ETV Bharat / sports

ইউৰো কাপৰ ফাইনেলত ইংলেণ্ড-ইটালী

author img

By

Published : Jul 8, 2021, 2:27 PM IST

Updated : Jul 12, 2021, 8:14 AM IST

২-১ গ’লত ডেনমাৰ্কৰ আশাত চেঁচা পানী ঢালি ইংলেণ্ডে প্ৰৱেশ কৰে ইউৰো কাপৰ ফাইনেলত । আজি নিশা ইউৰো কাপৰ ফাইনেলত মুখামুখি হ'ব ইংলেণ্ড-ইটালী ।

ইউৰো কাপৰ ফাইনেলত ইংলেণ্ড
ইউৰো কাপৰ ফাইনেলত ইংলেণ্ড

স্প’ৰ্টছ ডেস্ক, 8 জুলাই : সুদীৰ্ঘ ৫৫ বছৰৰ পিছত ইউৰো কাপ(Euro cup)ৰ ফাইনেল খেলিব ইংলেণ্ডে । ছেমি ফাইনেলত ডেনমাৰ্ক(Denmark)ৰ বিৰুদ্ধে জয়ী হৈ ফাইনেলৰ পথ মুকলি কৰে ইংলেণ্ড দলটোৱে । ইখনৰ পিছত সিখন ৰোমাঞ্চকৰ মেচ দেখিবলৈ পোৱা গৈছে ইউৰো কাপ ২০২০ ত । স্পেইন আৰু ইটালীৰ মাজৰ প্ৰথমখন শ্বাসৰূদ্ধকৰ ছেমি ফাইনেলৰ পিছত ইউৰো কাপৰ এইবাৰ আন এখন ঐতিহাসিক ছেমি ফাইনেলৰ সাক্ষী হৈ ৰ'ল দৰ্শকসকল ।

দ্বিতীয়খন ছেমি ফাইনেলত ২-১ গ’লত ডেনমাৰ্কৰ আশাত চেঁচা পানী ঢালি ইংলেণ্ডে প্ৰৱেশ কৰে ইউৰোপিয়ান চেম্পিয়নশ্বিপৰ ফাইনেলত । ইফালে ইংলেণ্ডৰ বাবে এই জয় এক ইতিহাস হিচাপে ৰৈ গৈছে । কিয়নো ১৯৬৬ চনৰ পিছত প্ৰথমবাৰলৈ আন্তঃৰাষ্ট্ৰীয় প্ৰতিযোগিতাৰ ফাইনেলত প্ৰৱেশ কৰিছে ইংলেণ্ডে । ১৯৬৬ চনৰ বিশ্বকাপৰ চেম্পিয়নশ্বিপৰ খিতাপ আছিল ইংলেণ্ডৰ একমাত্ৰ আন্তঃৰাষ্ট্ৰীয় খিতাপ ।

বিগত ৫৫ বছৰত ইংলেণ্ডৰ দলটোৱে বিশ্বকাপ বা ইউৰোপিয়ান চেম্পিয়নশ্বিপত ৪ বাৰ ছেমি ফাইনেলত পৰাজিত হৈছে । ইয়াৰে ১৯৯০, ১৯৯৬ আৰু ২০১৮ এই তিনিটা বছৰত পেনাল্টিৰ ওপৰত নিৰ্ণায়ক সিদ্ধান্ত লোৱা হৈছিল । সেয়েহে দলটোৰ বাবে এই বিজয় আছিল অতি গুৰুত্বপূৰ্ণ । ইফালে ছেমি ফাইনেল খনৰ দ্বিতীয়াৰ্ধ শেষ হোৱালৈ দুয়োটা দলৰে স্ক'ৰ ১-১ আছিল । কিন্তু অতিৰিক্ত সময়ত ইংলেণ্ডে এটা পেনাল্টি লাভ কৰে । ১০৪ মিনিটত এই পেনাল্টিটোৰ জৰিয়তে হেৰী কেনে ইংলেণ্ডৰ বাবে বিজয়ী গ’ল কৰিবলৈ সক্ষম হয় ।

কিন্তু প্ৰথমতে পেনাল্টিটো ৰক্ষা কৰিছিল ডেনমাৰ্কৰ গ’লকীপাৰ কাস্পাৰ শ্মিচেলে অৱশ্যে বলটো উভটি অহাত হেৰী কেনে পুনৰ গ’লটো পোষ্টৰ ফালে মাৰি পঠিয়ায় । যাৰ ফলত ইংলেণ্ডে ছেমি ফাইনেলত বিজয় সাব্যস্ত কৰিবলৈ সক্ষম হয় । এয়া ডেনমাৰ্কৰ বাবে অতি আবেগিক মুহুৰ্ত আছিল ৷ কিয়নো ডেনিছ ফুটবলাৰ ক্ৰিষ্টিয়ান এৰিক্সনৰ (Christian Eriksen) আঘাতৰ পিছত প্ৰত্যাহ্বান হিচাপে ইউৰো কাপৰ পৰৱৰ্তী খেল কেইখনত অৱতীৰ্ণ হৈছিল দলটো ।

ইফালে জেনচেন আঘাতপ্ৰাপ্ত হোৱাৰ পিছতে ডেনমাৰ্কে অতিৰিক্ত সময়ত মাত্ৰ ১০ গৰাকী খেলুৱৈৰে খেলিবলগীয়া হৈছিল । যাৰ বাবে কিছু সমস্যাৰ সন্মুখীন হৈছিল ডেনিছ দলটো । মিক্কেল ডেমছগাৰ্ডে ৩০ মিনিটত ডেনমাৰ্কৰ হৈ একমাত্ৰ গ’লটো কৰিবলৈ সক্ষম হয় ৷ আনহাতে হেৰী কেনৰ উপৰিও চাইমন কেজাৰে ৩৯ মিনিটত ইংলেণ্ডৰ বাবে বহুমূলীয়া গ’ল কৰিবলৈ সক্ষম হয় । 11 জুলাইত নিশা ইউৰো কাপৰ ফাইনেলত মুখামুখি হ'ব ইংলেণ্ড-ইটালী ।

লগতে পঢ়ক: স্পেইনৰ আশা ভংগ কৰি Euro cup ৰ ফাইনেলত ইটালী

Last Updated : Jul 12, 2021, 8:14 AM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.