ETV Bharat / sports

World Cup 2023: ইডেনত পাকিস্তানৰ হাতত 7 উইকেটত পৰাস্ত বাংলাদেশ - CWC 2023 India

চলিত আইচিচি পুৰুষ ক্ৰিকেট বিশ্বকাপৰ ৩১ নম্বৰ মেচত মঙলবাৰে এছিয়াৰ দুই প্ৰতিদ্বন্দ্বী পাকিস্তান আৰু বাংলাদেশ পৰস্পৰৰ মুখামুখী হয় । ইডেনত অনুষ্ঠিত খেলখনত বাংলাদেশক 7 উইকেটত পৰাস্ত কৰে পাকিস্তানে ৷

বিশ্বকাপত অস্তিত্ব বৰ্তাই ৰখাৰ যুঁজত বাংলাদেশৰ বিৰুদ্ধে পাকিস্তান
CWC 2023
author img

By ETV Bharat Assamese Team

Published : Oct 31, 2023, 5:07 PM IST

Updated : Oct 31, 2023, 8:56 PM IST

স্পৰ্টছ ডেস্ক, ৩১ অক্টোবৰ : কলকাতাৰ ইডেন গাৰ্ডেনত অনুষ্ঠিত বিশ্বকাপ ক্ৰিকেট 2023 ৰ এখন লীগ মেচত মঙলবাৰে বাংলাদেশক 7 উইকেটত পৰাস্ত কৰে পাকিস্তানে ৷ দুয়োটা দলৰ বাবেই গুৰুত্বপূৰ্ণ হিচাপে বিবেচিত খেলখনত টচত জিকি প্ৰথমে বেটিঙৰ সিদ্ধান্ত লয় বাংলাদেশে ৷ কিন্তু দুৰ্বল বেটিঙৰ বাবে 45.1 অভাৰতে 204 ৰাণ কৰি অল আউট হয় শ্বাকিব বাহিনী ৷ 205 ৰাণৰ লক্ষ্য অনুসৰণ কৰি পাকিস্তানে 32.3 অভাৰত 3 উইকেট হেৰুৱাই বিজয় সাব্যস্ত কৰে ৷

প্ৰথমে বেটিং কৰি বাংলাদেশ আৰম্ভণিৰ পৰাই বেটিং বিপৰ্যজয়ৰ সন্মুখীন হয় ৷ মাত্ৰ 23 ৰাণতে দলটোৱে হেৰুৱাই টপ অৰ্ডাৰৰ তিনিগৰাকী বেটচমেন ক্ৰমে টানঝিদ হাছান(0), সান্টু(4) আৰু মুশ্বফিকিউৰ ৰহিম(5)ক ৷ অপেনাৰ লিটন দাস আৰু পঞ্চম স্থানত বেটিং কৰিবলৈ অহা মহম্মদুল্লাহে দলৰ স্ক’ৰ আগুৱাই নিয়ে যদিও 20.5 অভাৰত 102 ৰাণ হওতেই লিটন দাস আউট হয় ৷ দাসে 64 টা বল খেলি 45 ৰাণ কৰে ৷

ইয়াৰ পিচতে বেটিং কৰিবলৈ অহা অধিনায়ক শ্বাকিব অল হাছানে মহম্মদু্ল্লাহৰ সৈতে স্ক’ৰ ব’ৰ্ডত কিছু ৰাণ যোগ দিয়ে ৷ দলৰ স্ক’ৰ 130 হওতেই 56 ৰাণ কৰি আউট হয় মহম্মদুল্লাহ ৷ তাৰ পাচতেই তৌহিদ হৃদয়ো 7 ৰাণ কৰিয়েই পেভিলিয়নলৈ ওভতে ৷ মেহদি হাছান আৰু শ্বাকিবে দলৰ হৈ কিছু অৰিহণা যোগায় যদিও 185 ৰাণ হওতেই শ্বাকিব (43) আৰু 200 ৰাণ হওতে মেহদি হাছান(25) আউট হয় ৷ তাৰ পাচতেই দলটোৱে 204 ৰাণতে আটাইকেইটা উইকেট হেৰুৱাই ৷

পাকিস্তানৰ হৈ শ্বাহীন আফ্ৰিদিয়ে 3 টা, মহম্মদ ৱাচিম জুনিয়ৰে 3 টা, হাছান ৰৌফে 2 টা, ইফতিখাৰে 1 টা আৰু উছামা মিৰে 1 টা উইকেট দখল কৰে ৷

