স্পৰ্টছ ডেস্ক, 29 ছেপ্তেম্বৰ : কিংছ ইলেভেন পাঞ্জাৱৰ অধিনায়ক কে. এল. ৰাহুলে বৰ্তমানলৈকে দখল কৰি আছে আইপিএলৰ অৰেঞ্জ কেপ ৷ আনহাতে, একে দলৰে সতীৰ্থ বলাৰ মহম্মদ ছামীয়ে দখল কৰিছে পাৰপল কেপ ৷
বৰ্তমান পৰ্যন্ত ৰাহুলে তিনিখন মেচত সংগ্ৰহ কৰিছে 222 ৰাণ ৷ 1 টা শতক আৰু এটা অৰ্ধ শতকেৰে 222 ৰাণ সংগ্ৰহ কৰা ৰাহুল বৰ্তমান সৰ্বোচ্চ ৰাণ সংগ্ৰহৰ তালিকাত শীৰ্ষ স্থানত অৱস্থান কৰিছে ৷ তেওঁৰ পিচতে আছে দলৰ সতীৰ্থ মায়ংক আগৰৱাল (3 খন মেচত 221 ৰাণ) আৰু চেন্নাই ছুপাৰ কিংছ দলৰ ফাফ ডু প্লেছি (3 খন মেচত 173 ৰাণ) ৷
বলাৰৰ তালিকাত ছামীয়ে 3 খন মেচৰ পৰা সংগ্ৰহ কৰিছে 7 টাকৈ উইকেট ৷ তেওঁৰ পিচতে আছে কাগিছো ৰাবাডা (দুখন মেচত 5 টা উইকেট) আৰু চেন্নাই দলৰ পেচাৰ ছেম কোৰান (3 খন মেচত 5 টা উইকেট) ৷
উল্লেখ্য যে, অৰেঞ্জ কেপ আৰু পাৰপল কেপ প্ৰদান কৰা হয় ক্ৰমে সৰ্বোচ্চ ৰাণ সংগ্ৰহ কৰা বেটছমেন আৰু সৰ্বোচ্চ উইকেট দখল কৰা বলাৰক ৷
লগতে পঢ়ক : আইপিএল 2020 : মুম্বাইৰ বিৰুদ্ধে ৰোমাঞ্চকৰ জয় সাব্যস্ত বেংগালুৰৰ