স্পৰ্টছ ডেস্ক, ৭ নৱেম্বৰ : বাংলাদেশ ক্ৰিকেট দলৰ বাবে মোক্ষম আঘাত । চলিত বিশ্বকাপৰ পৰৱৰ্তী মেচত অংশগ্ৰহণ কৰিব নোৱাৰে অভিজ্ঞ অলৰাউণ্ডাৰ তথা বাংলাদেশৰ অধিনায়ক চাকিব আল হাচানে । তেওঁ বাঁওহাতৰ তৰ্জনী আঙুলিত আঘাতৰ বাবে চলিত ক্ৰিকেট বিশ্বকাপৰ পৰা বাহিৰ হৈছে । সোমবাৰে দিল্লীৰ অৰুণ জেটলী ষ্টেডিয়ামত শ্ৰীলংকাৰ বিৰুদ্ধে বাংলাদেশৰ অন্তিম লীগ পৰ্যায়ৰ মেচত বেটিং কৰি থাকোঁতে চাকিব আঘাতপ্ৰাপ্ত হৈছিল ।
উল্লেখ্য যে মেচখনত শ্ৰীলংকাৰ বিৰুদ্ধে বাংলাদেশৰ তিনি উইকেটৰ বিজয়ত চাকিবে গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছিল । তেওঁ ৮২ ৰাণ সংগ্ৰহ কৰিছিল । শ্ৰীলংকাৰ বিৰুদ্ধে মেচৰ পিছত কৰা এক্স-ৰেত তেওঁৰ আঙুলি ভঙাটো নিশ্চিত হয় । উল্লেখ্য যে ১১ নৱেম্বৰত পুনেৰ মহাৰাষ্ট্ৰ ক্ৰিকেট এছ'চিয়েচন ষ্টেডিয়ামত পাঁচবাৰৰ চেম্পিয়ন অষ্ট্ৰেলিয়াৰ বিৰুদ্ধে বাংলাদেশে অন্তিম লীগ মেচত অৱতীৰ্ণ হ'ব । কিন্তু তাৰ পূৰ্বেই চাকিব টুৰ্ণামেণ্টখনৰ বাহিৰ হ'বলগীয়া হয় ।
বাংলাদেশ দলৰ ফিজিঅ' বাইজেদুল ইছলাম খানে আঘাতৰ বিষয়ে কয়, "চাকিবে তেওঁৰ ইনিংছৰ আৰম্ভণিতে বাঁওহাতৰ তৰ্জনী আঙুলিত আঘাত পায় । কিন্তু সহায়ক টেপিং আৰু পেইনকিলাৰেৰে তেওঁ বেটিং অব্যাহত ৰাখিছিল ।" খানে আন্তৰ্জাতিক ক্ৰিকেট পৰিষদৰ (আইচিচি) ৱেবছাইটত এনেদৰে কয় ।
"তেওঁৰ বাঁও পিআইপি গাঁঠিৰ ফ্ৰেকচাৰ নিশ্চিত কৰাৰ পিছত দিল্লীত জৰুৰীকালীন এক্স-ৰে কৰায় । সুস্থ হৈ উঠিবলৈ তেওঁৰ তিনিৰ পৰা চাৰি সপ্তাহ সময় লাগিব । তেওঁ মঙলবাৰে বাংলাদেশলৈ ৰাওনা হ'ব ।" বাংলাদেশ দলৰ ফিজিঅ'ই লগতে কয় ।
উল্লেখ্য যে চাকিবে ৬৫ টা বলত ১২ টা চাৰি আৰু দুটা ছয়েৰে এক মেচ বিজয়ী ৮২ ৰাণ ইনিংছ খেলে । যাৰ বাবে শ্ৰীলংকাৰ বিৰুদ্ধে তিনি উইকেটৰ বিজয়ৰ পথ প্ৰশস্ত হয় । আনহাতে, আৰম্ভণিতে তেওঁ বল হাতত লৈ ৫৭ ৰাণৰ বিনিময়ত দুটা উইকেট দখল কৰে । তীব্ৰ উত্তেজনাপূৰ্ণ মেচখনত অলৰাউণ্ডৰ সুন্দৰ প্ৰদৰ্শনৰ বাবে তেওঁক মেচৰ শ্ৰেষ্ঠ বঁটা প্ৰদান কৰা হয় ।
অৱশ্যে মেচৰ সময়ত চাকিবে শ্ৰীলংকাৰ এঞ্জেলো মেথিউজক টাইম আউট দিয়াৰ বাবে আহ্বান জনোৱাক লৈ বিতৰ্কৰো সৃষ্টি হয় । যাৰ বাবে এই নিয়মত আউট হোৱা আন্তৰ্জাতিক ক্ৰিকেটত প্ৰথমগৰাকী ক্ৰিকেটাৰ হয় মেথিউজ ।
লগতে পঢ়ক :World Cup 2023 : বুধবাৰে নেদাৰলেণ্ডৰ বিৰুদ্ধে সন্মান ৰক্ষাৰ যুঁজত ইংলেণ্ড