স্প’ৰ্টছ ডেস্ক, 6 নৱেম্বৰ: চলিত বিশ্বকাপ 2023 ত ভাৰতীয় ক্ৰিকেট দলৰ অপ্ৰতিৰোধ্য প্ৰদৰ্শনে আচৰিত কৰি তুলিছে ক্ৰিকেট জগতৰ লগতে প্ৰতিগৰাকী অনুৰাগীক ৷ বেটিং, বলিং, ফিল্ডিং আদি প্ৰতিটো দিশতে খেলপথাৰত নিজৰ বিস্ফোৰক প্ৰদৰ্শন দেখুৱাবলৈ সক্ষম হৈছে মেন ইন ব্লু ৷ বৰ্তমানলৈকে ভাৰতে বিশ্বকাপ 2023 ৰ লীগ পৰ্যায়ৰ 8 খন খেল খেলিছে আৰু আটাইকেইখনতে জয়লাভ কৰি মুঠ 16 পইন্টেৰে তালিকাৰ শীৰ্ষত আছে ৷ ভাৰতৰ এই প্ৰদৰ্শন চৰ্চাৰ বিষয় হৈ পৰিছে আন দেশসমূহৰ বাবেও ৷
প্ৰথমখন খেলত অষ্ট্ৰেলিয়াক পৰাস্ত কৰাৰ পিচত ভাৰতে ক্ৰমে আফগানিস্তান, পাকিস্তান, বাংলাদেশ, নিউজিলেণ্ড, ইংলেণ্ড, শ্ৰীলংকা আৰু দক্ষিণ আফ্ৰিকাকো পৰাস্ত কৰে ৷ ইয়াৰ ভিতৰত শেষৰ দুখন খেল আছিল বিশেষভাৱে লেখত ল’বলগীয়া ৷ যোৱা 2 নৱেম্বৰত শ্ৰীলংকাক 302 ৰাণৰ বৃহৎ ব্যৱধানত পৰাস্ত কৰাৰ পাচত ৰোহিত বাহিনীয়ে দেওবাৰে দক্ষিণ আফ্ৰিকাকো 243 ৰাণৰ ব্যৱধানত পৰাস্ত কৰে ৷
যি দক্ষিণ আফ্ৰিকাই ভাৰতৰ সৈতে খেলাৰ আগলৈকে 7 খন খেলৰ 6 খনতে চমকপ্ৰদ বিজয় সাব্যস্ত কৰি আহিছিল ৷ ভাৰততকৈ দলীয় ৰাণৰেটো ভাল আছিল দঃ আফ্ৰিকাৰ ৷ কিন্তু ইডেনত খেলা খেলখনত ভাৰতীয় বলাৰৰ সমুখত কোনো এগৰাকী দঃ আফ্ৰিকাৰ বেটচ মেনেই বেছি সময় টিকি থাকিব নোৱাৰিলে ৷ 327 ৰাণৰ লক্ষ্য অনুসৰণ কৰি মাত্ৰ 83 ৰাণতে অল আউট হয় দঃ আফ্ৰিকা ৷
ভাৰতীয় বলাৰৰ এই বিধ্বংসী আক্ৰমণক প্ৰশংসাৰে ওপচাই পেলাইছে ইংলেণ্ডৰ প্ৰাক্তন খেলুৱৈ মাইকেল ভনে ৷ তেওঁ X ত এটা পোষ্ট কৰি কয় যে যদি বুমৰাহে যদি আউট কৰিব নোৱাৰে তেন্তে চিৰাজে আউট কৰে ৷ যদি চিৰাজৰ দ্বাৰাও উইকেট লোৱা সম্ভৱ নহয় তেন্তে ছামীয়ে উইকেট লয় ৷ যদি ছামী বিফল হয় তেন্তে জাডেজা আৰু জাডেজা বিফল হ’লে কুলদ্বীপৰ পৰা নিস্তাৰ পোৱা নাযায় ৷
-
So if Bumrah doesn’t get you Siraj will .. If Siraj doesn’t get you Shami will .. If Shami doesn’t get you Jadeja will & If Jadeja doesn’t get you Kuldeep will .. #India #CWC2023 @clubprairiefire
— Michael Vaughan (@MichaelVaughan) November 5, 2023 " class="align-text-top noRightClick twitterSection" data="
">So if Bumrah doesn’t get you Siraj will .. If Siraj doesn’t get you Shami will .. If Shami doesn’t get you Jadeja will & If Jadeja doesn’t get you Kuldeep will .. #India #CWC2023 @clubprairiefire
— Michael Vaughan (@MichaelVaughan) November 5, 2023So if Bumrah doesn’t get you Siraj will .. If Siraj doesn’t get you Shami will .. If Shami doesn’t get you Jadeja will & If Jadeja doesn’t get you Kuldeep will .. #India #CWC2023 @clubprairiefire
— Michael Vaughan (@MichaelVaughan) November 5, 2023
ভাৰতীয় বলাৰসকলে বিশ্বকাপত নিজৰ প্ৰদৰ্শনেৰে সকলোকে আচৰিত কৰি দিছে ৷ মহম্মদ ছামীয়ে শেহতীয়া চাৰিখন মেচত 16 টা উইকেট দখল কৰিছে ৷ ইয়াৰ ভিতৰত দুখন মেচত 5 টাকৈ উইকেট দখল কৰিছে ভাৰতীয় পেচাৰগৰাকীয়ে ৷ দঃ আফ্ৰিকাৰ বিৰুদ্ধে ৰবীন্দ্ৰ জাডেজাই স্পীনৰ যাদু দেখুৱায় পাঁচটা উইকেট দখল কৰে ৷ ছামী আৰু কুলদ্বীপেও দুটাকৈ উইকেট দখল কৰে ৷
নিজৰ প্ৰথমখন মেচত ভাৰতে অষ্ট্ৰেলিয়াক 200 তকৈও কম ৰাণত আউট কৰে ৷ একেদৰে তৃতীয়খন মেচত পাকিস্তানক তাতোকৈ কম ৰাণত বান্ধি ৰাখিবলৈ সক্ষম হয় ৷ ইফালে শ্ৰীলংকা, দঃ আফ্ৰিকা আৰু ইংলেণ্ডক 100 তকৈও কম ৰাণত বান্ধি ৰাখে ৷ ভাৰতীয় বলাৰৰ প্ৰদৰ্শন দেখি হতচকিত হোৱা পাকিস্তানৰ পূৰ্ব ক্ৰিকেটাৰ হাছান ৰাজাই উদ্ভট মন্তব্য কৰা পৰিলক্ষিত হৈছে ৷ এটি টিভি শ্ব’ত তেওঁ কয় যে, ভাৰতীয় বলাৰক বিশেষভাৱে প্ৰস্তুত কৰা বল দিয়া হৈছে ৷ লগতে DRS পদ্ধতিতো ভাৰতে চক্ৰান্ত কৰা বুলি প্ৰাক্তন পাক ক্ৰিকেটাৰগৰাকীয়ে অভিযোগ তুলিছে ৷
লগতে পঢ়ক: ICC World Cup 2023: অপ্ৰতিৰোধ্য ভাৰত, ইডেনত দক্ষিণ আফ্ৰিকাৰ বিৰুদ্ধে 243 ৰাণত জয় লাভ মেন ইন ব্লুৰ