নেশ্যনেল ডেস্ক,২২ এপ্ৰিল: আইপিএল ২০২১ ৰ ১৬ নং খেলখন বৃহস্পতিবাৰে অনুষ্ঠিত হৈছে ৰয়েল চেলেঞ্জাৰ্ছ বেংগালুৰু আৰু ৰাজস্থান ৰয়েলছৰ মাজত । ৱাংখেড়েত অনুষ্ঠিত এই খেলখনত ইতিমধ্যে টচত জয়ী হৈ বলিঙৰ সিদ্ধান্ত লৈছে আৰচিবিয়ে । ইফালে দুয়োটা দলতে এজনকৈ খেলুৱৈৰ সালসলনি কৰা হৈছে । কেন ৰিচাৰ্ডচনে আৰচিবিৰ প্লেয়িং ইলেভেনত ৰজত পাতিদাৰৰ স্থান লৈছে ৷ আনহাতে জয়দেৱ উনাদকাটৰ স্থানত ৰাজস্থানৰ দলত অন্তৰ্ভূক্ত হৈছে শ্ৰেয়ছ গোপাল ।
টচৰ সময়ত ৰাজস্থান দলৰ অধিনায়ক সঞ্জু ছেমছনে কয় যে বেটছমেনসকলৰ বাবে প্ৰথমে বেটিং কৰাৰ এটা ভাল অভিজ্ঞতা হ'ব । তেওঁৰ মতে দলৰ প্ৰতিজনে মনৰ পৰা খেলিব লাগিব আৰু ভাল প্ৰদৰ্শন কৰিব লাগিব । ছেমছনে কয় যে আইপিএলত উত্থান-পতন হ'বলৈ গৈ আছে ৷ সেয়ে নিজকে বিশ্বাস কৰাৰ লগতে সতীৰ্থসকলক সমৰ্থন কৰাটো গুৰুত্বপূৰ্ণ ।
আৰচিবিৰ অধিনায়ক বিৰাট কোহলীয়ে টচত জয়ী হৈ বলিঙৰ সিদ্ধান্ত লয় ৷ লগতে কয় যে, ইয়াত ফলাফল কুঁৱলীৰ ওপৰত নিৰ্ধাৰণ কৰিব ।
লগতে পঢ়ক: চেন্নাইৰ অধিনায়ক হিচাপে আইপিএলত ২০০ খন খেল সম্পন্ন ধোনীৰ