ETV Bharat / sports

সৰুসজাই ষ্টেডিয়ামত ফিফাৰ যোগ্যতা অৰ্জনকাৰী খেল

গুৱাহাটীৰ সৰুসজাই ষ্টেডিয়ামত ফিফা বিশ্বকাপ, 2022 ৰ যোগ্যতা অৰ্জনকাৰী মেচ অনুষ্ঠিত হ'ব ৷ 5 ছেপ্তেম্বৰত অনুষ্ঠিত হ'বলগা মেচখনত সমুখ সমৰত নামিব ভাৰত আৰু ওমান ৷

author img

By

Published : Aug 25, 2019, 7:37 PM IST

সৰুসজাই ষ্টেডিয়ামত ফিফাৰ যোগ্যতা অৰ্জনকাৰী মেচ

গুৱাহাটী, 25 আগষ্ট : ফুটবল প্ৰেমীৰ বাবে সুখবৰ ৷ এইবাৰ গুৱাহাটীত অনুষ্ঠিত হ'ব আন্তঃৰাষ্ট্ৰীয় ফুটবল মেচ ৷ গুৱাহাটীৰ সৰুসজাই ষ্টেডিয়ামত ফিফা বিশ্বকাপ, 2022 ৰ যোগ্যতা অৰ্জনকাৰী মেচ অনুষ্ঠিত হ'ব ৷ 5 ছেপ্তেম্বৰত অনুষ্ঠিত হ'বলগা মেচখনত সমুখ সমৰত নামিব ভাৰত আৰু ওমান ৷ কাটাৰ বিশ্বকাপলৈ যোগ্যতা অৰ্জনৰ বাবে ভাৰত আৰু ওমানে ইতিমধ্যেই আৰম্ভ কৰিছে কঠোৰ অনুশীলন ৷ ভাৰতে ঘৰুৱা মাটিত ওমানক পৰাস্ত কৰাৰ ৰণকৌশল প্ৰস্তুত কৰিলেও শক্তিশালী ওমানেও অনুশীলনত কোনো ক্ৰুটি ৰখা নাই ৷

ভাৰত বনাম ওমান
সৰুসজাই ষ্টেডিয়ামত ফিফাৰ যোগ্যতা অৰ্জনকাৰী মেচ

সুনীল চেত্ৰীৰ নেতৃত্বত ভাৰতীয় দলত অসমৰ দুই সুযোগ্য খেলুৱৈ হলিচৰণ নাৰ্জাৰী আৰু বিনিত ৰায়ে খেলাৰ সুযোগ লাভ কৰিছে ৷ ইতিমধ্যে খেলৰ সকলো প্ৰস্তুতি সম্পূৰ্ণ হৈ উঠা বুলি ঘোষণা কৰিছে অসম ফুটবল সন্থাই ৷ দ্বিতীয়বাৰৰ বাবে গুৱাহাটীত ফিফাৰ এই যোগ্যতা অৰ্জনকাৰী মেচ অনুষ্ঠিত কৰা হৈছে ৷ এয়া অসমৰ খেলজগতৰ বাবে এক ইতিবাচক বাৰ্তা ।

সৰুসজাই ষ্টেডিয়ামত ফিফাৰ যোগ্যতা অৰ্জনকাৰী মেচ

আনহাতে, তিনিটা শ্ৰেণীত নিৰ্ধাৰণ কৰা হৈছে খেলৰ টিকট মূল্য । ছাত্ৰ - ছাত্ৰীসকলৰ বাবে ঘোষণা কৰা হৈছে বিশেষ ৰেহাই ব্যৱস্থা ৷ ইতিমধ্যে বুক মাই শ্ব'ত উপলব্ধ হৈ পৰিছে ভাৰত - ওমানৰ মেচৰ টিকট ।

Intro:Gfx-1) গুৱাহাটীত ফুটবলৰ মহাৰণ।
2) সৰুসজাই ষ্টেডিয়ামত ফিফা বিশ্বকাপ 2022ৰ যোগ্যতা নিৰ্ধাৰণকাৰী খেল।
3) ৫ ছেপ্তেম্বৰত সমুখসমৰত ভাৰত আৰু ওমান।

V/O1- ফুটবলপ্ৰেমীৰ বাবে এক সুখবৰ। পুণৰ গুৱাহাটীত অনুষ্ঠিত হ'ব আন্তঃৰাষ্ট্ৰীয় ফুটবল মেচ। আই এছ এলৰ পিছত সৰুসজাই খেলপথাৰত ফিফা বিশ্বকাপৰ যোগ্যতা নিৰ্ণয়কাৰী খেল। এই খেলত ভাৰত সন্মূখত থাকিব শক্তিশালী ওমান। ৫ ছেপ্তেম্বৰত হ'ব এই মহাৰণ। দুই দলৰ দুভৰিৰ যাদুত অধিক ৰোমাঞ্চকৰ হৈ পৰিব এই খেল। কাটাৰ বিশ্বকাপলৈ যোগ্যতা অৰ্জনৰ বাবে ভাৰত-ওমানে ইতিমধ্যেই আৰম্ভ কৰিছে কঠোৰ অনুশীলন। ভাৰতে ঘৰুৱা মাটিত ওমানক পৰাস্ত কৰাৰ ৰণকৌশল প্ৰস্তুত কৰিছে। কিন্তু শক্তিশালী ওমানেও অনুশীলনত কোনো ক্ৰুটি এৰিব বিচৰা নাই। খেলৰ সকলো প্ৰস্তুতি সম্পূৰ্ণ কৰিছে অসম ফুটবল সন্থাই।
Byte- হেমেন্দ্ৰ নাথ ব্ৰহ্ম, সাধাৰণ সম্পাদক(অসম ফুটবল সন্থা)

Body:End V/O- ইফালে সুনীল চেত্ৰীৰ নেতৃত্বত ভাৰতীয় দলটো অধিক আত্মবিশ্বাসী হৈ উঠিছে। অসমৰ হলিচৰণ নাৰ্জাৰী আৰু বিনিত ৰায় থাকিব ভাৰতীয় দলটো। ফুটবলৰ এই মহাযুজৰ বাবে সাঁজু সৰুসজাই খেলপথাৰ। দ্বিতীয়বাৰৰ বাবে গুৱাহাটীত ফিফাৰ এই যোগ্যতা নিৰ্ধাৰণকাৰী খেল। এই খেলে অসমৰ খেলজগতৰ বাবে কঢ়িয়াই আনিব এক ইতিবাচক বাৰ্তা। আনহাতে তিনিটা শ্ৰেণীত নিৰ্ধাৰণ কৰা হৈছে খেল টিকটৰ মূল্য। ছাত্ৰ-ছাত্ৰীসকলৰ বিশেষ ৰেহাইৰো ব্যৱস্থা কৰা হৈছে। ইতিমধ্যেই বুক মাই শ্ব'ত উপলব্ধ হৈছে ভাৰত-ওমানৰ মেচৰ টিকট। মুঠৰ ওপৰত পুনৰ ফুটবল জ্বৰ আক্ৰান্ত হৈ উঠিব গুৱাহাটীবাসী।

Conclusion:HIRUL HAQUE I GUWAHATI
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.