ETV Bharat / sports

World Cup 2023: বিশ্বকাপৰ পৰা বাহিৰ কেন উইলিয়ামছন !

বিশ্বকাপ 2023 চি থকাৰ মাজতে নিউজীলেণ্ডৰ বাবে এক নিৰাশাজনক খবৰ ৷ বাকীখেল কেইখনত অংশ ল’ব নোৱাৰিব কিৱি অধিনায়ক কেন উইলিয়ামছনে ৷

Kane Williamson suffers fracture
Kane Williamson suffers fracture
author img

By ETV Bharat Assamese Team

Published : Oct 14, 2023, 5:33 PM IST

স্প’ৰ্টছ ডেস্ক, 14 অক্টোবৰ: দুৰ্বাৰ গতিত চলি আছে আই চি চি বিশ্বকাপ 2023 ৷ ইয়াৰ মাজতে নিউজীলেণ্ড দলৰ বাবে আহিছে এক দুঃখবৰ ৷ যিটো খবৰে নিউজীলেণ্ডৰ বিশ্বকাপ জয়ৰ আশাক স্তিমিত কৰি তুলিছে ৷ বাওঁহাতৰ বুঢ়া আঙুলিৰ আঘাতৰ বাবে অনাগত খেলকেইখন খেলাৰ পৰা বিৰত থাকিব লাগিব কিৱি বাহিনীৰ অধিনায়ক কেন উইলিয়ামছন ৷ বাংলাদেশৰ সৈতে হোৱা খেলখনত বাওঁহাতৰ বুঢ়া আঙুলিত আঘাত পায় উইলিয়ামছনে ৷

ইতিমধ্যে দলটোক প্ৰথম দুখনমান খেলত নিয়মীয়া অধিনায়কে নেতৃত্ব দিব পৰা নাছিল ৷ এতিয়া পৰৱৰ্তী খেল কেইখনতো কেন উইলিয়ামছনৰ অনুপস্থিতিয়ে বিপক্ষৰ কঠিন বলিং আক্ৰমণৰ বিৰুদ্ধে তেওঁলোকৰ বেটিং ইউনিটত প্ৰভাৱ পেলাব পাৰে । নিউজীলেণ্ডৰ তাৰকা বেটছমেন উইলিয়ামছনে বাংলাদেশৰ বিৰুদ্ধে খেলত আঘাত পায় আৰু স্কেনত বুঢ়া আঙুলিত তেওঁৰ আঘাতৰ কথা পোহৰলৈ আহে ।

  • Ferry services between India and Sri Lanka will enhance connectivity, promote trade and reinforce the longstanding bonds between our nations. https://t.co/VH6O0Bc4sa

    — Narendra Modi (@narendramodi) October 14, 2023 " class="align-text-top noRightClick twitterSection" data=" ">

নিউজীলেণ্ডৰ প্ৰশিক্ষক গেৰী ষ্টেডে কয় যে তেওঁ আশাবাদী যে বেটছমেনজনে এতিয়াও ৰাষ্ট্ৰীয় দলটোৰ হৈ প্ৰতিযোগিতাখনত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিব পাৰিব ।

‘‘প্ৰথমতে, আমি সকলোৱে অনুভৱ কৰিছো যে কেনে (উইলিয়ামছন) আঁঠুৰ আঘাতৰ পৰা উভতি আহিবলৈ কৰা সকলো কঠোৰ পৰিশ্ৰমৰ পিছত এই ঘটনা ঘটিছে । যদিও ই হতাশাজনক খবৰ, তথাপি প্ৰাৰম্ভিক নিদানে আমাক কিছু আশাবাদ দিছে যে তেওঁ এতিয়াও কিছু সময়ৰ জিৰণিৰ অন্তত পুল প্লে’ত তেওঁ খেলিব পাৰিব । কেন উইলিয়ামছন স্পষ্টভাৱে আমাৰ দলৰ এক বৃহৎ অংশ আৰু এজন বিশ্বমানৰ খেলুৱৈ তথা অধিনায়ক ৷ গতিকে আমি তেওঁক প্ৰতিটো সুযোগ দিবলৈ বিচাৰিম যাতে তেওঁ প্ৰতিযোগিতাখনলৈ ঘূৰি আহিব পাৰে ।’’ নিউজীলেণ্ড ক্ৰিকেট ।

ৱেলিংটন ফায়াৰবাৰ্ডছৰ বেটছমেন টম ব্লাণ্ডেলে কভাৰ হিচাপে ভাৰতলৈ যাত্ৰা কৰিব, যদিহে দলটোৱে আঘাতপ্ৰাপ্ত উইলিয়ামছনক সলনি কৰিব লগা হয় । প্ৰশিক্ষক ষ্টেডে মন্তব্য কৰে যে বেটিং ক্ৰমত তেওঁৰ নমনীয়তাই দলটোৰ বাবে উপযোগী হ’ব ।

‘‘টম পাকিস্তান আৰু বাংলাদেশ ভ্ৰমণৰ সময়ত এদিনীয়া দলটোত আছিল আৰু ভাল প্ৰদৰ্শন আগবঢ়াইছিল । বেটিং অৰ্ডাৰত তেওঁ একাধিক পজিচন কভাৰ কৰে আৰু তেওঁৰ উইকেটৰক্ষক হিচাপে দক্ষতাও দলৰ বাবে অতিৰিক্ত বোনাচ ।’’ ষ্টেডে কয় ৷

লগতে পঢ়ক: Cricket in Olympics: ২০২৮ ৰ অলিম্পিকত অন্তৰ্ভুক্ত হোৱাৰ দিশে ক্ৰিকেট

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.