ETV Bharat / sports

RCB Vs CSK match: এখন হাই ভল্টেজ মেচত CSK ৰ হাতত 8 ৰাণত পৰাস্ত RCB

author img

By

Published : Apr 17, 2023, 8:32 PM IST

Updated : Apr 18, 2023, 12:47 AM IST

IPL 2023 ৰ এখন গুৰুত্বপূৰ্ণ মেচত সোমবাৰে CSK ৰ হাতত পৰাস্ত হয় RCB (CSK Vs RCB IPL match) ৷ 8 ৰাণত জয়ী হয় ধোনী বাহিনী ৷

RCB Vs CSK match
CSK Vs RCB IPL match

নিউজ ডেস্ক, 17 এপ্ৰিল: আন এখন তীব্ৰ উত্তেজনাপূৰ্ণ মেচৰ সাক্ষী হ’ল IPLৰ দৰ্শক ৷ বেংগালুৰুৰ এম চিন্নাস্বামী ষ্টেডিয়ামত সোমবাৰে অনুষ্ঠিত খেলখন তীব্ৰ প্ৰত্যাহ্বানমূলক হৈ পৰে RCB আৰু CSK দুয়োটা দলৰ বাবেই ৷ কিন্তু অৱশেষত CSK দলে 8 ৰাণত জয়লাভ কৰিবলৈ সক্ষম হয় ৷ কিন্তু দুয়োটা দলৰে প্ৰদৰ্শন আছিল অতিকৈ আকৰ্ষণীয় (CSK Vs RCB IPL match)৷

টচত জিকি প্ৰথমে বলিঙৰ সিদ্ধান্ত গ্ৰহণ কৰে RCB দলে ৷ CSKৰ হৈ অপনিং কৰিবলৈ অহা ৰুতুৰাজ গাইকোৱাড 3 ৰাণতে আউট হোৱাৰ পাচত কনৱে’ আৰু আজিংক্য ৰাহানেয়ে দলৰ স্থিতি মজবুত কৰে ৷ 20 টা বলত 34 ৰাণ কৰি ৰাহানে আউট হোৱাৰ পাচত শিৱম ডুবে আৰু কনৱে’য়ে দলৰ স্ক’ৰ আগুৱাই নিয়ে ৷ 45 টা বলত 6 টা বাউণ্ডেৰী আৰু 6 টা অভাৰ বাউণ্ডেৰী কোবাই 83 ৰাণ কৰি কনৱে’ আউট হয় ৷ শিৱমেও 27 টা বলত 2 টা বাউণ্ডেৰী আৰু 5 টা অভাৰ বাউণ্ডেৰী কোবাই 52 ৰাণ সংগ্ৰহ কৰে ৷ CSKয়ে নিৰ্ধাৰিত 20 অভাৰত 6 টা উইকেট হেৰুৱাই 226 ৰাণ কৰে আৰু RCBক 227 ৰাণৰ লক্ষ্য বান্ধি দিয়ে (IPL CSK Vs RCB match) ৷

RCBৰ অপেনাৰ বিৰাট কোহলীয়ে মাত্ৰ 6 ৰাণ কৰি আউট হোৱাৰ পাচত লোমৰৰো শূন্য ৰাণ কৰিয়েই আউট হয় ৷ কিন্তু ডু প্লেছিছ আৰু মেক্সৱেলৰ বিস্ফোৰক বেটিঙৰ সহায়ত RCB জয়ৰ দিশে আগুৱাই যায় ৷ 12.1 অভাৰত 76 ৰাণ কৰি মেক্সৱেল আউট হয় ৷ 36 টা বল খেলি মেক্সৱেলে 8 টা অভাৰ বাউণ্ডেৰী আৰু 3 টা বাউণ্ডেৰী কোবাই মুঠ 76 ৰাণ সংগ্ৰহ কৰে ৷ অধিনায়ক ডু প্লেচিছে 33 টা বলত 5 টা বাউণ্ডেৰী আৰু 4 টা অভাৰ বাউণ্ডেৰী কোবাই মুঠ 62 ৰৈণ কৰে ৷ দীনেশ কাৰ্তিকে 28 ৰাণৰ বৰঙণি আগবঢ়ায় ৷ শেষৰ অভাৰলৈকে RCBৰ জয়ৰ আশা আছিল যদিও সেয়া সম্ভৱ নহ’ল ৷ 20 অভাৰত 8 টা উইকেট হেৰুৱাই RCBয়ে 218 ৰাণ সংগ্ৰহ কৰে আৰু 8 ৰাণত পৰাস্ত হয় ৷ CSKৰ তুষাৰ দেশপাণ্ডেয়ে 3 টা উইকেট দখল কৰে ৷(IPL 2023 point table) ৷

খেলুৱৈ সকল

RCB- বিৰাট কোহলী, ফাফ ডু প্লেছিছ (C), মহিপাল লমৰৰ, গ্লেন মেক্সৱেল, শ্বাহবাজ আহমেদ, দীনেশ কাৰ্তিক (Wk), হৰ্শল পেটেল, ৱানিন্দু হাছাৰংগা, ৱেইন পাৰ্নেল, বিজয়কুমাৰ ব্যশাক, মহম্মদ চিৰাজ (RCB Vs CSK match live)

CSK- ডেভন কনৱে, ৰুতুৰাজ গাইকৱাড, অজিংক্য ৰাহানে, শিৱম ডুবে, অম্বতি ৰায়ডু, মইন আলী, ৰবীন্দ্ৰ জাদেজা, এম এছ ধোনী (C & Wk), মহীশ থিকছানা, তুষাৰ দেশপাণ্ডে, মথিছা পাথিৰানা (CSK Vs RCB IPL match)

লগতে পঢ়ক: IPL 2023 GT Vs RR match updates: গুজৰাট টাইটানছক 3 উইকেটত পৰাস্ত কৰিলে ৰাজস্থান ৰয়েলছে

Last Updated : Apr 18, 2023, 12:47 AM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.