স্পৰ্টচ ডেস্ক, 12 জুলাই : সদ্যসমাপ্ত ইউৰোপিয়াৰ চেম্পিয়নশ্বীপত (Europian Championship) সৰ্বাধিক গ’ল দিয়া খেলুৱৈৰ খিতাপ লাভ কৰিছে পৰ্টুগালৰ ফৱৰৱাৰ্ড খেলুৱৈ ক্ৰিষ্টিয়ানো ৰোনাল্ড’ৱে (Cristiano ronaldo) ৷ শৃংখলাখনত 5 টা গ’ল প্ৰদান কৰি এই খিতাপ দখল কৰিবলৈ সক্ষম হৈছে খলুৱৈগৰাকীয়ে ৷
উল্লেখ্য যে, চেক গণৰাজ্যৰ (Czech Republic) ফৰৱাৰ্ড খেলুৱৈ পেট্ৰিক চীক (Patrik Schick) আৰু ৰোনাল্ড’ৰ গ’লৰ সংখ্যা সমান যদিও ৰোনাল্ড’ৱে আন এটা গ’লত এচিষ্ট কৰা বাবে এই খিতাপ লাভ কৰে ৷
পৰ্টুগালে শৃংখলাৰ 16 নম্বৰ ৰাউণ্ডত বেলজিয়াৰ বিপৰীতে 1-0 গ’ল পৰাজিত হোৱাৰ পিছতে শৃংখলাৰ পৰা বাহিৰ হ’বলগীয়া হয় ৷
লগতে পঢ়ক- ইটালীৰ শিৰত ইউৰো কাপৰ খিতাপ