ETV Bharat / sports

ক'ভিড-19 ত আক্ৰান্ত ইটালী ফুটবল দলৰ প্ৰশিক্ষক মানচিনি

author img

By

Published : Nov 7, 2020, 8:01 PM IST

ক'ভিড-19 ত আক্ৰান্ত ইটালী ফুটবল দলৰ প্ৰশিক্ষক ৰবাৰ্টো মানচিনি ৷ বৰ্তমান ৰোমত আইশ্ব'লেছনত আছে মানচিনি ৷

Italy coach Roberto Mancini tests positive for COVID-19
ইটালী ফুটবল দলৰ প্ৰশিক্ষক মানচিনি

স্পৰ্টছ ডেস্ক, 7 নৱেম্বৰ : ক'ভিড-19 ত আক্ৰান্ত হৈছে ইটালী ফুটবল দলৰ মুখ্য প্ৰশিক্ষক ৰবাৰ্টো মানচিনি ৷ শনিবাৰে এই তথ্য প্ৰদান কৰে ইটালীয়ান ফুটবল ফেডাৰেছনে (FIGC) ৷ FIGC য়ে কয় যে, 55 বৰ্ষীয় মানচিনিৰ দেহত কোনো লক্ষণ প্ৰত্যক্ষ হোৱা নাই আৰু তেওঁ নিজ বাসগৃহতে আইশ্ব'লেছনত আছে ৷

এক চৰকাৰী বিবৃতিত FIGC য়ে কয়, "ক'ভিড-19 ত আক্ৰান্ত হৈছে ইটালীৰ মুখ্য প্ৰশিক্ষক ৰবাৰ্টো মানচিনি ৷ তেওঁৰ দেহত কোনো লক্ষণ নাই আৰু নিৰ্দেশনা অনুসৰি ৰোমত তেওঁ আইশ্ব'লেছনত আছে ৷"

এই সম্পৰ্কত FIGC য়ে স্থানীয় স্বাস্থ্য কৰ্তৃপক্ষক জানিবলৈ দিয়ে ৷ প্ৰয়োজনীয় সকলো নিৰ্দেশনা সম্পূৰ্ণ কৰাৰ অন্তত মানচিনিয়ে দলৰ সৈতে কোভাৰচিয়ানোত যোগদান কৰিব পাৰিব ৷

বুধবাৰে এষ্টোনিয়াৰ বিৰুদ্ধে এখন মেচত অৱতীৰ্ণ হ'ব ইটালী ৷ ইয়াৰ পাচতে 15 আৰু 18 নৱেম্বৰত দলটোৱে নেশ্যনছ লীগৰ ফিক্সাৰৰ চূড়ান্ত মেচত ক্ৰমে পোলেণ্ড আৰু বোছনিয়া-হাৰ্জেগোভিনাৰ বিৰুদ্ধে অৱতীৰ্ণ হ'ব ৷

লগতে পঢ়ক : RCB ৰ অধিনায়কৰ পৰা কোহলীক অব্যাহতি দিয়াৰ সময় : গম্ভীৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.