205 ৰাণৰ লক্ষ্য আগত লৈ বেটিং আৰম্ভ কৰা বাবৰ বাহিনীৰ দুই অপেনাৰ আব্দুল্লাহ আৰু ফখৰ জামানে শক্তিশালী বেটিং কৰে ৷ আব্দুল্লাই 68 ৰাণ আৰু ফখৰে 81 ৰাণৰ বৰঙণি আগবঢ়ায় ৷ কিন্তু আজিও ৰাণ কৰাত ব্যৰ্থ হয় বাবৰ আজম ৷ মাত্ৰ 9 ৰাণ কৰিয়েই আউট হয় বাবৰ ৷ মহম্মদ ৰিজোৱান আৰু ইফতিখাৰে দলক বিজয় লক্ষ্যত উপনীত কৰে ৷ ফখৰ জামানক প্লেয়াৰ অৱ দ্য মেচ ঘোষণা কৰা হয় ৷

যদি পইন্ট টেবুললৈ চোৱা যায়, পাকিস্তানে বৰ্তমানলৈকে 7 খন খেল খেলি 3 খনত জয়লাভ কৰাৰ বিপৰীতে 4 খনত পৰাজয় বৰণ কৰিছে ৷ মুঠ 6 পইন্টেৰে তালিকাৰ পঞ্চম স্থানত আছে পাক বাহিনী ৷ ইফালে বাংলাদেশে মুঠ 7 খন খেলৰ 1 খনত জয়ী হোৱাৰ বিপৰীতে 6 খনতেই পৰাজয় বৰণ কৰি তালিকাৰ নৱম স্থানত আছে ৷ তালিকাৰ শীৰ্ষত আছে 12 পইন্টেৰে ভাৰত আৰু একেবাৰে অন্তিম স্থানত আছে 2 পইন্টেৰে ইংলেণ্ড ৷

শ্বাহিন আফ্ৰিদী এদিনীয়া ক্ৰিকেটত তৃতীয় দ্ৰুততম ১০০ উইকেট দখল কৰা বলাৰ হিচাপে পৰিগণিত হয় । তেওঁ ৫১ খন মেচত ১০০ সংখ্যক উইকেট দখল কৰে । আনহাতে, নেপালৰ সন্দীপ লামিছানেই ৪২ খন মেচত ১০০ টা এদিনীয়া উইকেট দখল কৰি শততম উইকেট দখল কৰা দ্ৰুততম বলাৰ হিচাপে পৰিগণিত হৈ আছে । ইয়াৰ উপৰি ৪৪ খন মেচত সমসংখ্যক উইকেট দখল কৰি ৰাশ্বিদ খান দ্বিতীয়, ৫২ খন মেচেৰে মিচেল ষ্টাৰ্ক চতুৰ্থ আৰু ৫৩ খন মেচত ১০০ টা উইকেট দখল কৰি ছাকলেইন মুস্তাক পঞ্চম স্থানত আছে ।

দল দুটা

বাংলাদেশ : লিটন দাস, তানজিদ হাচান, নাজমুল হুছেইন শান্তো, শ্বাকিব-আল-হাচান (অধিনায়ক), মুশফিকুৰ ৰহিম (উইকেটৰক্ষক), মাহমুদুল্লা, তৌহিদ হৃদয়, মেহিদী হাচান মিৰাজ, তাস্কিন আহমেদ, মুস্তাফিজুৰ ৰহমান, শ্বৰিফুল ইছলাম ।

পাকিস্তান : আব্দুল্লা ছফিক, ফখৰ জামান, বাবৰ আজম (অধিনায়ক), মহম্মদ ৰিজৱান (উইকেটৰক্ষক), চাউদ শাকিল, ইফতিখাৰ আহমেদ, আঘা চলমান, শ্বাহিন আফ্ৰিদী, ওচামা মীৰ, মহম্মদ ৱাছিম জুনিয়ৰ, হাৰিছ ৰৌফ ।

লগতে পঢ়ক :World Cup 2023 : ছামীৰ হাতৰ যাদুত ধৰাশায়ী ইংলেণ্ড, দুখন মেচত ৯ টা উইকেট লাভ

Last Updated : Oct 31, 2023, 8:56 PM IST
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.