ETV Bharat / sports

ছানৰাইজাৰ্ছ হায়দৰাবাদত মিচেল মাৰ্শৰ স্থান ল'লে জেচন ৰয়ে

আইপিএলত ছানৰাইজাৰ্ছ হায়দৰাবাদ দলত মিছেল মাৰ্শৰ স্থান ল'লে জেচন ৰয়ে । ব্যক্তিগত কাৰণত অষ্ট্ৰেলিয়াৰ অলৰাউণ্ডাৰজনে অস্বীকাৰ কৰাৰ পিছতে জেচন ৰয়ক অন্তৰ্ভূক্ত কৰা হয় দলত ।

ছানৰাইজাৰ্ছ হায়দৰাবাদত মিচেল মাৰ্শৰ স্থান ল'লে জেচন ৰয়ে
ছানৰাইজাৰ্ছ হায়দৰাবাদত মিচেল মাৰ্শৰ স্থান ল'লে জেচন ৰয়ে
author img

By

Published : Mar 31, 2021, 10:25 PM IST

স্পৰ্টছ ডেস্ক, ৩১ মাৰ্চ: অহা ৯ এপ্ৰিলৰ পৰা আৰম্ভ হ'বলগীয়া আইপিএলত ছানৰাইজাৰ্ছ হায়দৰাবাদ দলত মিছেল মাৰ্শৰ স্থান ল'লে জেচন ৰয়ে । ব্যক্তিগত কাৰণত অষ্ট্ৰেলিয়াৰ অলৰাউণ্ডাৰজনে অস্বীকাৰ কৰাৰ পিছতে জেচন ৰয়ক অন্তৰ্ভূক্ত কৰা হয় দলত । ২০২০ চনৰ প্ৰথম খেলতে মাৰ্শ আঘাতপ্ৰাপ্ত হৈছিল যাৰবাবে খেলিব পৰা নাছিল ।

২০১০ চনত আইপিএলত প্ৰথম খেল আৰম্ভ কৰাৰ পিছতে মাৰ্শে মুঠ ২১ খন খেল খেলিছে । আনহাতে ৰয়ে ২০১৭ চনত গুজৰাট লায়ন্স দলত অন্তৰ্ভূক্ত হৈ প্ৰথম আইপিএল খেলিছিল ।পৰৱৰ্তী সময়ত ২০১৮ চনত দিল্লীৰ দলটোৰ হৈ খেলিছিল । ৰয়ে মুঠ ৮ খন খেল খেলিছে আৰু এটা অৰ্ধশতকেৰে ১৭৯ ৰাণ সংগ্ৰহ কৰিছে ।

এছআৰএইছে ৰয়ক বেছ প্ৰাইচ ২ কোটি টকাত নিজৰ দলত ৰাখিছে । অৱশ্য়ে শেহতীয়া এদিনীয়া আৰু টি-২০ ত ৰয়ৰ প্ৰদৰ্শন আশানুৰূপ নাছিল ।

লগতে পঢ়ক:বিশ্বকাপৰ এছিয়ান যোগ্যতাত জাপানৰ হাতত ১৪ গ'লত পৰাস্ত মংগোলিয়া

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.