ETV Bharat / sports

ভাৰতৰত্ন অটল বিহাৰী বাজপেয়ীৰ জন্মতিথি উপলক্ষে ফুটবল প্ৰতিযোগিতা

ভাৰতৰত্ন প্ৰয়াত অটল বিহাৰী বাজপেয়ীৰ জন্মদিন উপলক্ষে মৰাণত আৰম্ভ হ'ল ফুটবল প্ৰতিযোগিতা ৷

ভাৰতৰত্ন অটল বিহাৰী বাজপেয়ীৰ জন্মতিথি উপলক্ষে ফুটবল প্ৰতিযোগিতা
ভাৰতৰত্ন অটল বিহাৰী বাজপেয়ীৰ জন্মতিথি উপলক্ষে ফুটবল প্ৰতিযোগিতা
author img

By

Published : Dec 24, 2020, 6:13 PM IST

মৰাণ, 24 ডিচেম্বৰ : কাইলৈ অৰ্থাৎ 25 ডিচেম্বৰত ভাৰতৰত্ন প্ৰয়াত অটল বিহাৰী বাজপেয়ীৰ জন্মতিথি । অটল বিহাৰী বাজপেয়ীৰ জন্মতিথি উপলক্ষে বৃহস্পতিবাৰৰ পৰা মৰাণত দুদিনীয়াকৈ আৰম্ভ হৈছে আমন্ত্ৰণমূলক প্ৰাইজমণি ফুটবল প্ৰতিযোগিতা ।

লগতে পঢ়ক : বাজপেয়ীৰ দূৰদৰ্শীতাৰ বাবেই 1965 চনত থমকিবৈ বাধ্য হৈছিল চীনা সৈন্য

ডিব্ৰুগড় জিলা ভাৰতীয় যুৱ মৰ্চাৰ সভাপতি জোন্টি গগৈয়ে পতাকা উত্তোলন কৰাৰ পাছতে প্ৰথম দিনাৰ কাৰ্যসূচী আৰম্ভ কৰে আপকুৰ মুখ্য উপদেষ্টা শোভিত কুমাৰ চেত্ৰীয়ে । ইয়াৰ পাছতে মৰাণ চাহ বাগিচা ফুটবল দল আৰু মিৰহোলা ফুটবল ক্লাবৰ মাজত প্ৰথমখন উদ্বোধনী খেল আৰম্ভ হয় । মৰাণ চাহ বাগিচা খেলপথাৰ (আমগুৰি লাইন)ত অনুুুুষ্ঠিত দুয়োটা দিনৰ খেল কেইখন 'এ' আৰু 'বি' দুটা গ্ৰুপত ভাগ কৰা হৈছে ।

ভাৰতৰত্ন অটল বিহাৰী বাজপেয়ীৰ জন্মতিথি উপলক্ষে ফুটবল প্ৰতিযোগিতা

লগতে পঢ়ক : বাজপেয়ীৰ প্ৰথম মৃত্যুবাৰ্ষিকীত সশ্ৰদ্ধ প্ৰণাম

ইয়াৰে 'এ' গ্ৰুপৰ দলকেইটা ক্ৰমে মিৰহোলা এফ চি, মৰাণ টি ষ্টেট, মৰাণ টাউন ক্লাৱ ফুটবল একাডেমী আৰু ৰাজগড় জি স্পৰ্টচ একাডেমী । আনহাতে 'বি' গ্ৰুপৰ দলকেইটা ক্ৰমে মৰাণ ফুটবল একাডেমী, চেপন স্পৰ্টচ এচ'চিয়েচন, হল'গুৰি এফ চি আৰু ৰাজগড় এফ চি ।

এই দুয়োটা গ্ৰুপৰ পৰা জয়ী হোৱা দল দুটাৰ মাজত কাইলৈ অৰ্থাৎ শুকুৰবাৰে অনুষ্ঠিত হ'ব চূড়ান্ত খেলখন । উদ্বোধনী অনুষ্ঠানত ডিব্ৰুগড় যুব মৰ্চাৰ সভাপতি জোন্টি গগৈ আৰু সম্পাদক ৰুবুল বৰুৱা, সমাজকৰ্মী ভাস্কৰ বৰুৱা, মৰাণ জিলা ক্ৰীড়া সন্থাৰ সম্পাদক সঞ্জীৱ বৰুৱাকে ধৰি বহু কেইজন বিশিষ্ট ব্যক্তি উপস্থিত থাকে ।

লগতে পঢ়ক : দ্বিতীয় মৃত্যুবাৰ্ষিকীত অটল বিহাৰী বাজপেয়ীক সশ্ৰদ্ধ সোঁৱৰণ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.