স্পৰ্টছ ডেস্ক, 1 জুলাই : এছিয়ান ফুটবল ফেডাৰেশ্বনে মঙলবাৰে প্ৰকাশ কৰা অনুসৰি, অন্য চাৰিখন দেশৰ সৈতে ভাৰতেও 2027 চনত অনুষ্ঠিত হ'বলগীয়া এছিয়ান কাপ অনুষ্ঠিত কৰাৰ দৌৰত ভাৰতৰ নামো আছে ৷ এই দৌৰত থকা আন চাৰিখন দেশ হৈছে ইৰান, কাটাৰ, ছৌদি আৰব আৰু উজবেকিস্তান ৷
ফেডাৰেশ্বনে এইসমূহ দেশৰ সৈতে সংযোগত আছে আৰু সকলো দিশ পৰীক্ষণ তথা প্ৰচেষ্টা সম্পূৰ্ণ হোৱাৰ অন্তত অন্তিম সময়ত এছিয়ান কাপ অনুষ্ঠিত কৰা দেশখনৰ নাম ঘোষণা কৰা হ'ব ৷ ফেডাৰেশ্বনৰ সভাপতি শ্বেইখ চলমান বিন ইব্ৰাহিম অল খালিফাই আটাইকেইখন দেশে এছিয়ান কাপ অনুষ্ঠিত কৰাৰ বাবে দেখুওৱা আন্তৰিকতাক ধন্যবাদ জ্ঞাপন কৰে ৷

এই পাঁচখন দেশৰ ভিতৰত দুখন দেশে 1956 চনৰ পৰা আৰম্ভ হোৱা এছিয়ান কাপ ইতিমধ্যে দুবাৰকৈ অনুষ্ঠিত কৰিছে ৷ ইয়াৰ ভিতৰত কাটাৰে 1988 আৰু 2011 আৰু ইৰানে 1968 আৰু 1976 চনত এই টুৰ্নামেন্ট অনুষ্ঠিত কৰিছিল ৷

টুৰ্নামেন্টৰ তিনিবাৰকৈ চেম্পিয়ন ছৌদি আৰব আৰু ভাৰতে শেহতীয়াকৈ উজবেকিস্তানৰ সৈতে একেলগে 2022 চনৰ মহিলা এছিয়ান কাপ অনুষ্ঠিত কৰাৰ সৌভাগ্য লাভ কৰিছে ৷ চলিত বৰ্ষৰ 19 অনুৰ্ধ এছিয়ান কাপ প্ৰথমবাৰৰ বাবে অনুষ্ঠিত কৰা উজবেকিস্তানে এছিয়ান কাপ প্ৰথমবাৰৰ বাবে অনুষ্ঠিত কৰাৰ দৌৰত আছে ৷
লগতে পঢ়কঃ ১০ বছৰৰ বাবে নিলম্বন ফীফাৰ ভাৰপ্ৰাপ্ত সাধাৰণ সম্পাদক মাৰ্ক্স কাট্টনাৰ