰিয়াল মেদ্ৰিডৰ

লা লীগাত দেওবাৰে অনুষ্ঠিত হোৱা মেচত 3-1 গ'লত জয় লাভ ৰিয়েল মাদ্ৰিদৰ । এই জয়ৰ পিচতেই পইণ্টছ টেবুলৰ দ্বিতীয় স্থানত উত্তীৰ্ণ দলটো ।

la liga marcelo takes knee as real madrid beat eibar

author img

By

Published : Jun 15, 2020, 11:40 PM IST

স্পৰ্টছ ডেস্ক, 15 জুনঃ লা লীগা চেম্পিয়নশ্বিপত ইবাৰৰ বিৰুদ্ধে গুৰুত্বপূৰ্ণ জয় লাভ ৰিয়েল মাদ্ৰিদৰ । ইবাৰৰ বিৰুদ্ধে 3-1 গ'লত জয় লাভ কৰি পুনৰ বিজয়ৰ অভিযান আৰম্ভ দলটোৰ । এই মেচখনতেই মাৰ্চেলোই গ'ল কৰাৰ পাচত ব্লেক লাইফ মেটাৰ অভিযানৰো সমৰ্থন কৰা দেখা পোৱা যায় । ব্ৰাজিল নিৱাসী ৰিয়েলৰ ডিফেণ্ডাৰ খেলুৱৈগৰাকীয়ে 37 মিনিটত দলৰ হৈ তৃতীয়টো গ'ল কৰি বাওঁভৰিৰে আঁঠুকাঢ়ি হাত জোকাৰি ইয়াৰ সমৰ্থন কৰে ।

মাৰ্চেলোৰ ব্লেক লাইফ অভিযানক সমৰ্থন
মাৰ্চেলোৰ ব্লেক লাইফ অভিযানক সমৰ্থন

আমেৰিকাত কৃষ্ণাংগবৰণৰ জৰ্জ ফ্লেয়ড নামৰ লোকজনক হত্যাৰ পাচতেই বৰ্ণবৈষম্যক লৈ ব্যাপক প্ৰতিবাদৰ সৃষ্টি হৈছিল । এই ক্ষেত্ৰত পিচ পৰি ৰোৱা নাই ক্ৰীড়াজগতো । লা লীগাতো দেখা গ'ল একে অনুৰূপ ছবি ।

এই জয়ত ৰিয়েল মাদ্ৰিদৰ হৈ গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে ট'নী ক্ৰোছ, ছৰ্জিয়া ৰামোছে আৰু মাৰ্চিলোই । তিনিওয়ে দলটোৰ হৈ এটাকৈ গ'ল কৰিবলৈ সক্ষম হয় । আনহাতে ইবাৰৰ হৈ একমাত্ৰ গ'লটো কৰে পেড্ৰো বিগাছে । দৰ্শকবিহীন ষ্টেডিয়ামত আয়োজন কৰা হৈছিল এই মেচখন ।

ইপিনে ৰিয়েল মাদ্ৰিদৰ সৈতে জিদানৰ এইখন আছিল 200 সংখ্য়ক মেচ । মাদ্ৰিদৰ প্ৰশিক্ষকৰ ৰূপত তেওঁৰ এইখন আছিল 90 সংখ্যক বিজয়ী মেচ । মিগুৱেল মনোজ (257 জয়)ৰ পাচতেই আটাইতকৈ বেছি জয় লাভ কৰা প্ৰশিক্ষকৰ দ্বিতীয় স্থানত আছে জিদান ।

এই জয়ৰ পাচতেই লা লীগাৰ পইণ্টছ টেবুলৰ দ্বিতীয় স্থানত আছে ৰিয়েল মাদ্ৰিদ । আনহাতে শীৰ্ষ স্থান দখল কৰি আছে বাৰ্চিলোনাই ।

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.