ETV Bharat / sports

আইপিএল-13 : পাঞ্জাৱৰ বিৰুদ্ধে 157 ৰান সংগ্ৰহ দিল্লী কেপিটেলছৰ

author img

By

Published : Sep 20, 2020, 10:03 PM IST

Updated : Sep 25, 2020, 6:00 PM IST

ডুবাই আন্তঃৰাষ্ট্ৰীয় ষ্টেডিমায়ত অনুষ্ঠিত হোৱা আইপিএলৰ দ্বিতীয়খন মেচত 157 ৰান সংগ্ৰহ দিল্লী কেপিটেলছৰ ৷ জয়ৰ বাবে 158 ৰানৰ প্ৰয়োজন কিংছ ইলেভেন পাঞ্জাৱক ৷ ষ্ট‘ইনিছৰ 21 টা বলত বিস্ফোৰক অৰ্ধশতকীয় ইনিংছ ৷

আইপিএল-13 : পাঞ্জাৱৰ বিৰুদ্ধে 157 ৰান সংগ্ৰহ দিল্লী কেপিটেলছৰ
আইপিএল-13 : পাঞ্জাৱৰ বিৰুদ্ধে 157 ৰান সংগ্ৰহ দিল্লী কেপিটেলছৰ

স্পৰ্টছ ডেস্ক, 20 ছেপ্তেম্বৰ : আইপিএলৰ ত্ৰয়োদশ সংস্কৰণৰ দ্বিতীয়খন মেচত দুৰ্বল আৰম্ভণিৰ পাচত নিৰ্ধাৰতি 20 অভাৰত 8 উইকেট হেৰুৱাই 157 ৰান সংগ্ৰহ দিল্লী কেপিটেলছৰ ৷ দিল্লী দলটোৰ হৈ সৰ্বাধিক 53 ৰান সংগ্ৰহ অষ্ট্ৰেলিয়ান ক্ৰিকেটাৰ মাৰ্কাছ ষ্ট’ইনিছৰ ৷ মেচখনত কিংছ ইলেভেন পাঞ্জাৱ দলটোৱে টছত জয় লাভ কৰি প্ৰথমে দিল্লী কেপিটেলছক বেটিঙৰ বাবে আমন্ত্ৰণ জনায় ৷

প্ৰথমে বেটিং কৰিবলৈ আহিয়ে বিপৰ্যয়ৰ সন্মুখীন হয় দিল্লী কেপিটেলছৰ দলটো ৷ শিখৰ ধাৱন 6 ৰানৰ দলীয় স্ক’ৰতেই ৰান আউট হৈ পেভিলিয়নমুখী হয় ৷ নিজৰ আইপিএল ত্ৰয়োদশ সংস্কৰণৰ প্ৰথমখন মেচতেই শূণ্য ৰানত আউট হয় ধাৱন ৷ ইয়াৰ পাচত যুৱ খেলুৱৈ পৃথ্বী শ্ব’ও 5 ৰান কৰি আউট হৈ পেভিলিয়নলৈ উভতে ৷ ইয়াৰ পাচত 13 ৰানৰ দলীয় স্ক’ৰত দলটোৱে তৃতীয়টো উইকেট হিচাপে হেৰুৱায় শিমৰণ হেটমেয়াৰৰ (7) ৰ ৷

শ্ৰেয়াছ আয়াৰ আৰু ঋষভ পন্ত
শ্ৰেয়াছ আয়াৰ আৰু ঋষভ পন্ত

পিচত দলটোক কিছু স্থিৰতা প্ৰদান কৰে অধিনায়ক শ্ৰেয়াছ আয়াৰ আৰু উইকেটকীপাৰ বেটছমেন ঋষভ পন্তে ৷ আয়াৰে 39 ৰান কৰাৰ বিপৰীতে পন্তে 31 ৰানৰ বৰঙণি আগবঢ়ায় ৷ ইয়াৰ পাচত দিল্লীৰ হৈ মাৰ্কাছ ষ্ট‘ইনিছে 21 টা বলত বিস্ফোৰক অৰ্ধশতকীয় ইনিংছ খেলি দলটোৰ স্ক’ৰ 150 ৰানৰ অতিক্ৰম কৰিবলৈ সক্ষম হয় ৷

শ্বামীৰ তিনিটাকৈ সফলতা
শ্বামীৰ তিনিটাকৈ সফলতা

পাঞ্জাৱ দলটোৰ হৈ মহম্মদ শ্বামীয়ে সুন্দৰ বলিং প্ৰদৰ্শন দেখুৱায় সৰ্বাধিক তিনিটা উইকেট লাভ কৰে ৷ শ্বামীয়ে 4 অভাৰত 15 ৰান দি 3 টা উইকেট দখল কৰে ৷ আনহাতে শ্বেলডন কট্ৰেলে দুটা আৰু ৰবি বিষ্ণইয়ে 1 টাকৈ উইকেট লাভ কৰিবলৈ সক্ষম হয় ৷ পাঞ্জাৱক জয়ৰ বাবে মেচখনত প্ৰয়োজন 158 ৰানৰ ৷

লগতে চাওক-ৰাজস্থান ৰয়েলছৰ অনুৰাগীৰ বাবে দুঃখবৰ

Last Updated : Sep 25, 2020, 6:00 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.