ETV Bharat / sports

RCB ৰ কেপ্তেইন পদৰ পৰা পদত্যাগ কৰিব কোহলীয়ে - বিৰাট কোহলী

টী20 ফৰমেটত কেপ্তেইন পদৰ পৰা পদত্যাগ কৰাৰ সিদ্ধান্ত ৰাজহুৱা কৰাৰ দুদিন পিছতে আন এক বিস্ফোৰক সিদ্ধান্ত কোহলীৰ ৷ IPL 2021 ৰ পিছতে RBC ৰ কেপ্তেইন পদৰ পৰাও পদত্যাগ কৰিব কোহলীয়ে ৷

Virat to step down from the RCB captaincy after IPL 2021
IPL 2021ৰ পিছতে RCBৰ কেপ্টেইন পদৰ পৰা পদত্যাগ কৰিব কোহলীয়ে
author img

By

Published : Sep 20, 2021, 8:44 AM IST

স্প’ৰ্টছ ডেস্ক, 20 ছেপ্তেম্বৰ : IPL 2021 ৰ পিছত Royal Challengers Bangalore ৰ অধিনায়ক পদৰ পৰা পদত্যাগ কৰিব বিৰাট কোহলীয়ে ৷ দেওবাৰে এই সিদ্ধান্তৰ কথা ঘোষণা কৰে কোহলীয়ে ৷

দেওবাৰে এটি ভিডিঅ’ বাৰ্তাযোগে পদত্যাগৰ কথা ঘোষণা কৰি কোহলীয়ে কয়, "RCB ৰ কেপ্তেইন হিচাপে এইখনেই মোৰ শেষৰখন খেল ৷ ইয়াৰ পিছত মই মোৰ শেষৰখন IPL মেচলৈকে দলটোৰ এজন খেলুৱৈ হিচাপেহে খেলিম ৷ মই RCB ৰ অনুৰাগীসকলক মোৰ ওপৰত বিশ্বাস ৰখাৰ লগতে মোক সহযোগ কৰাৰ বাবে ধন্যবাদ জ্ঞাপন কৰিছো" ৷

তেওঁ লগতে কয় যে, মই এই বিষয়ে দলৰ অন্যান্য সদস্যসকলৰ সৈতে আলোচনা কৰিছো ৷ এই চিন্তা বহুসময় ধৰি মোৰ মনলৈ আহিছিল ৷ কাৰণ শেহতীয়াকৈ মই মোৰ দায়িত্বৰ ভাৰ কিছু হ্ৰাস কৰাৰ বাবে টী20 ফৰমেটত কেপ্তেইন পদৰ পৰা পদত্যাগৰ সিদ্ধান্ত লৈছো ৷ মই কিদৰে আগুৱাব পাৰো সেই সন্দৰ্ভত স্পষ্ট হ’ব বিচাৰো ৷ মই মেনেজমেণ্টক সকলো স্পষ্ট কৰি দিছো যে মই RCB ৰ বাহিৰে অন্য দলৰ হৈ IPL ত খেলাৰ কথা ভাবিব নোৱাৰো ৷

লগতে পঢ়ক : আজিৰ দিনটোতে 6 বলত ছয়টা ছিক্সৰে অভিলেখ গঢ়িছিল যুৱৰাজ সিঙে

2008 চনত IPL ৰ প্ৰথম সংস্কৰণৰ সময়তেই কোহলীক দলত অন্তৰ্ভূক্ত কৰা হৈছিল ৷ 2013 চনত তেওঁক দলৰ অধিনায়কৰ দায়িত্ব অৰ্পণ কৰা হয় ৷ যদিও RCB য়ে এবাৰো IPL ৰ খিতাপ দখল কৰিবলৈ সক্ষম হোৱা নাই, কিন্তু তেওঁক নিজৰ ব্ৰেণ্ড ভেল্যুৰ বাবে দলৰ অধিনায়কৰ পদৰ পৰা আঁতৰোৱা হোৱা নাছিল ৷

কোহলীয়ে বৰ্তমানলৈকে 199 খন IPL মেচত 6076 ৰাণ সংগ্ৰহ কৰিছে ৷ 2016 চনত তেওঁ IPL ত সৰ্বাধিক ৰাণ সংগ্ৰহ কৰি Orange Cap দখল কৰিবলৈ সক্ষম হৈছিল ৷

উল্লেখ্য যে, মাত্ৰ দুদিন পূৰ্বে কোহলীয়ে অহা মাহত অনুষ্ঠিত হ’বলগীয়া টী20 বিশ্বকাপৰ সমাপ্তিৰ পিছতে টী20 ফৰমেটত কেপ্তেইন পদৰ পৰা পদত্যাগ কৰাৰ কথা ঘোষণা কৰিছিল ৷

লগতে পঢ়ক : IPL 2021 : খেলপথাৰত নামিব চেন্নাই চুপাৰ কিংছ বনাম মুম্বাই ইণ্ডিয়ানছ

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.