ETV Bharat / sports

WORLD CUP 2023: ছেমিফাইনেলত পাকিস্তানৰ বিৰুদ্ধে ভাৰতৰ খেল চাব খোজে গাংগুলীয়ে - ICC world cup news

ভাৰতৰ বিৰুদ্ধে বিশ্বকাপ 2023 ত কাক অৱতীৰ্ণ হোৱাতো বিচাৰে আপুনি ? ভাৰতীয় দলৰ প্ৰাক্তন অধিনায়ক সৌৰভ গাংগুলীয়ে বিচাৰিছে পাকিস্তানৰ বিৰুদ্ধে ভাৰতে খেলক ছেমি ফাইনেল ৷

Sourav Ganguly on World Cup 2023
WORLD CUP 2023
author img

By ETV Bharat Assamese Team

Published : Nov 9, 2023, 10:12 PM IST

স্প’ৰ্টছ ডেস্ক, 9 নৱেম্বৰ: ভাৰতীয় ক্ৰিকেট দলৰ প্ৰাক্তন অধিনায়ক তথা ভাৰতীয় ক্ৰিকেট নিয়ন্ত্ৰণ ব’ৰ্ডৰ প্ৰাক্তন সভাপতি সৌৰভ গাংগুলীয়ে বিচাৰিছে ইডেন গাৰ্ডেনত অনুষ্ঠিত হ’বলগীয়া আই চি চি বিশ্বকাপ 2023ৰ ছেমি ফাইনেলত পাকিস্তানৰ বিৰুদ্ধে অৱতীৰ্ণ হওক ভাৰত । আফগানিস্তানৰ বিৰুদ্ধে অষ্ট্ৰেলিয়াৰ বেটছমেন গ্লেন মেক্সৱেলে বিস্ফোৰক বেটিঙেৰে দলটোক জয়ী কৰাৰ বাবেই ছেমি ফাইনেলত ভাৰত আৰু পাকিস্তান মুখামুখি হোৱাৰ সম্ভাৱনা প্ৰকট হৈ পৰিছে ।

আই চি চিৰ নিয়ম অনুসৰি যদি পাকিস্তানে ছেমি ফাইনেলত প্ৰৱেশ কৰে তেন্তে তেওঁলোকে নিজৰ নকআউট খেলখন আইকনিক ইডেন গাৰ্ডেনত খেলিব । অৱশ্যে বাবৰ আজমৰ নেতৃত্বাধীন দলটোৱে ছেমি ফাইনেললৈ অগ্ৰগতি লাভৰ বাবে বহু পৰিমাণে নিৰ্ভৰ কৰিব লাগিব শনিবাৰে অনুষ্ঠিত হ’বলগীয়া অন্তিমখন গ্ৰুপ লীগত ইংলেণ্ডৰ বিৰুদ্ধে লাভ কৰা সফলতাৰ ওপৰত ।

বৃহস্পতিবাৰে যাদৱপুৰ বিশ্ববিদ্যালয়ৰ দ্বিতীয় চৌহদত গাংগুলীয়ে কয় যে, "ভাৰত আৰু পাকিস্তানক ছেমি ফাইনেলত খেলিবলৈ দিয়ক । মইও সেইটো বিচাৰো । দৰ্শকে এখন উপভোগ্য মেচ চোৱাৰ সুযোগ পাব ।"

একেৰাহে 8 খন মেচত অপৰাজিত হৈ আছে ভাৰত । ৰোহিত শৰ্মা এণ্ড কোম্পানীয়ে বিজয়ৰ বাটত বিপক্ষক ধৰাশায়ী কৰিছে । বহুতে কয় যে ভাৰতীয় দলটোৱে ফৰ্মৰ শিখৰত উপনীত হৈছে । অৱশ্যে সৌৰভে এনে এটা চিন্তাক উলাই কৰিলে ।

তেওঁ লগতে কয়, "আঠখন মেচ সম্পূৰ্ণ হৈছে । গতিকে আগতে শীৰ্ষ ফৰ্মত উপনীত হোৱাৰ লাভ কি ? মই বিচাৰো ৰোহিত বাহিনীয়ে এঘাৰখন মেচতে জয়ী হওক । আমি আঠখন মেচত জয়ী হোৱাৰ পিছত ছেমি ফাইনেলত প্ৰৱেশ কৰিলোঁ ।"

2003 চনত গাংগুলীৰ নেতৃত্বত ভাৰতীয় দলটোৱে দক্ষিণ আফ্ৰিকাত বিশ্বকাপৰ ফাইনেলত প্ৰৱেশ কৰিছিল যদিও ৰানাৰ্ছ আপৰ স্থানতে সন্তুষ্ট থাকিবলগীয়া হৈছিল । গাংগুলীয়ে এতিয়া ৰোহিতৰ হাতত থকা ট্ৰফীটো চাব বিচাৰে ।

মহম্মদ শ্বামীক গাংগুলীয়ে ব্যাপক প্ৰশংসা কৰা দেখা যায় । প্ৰাক্তন অধিনায়কগৰাকীয়ে কয়, ‘‘শ্বামী বিশ্বকাপৰ শ্ৰেষ্ঠ বলাৰ ।’’ অৱশ্যে গ্লেন মেক্সৱেলৰ ঐতিহাসিক ইনিংছক এদিনীয়া ইতিহাসৰ শ্ৰেষ্ঠ ইনিংছ হিচাপে ৰেটিং দিবলৈ পক্ষপাতী নহয় বংগৰ প্ৰাক্তন ক্ৰিকেটাৰগৰাকী ৷

"ফেণ্টাষ্টিক ইনিংছ । কিন্তু শ্ৰেষ্ঠ বলিং লাইন আপৰ বিৰুদ্ধে নহয় । আনকি শ্ৰেষ্ঠ অধিনায়কৰ বিৰুদ্ধেও নহয় । কিন্তু এই ইনিংছটো আটাইতকৈ ডাঙৰ নহয় । মই ভাল ইনিংছ দেখিছো । মই দেখিছো শচীন তেণ্ডুলকাৰ আৰু বিৰাট কোহলীয়েও ভাল ইনিংছ খেলিছে ৷’’ গাংগুলীয়ে লগতে কয় ৷

"কিন্তু পৰিস্থিতিৰ পৰা বিচাৰ কৰিলে মই ক'ম যে এই ইনিংছটো অসাধাৰণ ৷ কাৰণ পেশীৰ সমস্যা, গ্লেনে সঠিকভাৱে থিয় হ’ব পৰা নাছিল আৰু দৌৰিবও পৰা নাছিল । দলৰ 9 নম্বৰ বেটছমেনৰ সৈতে ডাঙৰ শ্বট লোৱাটো প্ৰশংসনীয় । কিন্তু মই কোহলীক দেখিছোঁ। শচীনেও এনে ইনিংছ খেলে ।" তেওঁ পুনৰ কয় ৷

ইফালে, বৃহস্পতিবাৰৰে পৰা যাদৱপুৰ বিশ্ববিদ্যালয়ৰ দ্বিতীয় চৌহদত চলি আছে দিল্লী কেপিটেলছ শিবিৰ । প্ৰশিক্ষক ৰিকি পণ্টিঙৰ সৈতে শিবিৰত যোগদান কৰিছে ঋষভ পণ্টে ।

লগতে পঢ়ক: CWC 2023 : আজি নক আউট পৰ্যায়ৰ বাবে অন্তিম টিকট বিক্ৰী

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.