ETV Bharat / sports

ক'প্পা ইটালীয়া কাপৰ ফাইনেলত জুভেণ্টাছ

author img

By

Published : Jun 13, 2020, 3:52 PM IST

এছী মিলানৰ সৈতে ড্ৰ' খেলি ক'প্পা ইটালীয়ান ফাইনেলত প্ৰৱেশ জুভেণ্টাছ ফুটবল দলৰ । চলিত বৰ্ষত ক'প্পা ইটালীয়ান ফাইনেলত প্ৰৱেশ কৰা প্ৰথমটো দল হ'ল জুভেণ্টাছ ।

Juventus advance past ac milan to enter coppa italia final
ক'প্পা ইটালীয়া কাপৰ ফাইনেলত জুভেণ্টাছ

স্পৰ্টছ ডেস্ক, 13 জুনঃ ক'প্পা ইটালীয়ান কাপৰ ফাইনেলত প্ৰৱেশ কৰিবলৈ সক্ষম হ'ল ক্ৰিষ্টিয়ানো ৰ'নাল্ডো তাৰকাধীন জুভেণ্টাছ ফুটবল দল । তুৰীণৰ এলিয়াঞ্জ ষ্টেডিয়ামত অনুষ্ঠিত হোৱা দ্বিতীয়খন ছেমিফাইনেলত এছী মিলানৰ সৈতে গ'ল শূণ্য ড্ৰ' খেলাৰ পাচতেই এই কৃতিত্ব লাভ কৰে দলটোৱে । 13 ফেব্ৰুৱাৰীত অনুষ্ঠিত হোৱা প্ৰথমখন ছেমিফাইনেল মেচখনো 1-1 গ'লত ড্ৰ'ত সমাপ্ত হৈছিল । ফলত Away goal ৰ বিনিময়তে ফাইনেলত প্ৰৱেশ কৰিবলৈ সক্ষম হয় জুভেণ্টাছ দলটোৱে ।

ক'প্পা ইটালীয়া কাপৰ ফাইনেলত জুভেণ্টাছ

এক সংবাদ সংস্থাৰ মতে, শুকুৰবাবে দৰ্শক বিহীন ষ্টেডিয়ামত অনুষ্ঠিত কৰা হৈছিল এই ছেমীফাইনেল মেচখন । অৱশ্যে এই মেচখন ইয়াৰ পূৰ্বে চাৰি মাৰ্চত অনুষ্ঠিত হোৱাৰ কথা আছিল । কিন্তু COVID-১৯ ৰ বাবেই স্থগিত কৰা হৈছিল । COVID-১৯ ৰ পাচতেই ইটালীত এইটো আছিল প্ৰথমখন মেচ ।

দ্বিতীয়খন ছেমিফাইনেল মেচৰ পূৰ্বে ইটালীত মৃত্য়বৰণ কৰাৰ লোকৰ প্ৰতি শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰি এক মিনিটৰ মৌন প্ৰাৰ্থনাও কৰা হয় ।

এছী মিলান দলটোৱে শুকুৰবাৰে কৰ'ণা ভাইৰাছৰ বিৰুদ্ধে যুঁজিবলৈ 650,000 ইউৰ' একত্ৰিত কৰিবলৈ সক্ষম হোৱা বুলি জানিবলৈ দিয়ে ।

লগতে চাওকঃ কা আন্দোলনত জড়িত হোৱাৰ অভিযোগত নগাঁৱৰ তিনি শিক্ষকক নিলম্বন

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.