ETV Bharat / sports

ভাৰতে যিকোনো প্ৰকাৰে জয়ী হ'ব লাগিব চতুৰ্থ টি-২০ত

বৃহস্পতিবাৰে অনুষ্ঠিত হ'ব ভাৰত আৰু ইংলেণ্ডৰ মাজত চতুৰ্থখন টি-২০ মেচ । চতুৰ্থখন টি-২০ অতি আকৰ্ষণীয় হ'ব বুলি আশা কৰা হৈছে । কিয়নো ভাৰতীয় দলটোৱে শৃংখলাত বৰ্তি থাকিবলৈ আৰু ইংলেণ্ডেও শৃংখলাত আগবাঢ়ি থাকিবলৈ বিজয়ৰ সম্পূৰ্ণ চেষ্টা অব্যাহত ৰাখিব ।

ভাৰতে যিকোনো প্ৰকাৰে জয়ী হ'ব লাগিব চতুৰ্থ টি-২০ত
ভাৰতে যিকোনো প্ৰকাৰে জয়ী হ'ব লাগিব চতুৰ্থ টি-২০ত
author img

By

Published : Mar 18, 2021, 7:49 PM IST

স্পৰ্টছ ডেস্ক,১৮ মাৰ্চ: বৃহস্পতিবাৰে অনুষ্ঠিত হ'ব ভাৰত আৰু ইংলেণ্ডৰ মাজত চতুৰ্থখন টি-২০ মেচ । এই খেলত যিকোনো প্ৰকাৰে জয়ৰ লক্ষ্য আগত ৰাখিছে ভাৰতীয় দলটোৱে । এতিয়া সকলোৰে দৃষ্টি থাকিব কেনেদৰে ভাৰতীয় দলটোৱে খেলখনত প্ৰতিদ্বন্দ্বিতা কৰে । কিয়নো ইতিমধ্যে ভাৰতীয় দলটোৱে ইংলেণ্ডৰ হাতত দুখন খেলত পৰাজিত হৈছে । সেয়ে এইখেলখন অতি গুৰুত্বপূৰ্ণ হ'ব দলটোৰ বাবে ।

অৱশ্যে ভাৰতে প্ৰথম বেটিঙৰ সুবিধা পাব নে বলিঙৰ সুবিধা পাব সেয়া লক্ষণীয় হব কিয়নো শৃংখলাৰ দুখন খেলত ভাৰতে প্ৰথমে বেটিঙৰ সিদ্ধান্ত গ্ৰহণ কৰিছিল আৰু পৰাজিত হৈছিল ৷ প্ৰতিখন খেলতে ভাৰতে পাৱাৰপ্লে'ত সংগ্ৰাম কৰিবলগীয়া হৈছিল আৰু একোজন বেটছমেনে ভাল প্ৰদৰ্শন কৰিলেও দলীয় মুঠ ৰাণত প্ৰভাৱান্বিত কৰিছিল ।

দলত পূৰ্বৰ খেলুৱৈসকলেই খেলিব নে নতুন কোনোবা অন্তৰ্ভূক্ত হ'ব তাকলৈও চিন্তা চৰ্চা চলিছে । অৱশ্যে বিৰাট কোহলীয়ে ইতিমধ্যে নিশ্চিতি প্ৰদান কৰিছে যে অপেনিঙত ৰোহিত শৰ্মা আৰু কে এল ৰাহুলৰ যুগলবন্দী অব্যাহত থাকিব ।

ইফালে কোহলীয়ে তৃতীয় খেলৰ পিছত কৰা মন্তব্যৰ পৰা এটা কথা অনুমান কৰিব পাৰি যে হাৰ্দিক পাণ্ডিয়া আৰু ৱাশ্বিংটন সুন্দৰৰ সৈতে এজন তৃতীয় অলৰাউণ্ডাৰ হিচাপে ৰাহুল টেৱাটিয়া বা অক্সৰ পেটেল । হাৰ্দিক পাণ্ডিয়াক যি আশাত দলত অন্তৰ্ভূক্ত কৰা হৈছে কিন্তু সেই ফল দেখুৱাব পৰা নাই আনহাতে ভূৱনেশ্বৰ কুমাৰে নতুন বলৰ সৈতে এই খেলত ভাল প্ৰদৰ্শন কৰিব বুলি আশা কৰা হৈছে ।

অৱশ্যে শৃংখলাত পিছপৰি থাকিলেও ভাৰতীয় দলটোৰ ১১ জনীয়া তালিকাৰ পৰিৱৰ্তন নোহোৱাৰ আশা কৰা হৈছে । ইফালে ভাৰতীয় দলৰ দৰেও ইংলেণ্ডেও শৃংখলাত আগবাঢ়ি থাকিবলৈ বিজয়ৰ সম্পূৰ্ণ চেষ্টা অব্যাহত ৰাখিব । মুঠতে চতুৰ্থখন টি-২০ অতি আকৰ্ষণীয় হ'ব বুলি আশা কৰা হৈছে ।

লগতে পঢ়ক:পথ সুৰক্ষা শৃংখলা: ফাইনেলত তেণ্ডুলকাৰৰ নেতৃত্বাধীন ভাৰতীয় দল

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.